
স্বাভাৱিক হৈ উঠাৰ যুঁজ সুনীতা উইলিয়ামছৰ
নতুন দিল্লী, ২৭ মাৰ্চঃ মাত্ৰ ৮ দিনৰ বাবে মহাকাশলৈ গৈ ২৮৭ দিনৰ মূৰত পৃথিৱীলৈ উভতি অহা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়াম্ছ আৰু তেওঁৰ সহযাত্ৰী মহাকাশচাৰীসকল কেনে আছে? বিভিন্নজনৰ মনত উদ্ৰেক হৈ আছে এই প্ৰশ্নৰ৷ কিয়নো মহাকাশৰ পৰা উভতি আহিলেও এতিয়াও নিজ ঘৰলৈ উভতি যাব পৰা নাই সুনীতাহঁত৷ ইয়াৰ বিপৰীতে তেওঁলোকে নিভৃতিবাসত থাকিব লগা হৈছে৷ কিয়নো ৯ মাহৰো অধিক সময় মহাকাশত আবদ্ধ হৈ থাকিবলগা হোৱাত তেওঁলোকৰ জীৱনলৈ বিভিন্ন পৰিৱৰ্তন আহি পৰিছে৷ এনে পৰিৱৰ্তনৰ প্ৰভাৱ দেখা গৈছে তেওঁলোকৰ শৰীৰত৷ বহুতে বিশেষকৈ সুনীতা উইলিয়াম্ছৰ ‘অস্বাভাৱিক’ হৈ পৰা স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশো কৰা আৰম্ভ কৰিছে৷ উল্লেখ্য, যোৱা সপ্তাহত মহাকাশৰ পৰা ড্ৰেগন কেপচুলেৰে ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰাৰ পাছত সুনীতাহঁতক অত্যন্ত ক্লান্ত হৈ পৰা দেখা গৈছিল৷ স্বাস্থ্য পূৰ্বতকৈ দুৰ্বল আৰু অতিপাত ক্ষীণ হৈ পৰা বুলি জানিব পৰা গৈছিল৷ সামাজিক মাধ্যমতো সুনীতাৰ পৰিৱৰ্তিত মুখমণ্ডল প্ৰত্যক্ষ কৰি বহুতে উদ্বেগ প্ৰকাশ কৰিছিল৷ এনে অৱস্থাত পালম’ন’ল’জিষ্ট তথা বায়ুসেনাৰ অভিজ্ঞ চিকিৎসক ডাঃ বিনয় গুপ্তাই প্ৰকাশ কৰা মতে পেশীসমূহৰ ব্যায়াম কৰিবলৈ মধ্যাকৰ্ষণ শক্তিৰ প্ৰয়োজন হয়৷
কিন্তু মধ্যাকৰ্ষণ নাথাকিলে পেশীসমূহৰ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থাই নাথাকে৷ ফলত হাড়ৰ ঘনত্ব কমিবলৈ আৰম্ভ কৰে৷ পেশীসমূহৰ ক্ষয় হয়৷ যিটো সুনীতা উইলিয়াম্ছহঁতৰ ক্ষেত্ৰত হৈছে৷ তদুপৰি মধ্যাকৰ্ষণৰ অভাৱত শৰীৰত ৰক্তপ্ৰৱাহৰ পৰিৱৰ্তন আহে৷ বহু সময়ত আনকি দেহৰ ফ্লুইড মূৰত জমা হ’বলৈ আৰম্ভ কৰে৷ ফলত মুখমণ্ডলত তাৰ প্ৰভাৱ পৰে৷ যিটো সুনীতা উইলিয়াম্ছৰ ক্ষেত্ৰত হোৱা বুলি এটা সূত্ৰই সন্দেহ কৰিছে৷ তদুপৰি শূন্য মধ্যাকৰ্ষণ অৱস্থাৰ পৰা পৃথিৱীলৈ উভতি অহাৰ পাছত সাধাৰণ কাম-কাজ কৰাৰ ক্ষেত্ৰতো মহাকাশচাৰীসকল সমস্যাত পৰে৷ দেহৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰাত সমস্যা হয়৷ খোজ কাঢ়িব পৰা নাযায়৷ এনেদৰে মহাকাশত থকা সময়ছোৱাত তেজ সৰবৰাহৰ বাবে হূদযন্ত্ৰই বেছি পৰিশ্ৰম কৰিবলগীয়া নহয়৷ বহুতৰে দৃষ্টিশক্তিৰ সমস্যা হয়৷ চকুৰ পতা চেপেটা হৈ পৰে৷ চকুৰ স্নায়ু ফুলি উঠে৷ এনেবোৰ সমস্যাৰ পৰা সুস্থ হৈ উঠিবলৈ বহুদিনৰ সময়ৰ আৱশ্যক হৈ পৰে৷ যাৰ বাবে সুনীতাকে ধৰি মহাকাশৰ পৰা যোৱা সপ্তাহত উভতি অহা মহাকাশচাৰীসকলক বিশেষ নিৰ্ভতিবাসত ৰখা হৈছে৷ এনেক্ষেত্ৰত নিজকে পৃথিৱীৰ বাতাবৰণৰ সৈতে স্বাভাৱিক কৰি তুলিবলৈ সুনীতা উইলিয়াম্ছকে ধৰি সহযাত্ৰী মহাকাশচাৰীসকলে সময়ৰ সৈতে যুঁজ দিবলগীয়া হৈছে৷