
১২ ঘণ্টা থানাত বহুৱাই গভীৰ নিশা গ্ৰেপ্তাৰ সাংবাদিক দিলৱাৰক, জামিন মঞ্জুৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৬ মাৰ্চঃ আৰক্ষীয়ে ১২ ঘণ্টা থানাত বহুৱাই ৰাখি মঙলবাৰে গভীৰ নিশা গ্ৰেপ্তাৰ কৰা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বুধবাৰে জামিন দিলে আদালতে৷ জামিন লাভৰ পাছতে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে চিঞৰি চিঞৰি ক’লে– ‘এয়া গণতন্ত্ৰৰ জয়, এয়া সংবাদ মাধ্যমৰ জয়, এয়া সাংবাদিকৰ জয়৷ দুৰ্নীতিৰ বিৰুদ্ধে সাংবাদিকৰ যুঁজ অব্যাহত থাকিব৷’ মঙলবাৰে দিনৰ পৰা বুধবাৰে বিয়লিলৈকে নিৰৱচ্ছিন্নভাৱে সাংবাদিকৰ প্ৰতিবাদ চলি থকাৰ মাজতে সাংবাদিক মজুমদাৰৰ জামিন আবেদন মঞ্জুৰ কৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে৷ সাংবাদিক মজুমদাৰৰ হৈ আদালতত যুক্তি আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, ৰাহুল শেনচোৱা আৰু এ এছ তাপাদাৰে৷ দীঘলীয়া শুনানিত মজুমদাৰৰ অধিবক্তাত্ৰয়ে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি সাংবাদিক মজুমদাৰক গ্ৰেপ্তাৰ কৰা বুলি আদালতত যুক্তি দৰ্শায়৷ আৰক্ষীয়ে আদালতত সাংবাদিক মজুমদাৰৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণ দিব পৰা নাই বুলিও অধিবক্তাই আদালতক জনায়৷ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে আৰক্ষীয়ে সাক্ষ্য প্ৰমাণ দিব নোৱৰাৰ বাবেই চৰকাৰী অধিবক্তাই আদালতত শক্তিশালীভাৱে যুক্তি প্ৰদৰ্শন কৰিব পৰা নাছিল৷ সন্ধিয়া ছয় বজাত সাংবাদিক মজুমদাৰৰ জামিন আবেদন মঞ্জুৰ কৰে আদালতে৷ অৱশ্যে বেইল বণ্ড জমা দিব নোৱৰা বাবে বুধবাৰে মুকলি আকাশ তললৈ ওলাই আহিব নোৱাৰিলে মজুমদাৰ৷ বুধবাৰৰ নিশাটো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে সাংবাদিকজনে কটাব লাগিব বুলি তেওঁৰ অধিবক্তাই জানিবলৈ দিয়ে৷ উল্লেখ্য, মঙলবাৰে ক’পাৰেটিভ এপেক্স বেংকত অসম জাতীয় পৰিষদৰ জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল নিউজ পৰ্টেল ‘দ্য ক্ৰছকাৰেণ্ট’ৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰ৷ সেই সময়তে এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক দেখি মজুমদাৰে তেওঁক এপেক্স বেংকত দুৰ্নীতি সংঘটিত হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰে৷
ডম্বৰু শইকীয়াই কৰ্তব্যৰত সাংবাদিকজনক তেওঁৰ কোঠালৈ মাতি নিয়ে আৰু জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলৈ কয় সাংবাদিকজনক৷ সাংবাদিকজনে এই প্ৰস্তাৱ অস্বীকাৰ কৰে আৰু ডম্বৰু শইকীয়াৰ কোঠাৰ পৰা ওলাই আহে৷ কিছু সময়ৰ পাছতে তেওঁক পাণবজাৰ থানালৈ মাতি নিয়ে আৰক্ষীয়ে৷ নিশা প্ৰায় ১২ বজালৈ সাংবাদিক মজুমদাৰক পাণবজাৰ থানাতে আৱদ্ধ কৰি ৰাখে৷ ইয়াৰ পিছতে তেওঁৰ ওপৰত দুটা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰে৷ ইয়াৰে এটা গোচৰ তৰে এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই আৰু দ্বিতীয়টো গোচৰ তৰে এপেক্স বেংকৰ নিৰাপত্তাৰক্ষী এছ বড়োৱে৷ সাংবাদিকজনৰ ওপৰত বেংকৰ নিৰাপত্তাৰক্ষী এছ বড়োক তেওঁৰ জাতিক ধৰি গালি পৰা আৰু বেংকৰ নথি-পত্ৰ চুৰি কৰাৰ অভিযোগত দুটা গোচৰ তৰা হয়৷ (110/25, u/s- 351(2) BNS, R/w-3(1)(r) Schedule caste and schedule tribe (prevention of atrocities Act 1989, (Amendment 2015) আৰু 111/25, U/S- 329/324(4)/351(2)/309(4)/115)৷ উল্লেখ্য, সাংবাদিকজনক গ্ৰেপ্তাৰৰ পিছতেই ৰাজ্যজুৰি তুমুল প্ৰক্ৰিয়াৰ সৃষ্টি হয়৷ মজুমদাৰক অগণতান্ত্ৰিকভাৱে কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তাল হৈ পৰে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্য৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাংবাদিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ৷ কলম, বুম এৰি প্ৰতিবাদত বহিল জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিকসকল৷ বিনাচৰ্তে দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়াৰ দাবীত গুৱাহাটী প্ৰেছ ক্লাবৰ আহ৩ানত কেইবাশ জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিকে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি অসম পুলিচ হায় হায়, অসম পুলিচ নিপাত যাওক, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব হায় হায়, বিনাচৰ্তে দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়ক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা প্ৰতিবাদী সমদল পাণবজাৰ আৰক্ষী থানালৈ আগবাঢ়িবলৈ লওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ আৰক্ষী আৰু সাংবাদিকসকলৰ মাজত বাকবিতণ্ডাৰ সূত্ৰপাত ঘটে৷ আদালতৰ সম্মুখতো সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰেও মঙলবাৰে এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ কিন্তু আৰক্ষীয়ে অদৃশ্য শক্তিৰ নিৰ্দেশত মজুমদাৰৰ এজাহাৰখন পঞ্জীয়ন নকৰিলে৷