Logo
image

বিটিআৰত অকলে নিৰ্বাচনত খেলিব অগপই

‘আমাৰ অসম’ৰ বিজনীৰ প্ৰতিবেদক, ২৬ মাৰ্চঃ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ কাৰ্যকাল চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অন্ত পৰিব৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত হ’ব পৰিষদীয় নিৰ্বাচন৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ অৰ্থাৎ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ’ব বিটিআৰ পৰিষদীয় নিৰ্বাচন৷ এই নিৰ্বাচনৰ বাবে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে বিজেপি তথা দুই মিত্ৰদল ইউপিপিএল আৰু অগপই৷ বিটিআৰৰ ৪০টা সমষ্টিৰ ভিতৰত শাসকীয় দল বিজেপিয়ে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব দিব বুলি ইতিমধ্যে স্পষ্ট কৰিছে৷ অৱশ্যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিয়ে বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিছে৷ বৰ্তমান শাসনত থকা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে এইপৰ্যন্ত অকলে নিৰ্বাচন খেলিব নে বিজেপিৰে মিলি নিৰ্বাচন খেলিব সেয়া স্পষ্ট হোৱা নাই৷ দলটোৰ নেতৃত্বৰ একাংশ ইচ্ছা বিজেপিৰে সৈতে লগ লাগি একেলগে নিৰ্বাচন খেলা৷ কিন্তু এই ইচ্ছা যে পূৰণ নহ’ব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ আনহাতে, বিজেপিৰ অন্য মিত্ৰদল অগপই বিটিআৰৰ দহটা পৰিষদীয় সমষ্টি চিনাক্ত কৰিছে, য’ত দলটোৱে প্ৰাৰ্থী থিয় কৰাব৷


অগপৰ দাবী– বিটিআৰত তেওঁলোকে অকলেই নিৰ্বাচন খেলিব৷ উল্লেখ্য, চিৰাং জিলাৰ বিজনীত বুধবাৰে আবেলি বিজনী অসম গণ পৰিষদৰ কাৰ্যালয়ত বিটিআৰ নিৰ্বাচনী কমিটীৰ এখন সভা অনুষ্ঠিত হয়৷ নিৰ্বাচনী কমিটীৰ সভাপতি তথা অগপৰ কেন্দ্ৰীয় সম্পাদক ভূপেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাৰ অন্তত সভাপতি ভূপেন ৰায় আৰু সম্পাদক ধনেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্ত সদৰী কৰি কয়– বিটিআৰ পৰিষদীয় নিৰ্বাচনত অসম গণ পৰিষদে অকলেই অংশগ্ৰহণ কৰিব৷ অৱশ্যে বিজেপি আৰু ইউপিপিএলে বিচাৰিলে মিত্ৰতাৰ মাজেৰে খেলিব নিৰ্বাচন খেলিব৷ অগপ দলে বিটিআৰত যিখিনি মানুহে সম-অধিকাৰ, সম-মৰ্যাদা, সম-উন্নয়নৰ পৰা বঞ্চিত হৈ থকা বুলি অনুভৱ কৰিছে সেইখিনি মানুহৰ বাবে সেৱা আগবঢ়াই যাব, দলীয় কাম কৰি যাব৷’ অগপ নেতাদ্বয়ৰ দাবী– ‘বিটিআৰ পৰিষদীয় নিৰ্বাচনত দলটোৱে দহটা সমষ্টিত নিৰ্বাচন খেলিব৷ বিজেপি আৰু ইউপিপিএলৰ লগত মিত্ৰতা থাকিলেও খেলিব, নাথাকিলেও খেলিব৷’ আজিৰ সভাতেই বিটিচি নিৰ্বাচনত অগপৰ অংশগ্ৰহণ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়৷ বিজেপিৰে মিত্ৰতা বিচাৰি বিমুখ হোৱা বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীয়ে দাবী কৰা অনুসৰি প্ৰাক্তন সাংসদ নৱ শৰণীয়াৰ সৈতে লগ লাগি তেওঁৰ দলে বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷