Logo
image

কেঞ্চাৰ, মধুমেহ ৰোগৰ ঔষধৰ মূল্যবৃদ্ধিৰ আশংকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ মাৰ্চঃ কৰ্কট, মধুমেহ, হৃদৰোগত আক্ৰান্ত ৰোগী তথা ৰোগীৰ অভিভাৱকৰ বাবে এটা বেয়া খবৰ! কিয়নো অচিৰেই দেশত বৃদ্ধি পাব কৰ্কট, মধুমেহ, হৃদৰোগৰ লগতে এণ্টিবায়টিক ঔষধৰ মূল্য৷ সৰ্বসাধাৰণ ৰোগীয়ে ব্যৱহাৰ কৰা এইসমূহ জটিল ৰোগৰ ঔষধৰ দাম অতিকমেও ১.৭ শতাংশলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ কেঁচামালৰ ব্যয় আৰু অন্যান্য খৰচ বৃদ্ধি পোৱাৰ বাবেই একাধিক ঔষধৰ মূল্য বৃদ্ধিৰ বাবে প্ৰস্তাৱ দিছে ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহে৷ অল ইণ্ডিয়া অৰ্গেনাইজেশ্বন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টছৰ সাধাৰণ সম্পাদক ৰাজীৱ সিংঘালে প্ৰকাশ কৰা অনুসৰি ২-৩ মাহৰ ভিতৰতে বজাৰত নতুন মূল্যত ঔষধ উপলব্ধ হ’ব৷


মূলতঃ কেঁচা মালৰ মূল্যবৃদ্ধিৰ বাবেই ঔষধৰ দাম বৃদ্ধি পাব বুলিও সংস্থাটোৰ বিষয়ববীয়াজনে দাবী কৰিছে৷ অভিযোগ অনুসৰি ফাৰ্মা কোম্পানীসমূহে ঔষধৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিয়মক জলাঞ্জলি দি আহিছে৷ ভাৰতৰ ঔষধৰ মূল্য নিয়ন্ত্ৰণকাৰী সৰ্বোচ্চ সংস্থা নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীৰ অনুসন্ধানত ইতিমধ্যে ফাৰ্মা কোম্পানীসমূহে নীতি-নিয়ম উলংঘনৰ ৩০৭টাকৈ অনিয়ম পোহৰলৈ আনিছিল৷ ঔষধৰ মূল্য নিয়ন্ত্ৰণকাৰী কতৃৰ্পক্ষই নিৰ্ধাৰণ কৰা চিলিং মূল্যতকৈ কম দামত ফাৰ্মা কোম্পানীসমূহে ঔষধৰ পাইকাৰী বিক্ৰী লাগে যদিও অধিক দামতহে বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ যাৰ বাবে বজাৰত ঔষধৰ মূল্য বৃদ্ধি পোৱা বুলিও অভিযোগ উঠিছে৷