
গ্ৰীন ফেল’শ্বিপ, ৬০ শিক্ষাৰ্থীক বিদেশলৈ পঠিয়াব প্ৰদূষণ পৰিষদে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ মাৰ্চঃ বিদেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত শৈক্ষিক প্ৰশিক্ষণৰ সুযোগ লাভ কৰিব অসমৰ শিক্ষাৰ্থীয়ে৷ মুখ্যমন্ত্ৰীৰ গ্ৰীন ফেল’শ্বিপ আঁচনিৰ অধীনত আমেৰিকা-পৰ্তুগালকে ধৰি বিদেশী ৰাষ্ট্ৰত বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ শিক্ষা গ্ৰহণৰ বাবে অসমৰ শিক্ষাৰ্থীক প্ৰেৰণ কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সোণালী জয়ন্তী বৰ্ষৰ বিশেষ কাৰ্যসূচীৰ অংশ হিচাবে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ গ্ৰীন ফেল’শ্বিপ নামৰ অভিলাষী আঁচনি৷ এই আঁচনিৰ অধীনত পৰিষদে ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৬০জন আগ্ৰহী আৰু মেধাসম্পন্ন নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীক বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ উচ্চস্তৰীয় প্ৰশিক্ষণৰ বাবে বিশ্বৰ ৭খন ৰাষ্ট্ৰৰ আগশাৰীৰ বিশ্ববিদ্যালয়লৈ ৪-৬ সপ্তাহৰ বাবে প্ৰেৰণ কৰিব৷ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড॰ অৰূপ কুমাৰ মিশ্ৰৰ ঐকান্তিক প্ৰচেষ্টাৰ ফচল এই আঁচনিৰ প্ৰাথমিক লক্ষ্য হৈছে ৰাজ্যখনৰ ভৱিষ্যত প্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ অগ্ৰণী সেনানী হিচাপে গঢ় দিয়া৷ এই আঁচনিৰ বাবে বিজ্ঞান পাঠ্যক্ৰমৰ জীৱ বিজ্ঞান, উদ্ভিদ বিজ্ঞান ইক’লজী আৰু মাইক্ৰবায়ল’জী বিভাগৰ আৰু আভিযান্ত্ৰিক পাঠ্যক্ৰমৰ চিভিল, কেমিকেল আৰু মেকানিকেল বিভাগৰ পৰা ছাত্ৰ-ছাত্ৰীসকল নিৰ্বাচিত কৰা হৈছে৷
পৰিষদে এই আঁচনিৰ অধীনত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক নিৰ্বাচিত ৭খন ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিব৷ ইয়াৰে ১৫ জনক আমেৰিকা যুক্তৰাষ্ট্ৰ, ৯ জনক শ্ল'ভেনিয়া, ১৭ জনক ক্ৰ’ৱেচিয়া, ১ জনক লিথুয়ানিয়া, ৯ জনক মালেয়েয়া, ২ জনক পতুৰ্গাল, ৭ জনক পোলেণ্ডলৈ, প্ৰেৰণ কৰিব৷ এই প্ৰশিক্ষণৰ সমগ্ৰ ব্যৱস্থাপনা কৰাৰ বাবে পৰিষদে ‘এডুপেকড’ নামৰ শৈক্ষিক পৰামৰ্শদাতা প্ৰতিষ্ঠানটোক নিৰ্বাচন কৰিছে৷ এই সম্পৰ্কত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু এডুপেকডৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে৷ পৰিষদৰ অধ্যক্ষ ড॰ অৰূপ কুমাৰ মিশ্ৰই সোমবাৰে বিভিন্ন ৰাষ্ট্ৰলৈ যাব লগীয়া গ্ৰীন ফেল’শ্বিপৰ বাবে নিৰ্বাচিত ৩০জন ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে৷ পৰ্যায় ক্ৰমে আন ছাত্ৰ-ছাত্ৰীসকলকো নিৰ্দিষ্ট ৰাষ্ট্ৰসমূহলৈ প্ৰেৰণ কৰিব৷ পৰিষদৰ অধ্যক্ষ মিশ্ৰই আশা ব্যক্ত কৰে যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত পৰিষদৰ এই ব্যতিক্ৰমী পদক্ষেপে ৰাজ্যখনৰ ভৱিষ্যত প্ৰজন্মক আন্তৰ্জাতিক মানসম্পন্ন প্ৰতিষ্ঠানত পৰিৱেশ অধ্যয়নৰ নতুন প্ৰযুক্তি-কৌশলৰ জ্ঞান আহৰণ কৰি ৰাজ্যখনৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত দক্ষতাৰে কাম কৰিব৷ এই অনুষ্ঠানত পৰিষদৰ নৱ নিযুক্ত সদস্য সচিব গকুল ভূঞা উপস্থিত থাকি নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক অভিজ্ঞতাই অসমক আগবঢ়াই নিব বুলি মন্তব্য কৰে৷