Logo
image

ৰেগিং হটস্পট তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ মাৰ্চঃ ৰেগিঙৰ ঘটনাৰ ক্ষেত্ৰত অবাঞ্ছিত অভিলেখ স্থাপন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ দেশৰ ৰেগিং হটস্পট বিশ্ববিদ্যালয়ৰ তালিকাৰ ৮ নম্বৰত আছে ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাম৷ ছ’চাইটী এগেইনষ্ট ভায়’লেন্স ইন এডুকেশ্বন চমুকৈ ‘ছেভ’ নামৰ সংস্থাটোৱে প্ৰকাশ কৰা ‘ষ্টেট অৱ ৰেগিং ইন ইণ্ডিয়াঃ ২০২২-২৪’ শীৰ্ষক প্ৰতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্দৰ্ভত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ ৰাজ্যৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনৰ এই তথ্যই স্বাভাৱিকতেই শৈক্ষিক ক্ষেত্ৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ‘ছেভ’ৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ২০২২ চনৰ পৰা ২০২৪ চনৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ত মুট ১৫টাকৈ ৰেগিঙৰ ঘটনা সংঘটিত হোৱাত দেশৰ ৰেগিং হটস্পট উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত ৮ নম্বৰত তালিকাভুক্ত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ক৷ ‘ষ্টেট অৱ ৰেগিং ইন ইণ্ডিয়া– ২০২২-২৪’ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ৰেগিং হটস্পট উচ্ছ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাৰ শীৰ্ষত আছে কলকাতাৰ মৌলানা আবুল কালাম আজাদ ইউনিভাৰ্চিটী অৱ টেকন’লজী৷ কলকাতাৰ এই প্ৰযুক্তি বিশ্ববিদ্যালয়খনত বিগত দুটা বৰ্ষত সংঘটিত হৈছে ৭৫টা ৰেগিঙৰ ঘটনা৷


ইয়াৰ পাছতেই তালিকাত আছে জব্বলপুৰস্থিত মধ্যপ্ৰদেশ মেডিকেল ছায়েন্স ইউনিভাৰ্চিটী৷ উক্ত শিক্ষানুষ্ঠানখনতো ৭৪টা ৰেগিঙৰ ঘটনা সংঘটিত হৈছে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ৪২টা, ইউনিভাৰ্চিটী অৱ লক্ষ্ণৌত ৪০টা, ওড়িশাৰ বেৰহেমপুৰ ইউনিভাৰ্চিটীত ৩১টা, ইউনিভাৰ্চিটী অৱ এলাহাবাদত ২১টা আৰু কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত ১৬টা ৰেগিঙৰ অভিযোগ পঞ্জীয়ন হৈছে৷ সংস্থাটোৱে মঙলবাৰে ৰাজহুৱা কৰা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি নেচনেল এণ্টি ৰেগিং হেল্পলাইন নম্বৰলৈ দেশৰ ১,৯৪৬খন কলেজৰ পৰা বিগত বৰ্ষ দুটাত মুঠ ৩,১৫৬টা ৰেগিঙৰ অভিযোগ আহিছে৷ তথ্য অনুসৰি দেশত ৰেগিঙৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে চিকিৎসা শিক্ষা প্ৰতিষ্ঠানসমূহ৷ বিগত দুটা বৰ্ষত পঞ্জীয়ন হোৱা ৰেগিঙৰ ঘটনাৰ ৩৮.৬ শতাংশই সংঘটিত হৈছে মেডিকেল কলেজত৷ ইয়াৰ ৩৫.৪ শতাংশই হৈছে গুৰুতৰ অভিযোগৰ ঘটনা৷ এই সময়ছোৱাত দেশত ৫১জন শিক্ষাৰ্থী ৰেগিংজনিত ঘটনাত মৃত্যু হৈছে৷ লক্ষণীয়ভাৱে ২০২৪ চনত কোটাতে ২০জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰা ঘটনা সংঘটিত হৈছে৷ বিগত বৰ্ষত লক্ষ্ণৌ বিশ্ববিদ্যালয়, ওড়িশাৰ এম কে চি জি মেডিকেল কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, আই আই টি খড়গপুৰ, এম জি এম মেডিকেল কলেজ এণ্ড হাস্পতালত সৰ্বাধিক ৰেগিঙৰ ঘটনা সংঘটিত হৈছে৷