Logo
image

গোলাঘাট সমষ্টিৰ বেকাজানত তিনিটাকৈ পথৰ শুভ উদ্বোধন বিত্তমন্ত্ৰী অজন্তা নেওগৰ

'আমাৰ অসম'ৰ বৰহোলাৰ প্ৰতিবেদক, ২৭ মাৰ্চঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি  বিত্তমন্ত্ৰী অজন্তা নেওগে বৃহস্পতিবাৰে প্ৰায় ১০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা  সীমান্তৰ তিনিটাকৈ পথ উদ্বোধন কৰি দুখন বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ কৰে। পুৱা দহ বজাত বিত্তমন্ত্ৰী অজন্তা নেওগে পানীখেতি চাৰি আলিৰ বজাৰ গৃহত উপস্থিত হৈ  ১.৬০ কিঃমিঃ দৈৰ্ঘ্যৰ কুলাজান-বেকাজান সংযোগী আৰু ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰহোলা-ৰাইডাংজুৰি-নগাবাট পথ দুটা ফিটা কাটি শুভ উদ্বোধন কৰে। ইয়াৰ পিছত তেওঁ বজালকটাৰ বিজয় নগৰ তিনি আলিত ৬.১ দৈৰ্ঘ্য কিলোমিটাৰ বেকাজানৰ পৰা উৰঙ্গিয়াল সংযোগী অন্য এটা পথ উদ্বোধন কৰে। পথ উদ্বোধন কৰি মন্ত্ৰী নেওগে কয়, 'সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত বেকাজান পঞ্চায়তৰ তিনিটা নতুন পথে গমাৰিগুৰি উন্নয়ন খণ্ডৰ সৈতে সংযোগ কৰাত সুচল হ'ব।  এতিয়াৰ পৰা বেকাজানবাসীয়ে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা নহয়।' 


ইয়াৰ পিছত তেওঁ গড়াজানত বিজেপি দলৰ এখন সভাত অংশগ্ৰহণ কৰে। দুপৰীয়া বেকাজানৰ হাইস্কুলত প্ৰাংগণৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি দলৰ এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে।  বিজেপি দলৰ আঠখেলীয়া মণ্ডলৰ ৰাজহুৱা সভাত বিত্তমন্ত্ৰী অজন্তা নেওগে অসম-নাগালেণ্ড সীমান্তৰ বেকাজান অঞ্চলটি তেওঁৰ গোলাঘাট সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত ৰাস্তা ঘাটৰ উন্নয়নৰ কাম আৰম্ভ কৰা হৈছে বুলি কয়। তেওঁ পৰিত্যক্ত হৈ পৰা বেকাজান আৰক্ষী চকী আৰু পানীখেতিৰ পৰা বৰহোলা সংযোগী গড় আলিটো দুইশৰীয়াকৈ অহা বিত্ত বৰ্ষত নিৰ্মাণ কৰা হ'ব  বুলি ঘোষণা কৰে। সভাত গোলাঘাট জিলাৰ বিজেপিৰ  উপ সভাপতি পোনা বৰা,  বিপুল দাস, দেৱজিত সন্দিকৈ, সঞ্জয় ৰেগন, লোহিত শইকীয়া  উপস্থিত থাকে।