Logo
image

আমেৰিকাসহ ৬ দেশৰ ভ্ৰমণ-নিষেধাজ্ঞা অসমত, বাধা আহিব পাৰে বিনিয়োগত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ মাৰ্চঃ ‘এডভাণ্টেজ আছাম-২.০’ আয়োজন কৰি বিদেশী বিনিয়োগকাৰীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ ঠিক এমাহ পাছত বিদেশী বিনিয়োগকাৰীৰ অসমলৈ আগমনৰ সম্ভাৱনাত প্ৰবল আঘাত পৰিছে৷ ফেব্ৰুৱাৰীৰ ২৫-২৬ ত গুৱাহাটীত অনুষ্ঠিত হৈছিল বিনিয়োগ সন্মিলন ‘এডভাণ্টেজ আছাম-২.০’৷ য’ত ৭ খন ‘পাৰ্টনাৰ কাণ্ট্ৰি’ৰ উপৰি বহু বিদেশী ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল৷ অসমত উপস্থিত হৈছিল ৬১ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, ২২ খন দেশৰ ৰাষ্ট্ৰদূতৰ পৰিয়ালবৰ্গও তেওঁলোকৰ ভ্ৰমণসংগী হৈছিল৷ ঠিক এমাহ পাছত ২৫ ফেব্ৰুৱাৰীত বিধানসভাৰ অধিৱেশনত পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে প্ৰকাশ কৰিলে, বিশ্বৰ ৬ খন দেশে তেওঁলোকৰ নাগৰিকক অসমৰ আইন শৃংখলা পৰিস্থিতি অনুকূল নোহোৱাৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত সীমাবদ্ধতা (ট্ৰেভেল ৰেষ্ট্ৰিকচনছ) জাৰি কৰিছে৷ সেই ৬ খন দেশৰ ভিতৰত আছে ‘এডভাণ্টেজ আছাম-২.০’ত ‘পাৰ্টনাৰ কাণ্ট্ৰি’ হিচাপে যোগদান কৰা অষ্ট্ৰেলিয়াও৷ অসমৰ আইন শৃংখলা পৰিস্থিতি ভাল নোহোৱাৰ বাবে নিজ দেশৰ নাগৰিকক অসম ভ্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছে অষ্ট্ৰেলিয়াৰ উপৰি আমেৰিকা, নিউজিলেণ্ড, ব্ৰিটেইন, কানাডা আৰু ছুইজাৰলেণ্ডে৷ কংগ্ৰেছৰ বিধায়ক ৰেকিবউদ্দিন আহমেদে কৰা প্ৰশ্নৰ উত্তৰত পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে দিয়া এই উত্তৰে অসমত বিদেশী ৰাষ্ট্ৰৰ কোম্পানীৰ মুকলি বিনিয়োগৰ প্ৰতি শংকাৰ সৃষ্টি কৰিছে৷ যিখন ৰাজ্যলৈ সাধাৰণ পৰ্যটকক ভ্ৰমণ কৰাৰ ক্ষেত্ৰত স্বয়ং সেই দেশৰ চৰকাৰে আইন শৃংখলা পৰিস্থিতিৰ দোহাই দি ভ্ৰমণ নকৰিবলৈ সকিয়াই দিছে, সেইখন অসমলৈ মুকলিমুৰীয়াকৈ বিনিয়োগকাৰী কেনেকৈ আহিব বুলি প্ৰশ্ন উত্থাপন হৈছে৷


বিদেশী বিনিয়োগকাৰীৰ শংকাবিহীনভাৱে অসমত দিনৰ পাছত দিন, মাহৰ পাছত মাহ থকা সম্ভৱ হ’বনে বুলিও প্ৰশ্ন উঠিছে৷ কিয়নো সাধাৰণ পৰ্যটক মাথোঁ কেইদিনমানৰ বাবে ভ্ৰমণলৈ আহে আৰু মূল পৰ্যটনস্থলী ভ্ৰমণ কৰি উভতি যায়৷ অধিক সংখ্যাত পৰ্যটক থকা স্থান প্ৰায়ে নিৰাপদ হয়৷ কিন্তু বিনিয়োগকাৰীৰ বিনিয়োগ বা প্ৰকল্প সাধাৰণতে ভিতৰুৱা স্থানত হয় অথবা ডাঙৰ চহৰ-নগৰৰ বিপৰীতে চহৰৰ পৰা দূৰৈত কাৰখানা ইত্যাদি স্থাপন কৰা হয়৷ তদুপৰি তেনে প্ৰকল্পত দীৰ্ঘদিন ধৰি, বহু সময়ত বছৰ বছৰ ধৰি বিনিয়োগকাৰী কোম্পানীৰ বিষয়া থাকিবলগীয়া হয়৷ যদিহে অসমৰ আইন-শৃংখলা পৰিস্থিতি ভাল নহয় বুলি ৬ খন দেশে নিজ দেশৰ নাগৰিকক সকিয়াই দিছে, তেন্তে তেনে এখন ৰাজ্যত কিদৰে বিদেশী বিনিয়োগকাৰীয়ে দীৰ্ঘ সময় ধৰি বাস কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন৷ পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে সদনত প্ৰকাশ কৰা এই তথ্য স্বাভাৱিকতে অসমত বিদেশী ৰাষ্ট্ৰৰ বিনিয়োগৰ ক্ষেত্ৰত উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে৷ ‘এডভাণ্টেজ আছাম’ৰ ‘পাৰ্টনাৰ কাণ্ট্ৰি’ অষ্ট্ৰেলিয়ায়ো একে ভ্ৰমণ সীমাৱদ্ধতা আৰোপ কৰাটোও এক শংকাৰ বিষয়৷ কিয়নো অসম চৰকাৰে ৰাজ্যৰ পৰিস্থিতি যে অনুকূল, সেয়া প্ৰতীয়মান কৰিবলৈকে ৬১ খন ৰাজ্যৰ ৰাষ্ট্ৰদূতক অসমলৈ নিমন্ত্ৰণ কৰি আনিছিল৷ স্বয়ং ৰাষ্ট্ৰদূতৰ ভ্ৰমণৰ পাছতো ৬ খনকৈ দেশৰ চৰকাৰে অসমৰ আইন শৃংখলা পৰিস্থিতি ভাল নহয় বুলি নিজ নিজ দেশৰ নাগৰিকক সকিয়াই দিয়াটোও একে সময়তে অসমৰ উন্নয়নৰ প্ৰতি চিন্তাৰ কাৰণ৷ কিয়নো বিনিয়োগ হিচাপে ‘এডভাণ্টেজ আছাম’ত অসম চৰকাৰৰ অন্যতম ক্ষেত্ৰ আছিল পৰ্যটনো৷ ৬ খনকৈ দেশৰ এনে জাননীয়ে সংশ্লিষ্ট দেশৰ নাগৰিকক শংকিত কৰি তুলিলে অসম পৰ্যটন উদ্যোগৰ ক্ষেত্ৰখনো ক্ষতিগ্ৰস্ত হ’ব৷