
গুণোৎসৱৰ প্ৰথম ৩ স্থানত শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মাৰ্চঃ ২০২৫ বৰ্ষৰ অনুষ্ঠিত গুণোৎসৱৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ লগতে ২০২৪ বৰ্ষৰ গুণোৎসৱৰ এ প্লাচ গ্ৰেড’ লাভ কৰা বিদ্যালয়সমূহক ২৫ হাজাৰ টকাকৈ উদগণিমূলক অনুদান প্ৰদান, আৰোহণ কাৰ্যসূচীৰ অধীনত ৪,৩২০ গৰাকী ছাত্ৰ-ছাত্ৰীক টেৱলেট বিতৰণ আৰু সমগ্ৰ শিক্ষা, অসমক আই এছ অ’ প্ৰমাণপত্ৰ প্ৰদান উপলক্ষে আজি শ্ৰীমন্ত শংঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমে আজি এক নতুন শৈক্ষিক যাত্ৰাৰে আগুৱাই গৈছে৷ গুণগত শিক্ষা প্ৰদানেৰে শৈক্ষিক ব্যৱস্থাটোৰ পৰিৱৰ্তন সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ ৰাজ্য চৰকাৰে পৰিচালনা কৰা সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযান অসমে কোৱালিটি কাউন্সিল অৱ ইণ্ডিয়াৰ পৰা আই এছ অ’ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশিষ্ট গুণগত মানদণ্ডৰ বাবে এই প্ৰমাণপত্ৰ দিয়া হয় বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে এই উৎকৃষ্টতম সাফল্যৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সমগ্ৰ শিক্ষা অভিযান, অসমৰ মিছন সঞ্চালক ড॰ ঔম প্ৰকাশক অভিনন্দন জ্ঞাপন কৰে৷ অসমৰ শৈক্ষিক জগতখনৰ ৰূপান্তৰৰ বাবে ২০১২ চনৰ পৰা বিশেষ প্ৰচেষ্টা চলোৱা হৈছিল৷ ২০১২ চনত শিক্ষক নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো ৰাজনীতিৰ পৰা মুক্ত কৰি স্বচ্ছ আৰু মেধাৱী শিক্ষক নিযুক্তি দিয়াৰ ফলতে ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হৈছিল৷ এই ৰূপান্তৰৰ যাত্ৰা ২০১৭ চনত আৰু এখোজ আগুৱাই গৈছিল বুলি দোহাৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে শিক্ষাৰ গুণগত মানদণ্ডক উৎসাহিত কৰিবলৈ গুণোৎসৱৰ ধাৰণাটো অসমৰ জনসাধাৰণৰ মাজলৈ লৈ আহিছিল৷ তেওঁ লগতে কয় যে ২০১৭-১৮ চনত দুয়োটা বৰ্ষতে গুণোৎসৱ নিৰৱিচ্ছিন্নভাৱে অনুষ্ঠিত হৈছিল যদিও ২০১৯, ২০২০ আৰু ২০২১ চনত ক’ভিডৰ পৰিপ্ৰেক্ষিতত গুণোৎসৱ অনুষ্ঠিত হোৱা নাছিল৷ ২০২২, ২০২৩ আৰু ২০২৪ এই তিনিওটা বৰ্ষতে গুণোৎসৱ পালন কৰাৰ পাছত গুণোৎসৱে সফলতাৰ সৈতে পাঁচটা বছৰ অতিক্ৰম কৰিলে বুলিও তেওঁ কয়৷ গুণোৎসৱ ষষ্ঠ বছৰত অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱা ৬ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা গুণোৎসৱৰ ফলাফল আজি ঘোষণা কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে গুণোৎসৱৰ ধাৰণাটোক এটা সময়ত এটা মহলে বিৰোধিতা কৰিছিল৷ অসমৰ শৈক্ষিক জগতখন বিশেষকৈ দৰিদ্ৰ আৰু পিছপৰা সমাজখনৰ কল্যাণৰ বাবে বাস্তৱসন্মত চিন্তা কৰিব নিবিচৰাৰ বাবে এই বিৰোধিতা আৰম্ভ কৰা হৈছিল বুলিও তেওঁ কয়৷ এই বিৰোধিতাক আওকাণ কৰি ৰাজ্যৰ শিক্ষা বিভাগে আগুৱাই গৈছিল আৰু আজি গুণোৎসৱ অসমৰ শিক্ষা জগতৰ বাবে এটা গুণৰ উৎসৱ তথা মৰম আৰু আদৰৰ উৎসৱলৈ ৰূপান্তৰ হৈছে৷ তেওঁ লগতে কয় যে গুণোৎসৱৰ জৰিয়তে যি উৎসাহ আৰু উদ্দীপনা সৃষ্টি হৈছে তাৰ ফলতে অসমৰ শিক্ষা ব্যৱস্থা ৰূপান্তৰৰ দিশে অগ্ৰসৰ হৈছে৷ চৰকাৰী বিদ্যালয়সমূহত হোৱা পৰিৱৰ্তন জনসাধাৰণে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ শৈক্ষিক জগতখন বিশেষকৈ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত অহা পৰিৱৰ্তনে জনসাধাৰণ আৰু অভিভাৱকসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এসময়ত অকল শৈক্ষিক মানদণ্ডকে গুণোৎসৱৰ উপাদান হিচাপে গণ্য কৰা হৈছিল৷ এতিয়া লাহে লাহে স্বচ্ছতা আৰু ইউনিৰ্ফমৰ গুণগত মানকো এই গুণোৎসৱে সামৰি লৈছে৷ ইয়াৰ ফলত দুয়োটা ক্ষেত্ৰতে পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে৷ তেওঁ কয় যে প্ৰতিবছৰে ৰাজ্যখনত ইউনিৰ্ফম বিতৰণ কৰা হয়৷ এই ইউনিৰ্ফমক লৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত সমালোচনা হৈছিল৷ কিন্তু গুণোৎসৱত যেতিয়া ইউনিৰ্ফমকো সামৰি লোৱা হ’ল তেতিয়াৰে পৰা এনে সমালোচনা দেখিবলৈ পোৱা নাযায়৷ লাহে লাহে অসমৰ শিক্ষা ব্যৱস্থাই ঠনধৰি উঠিছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই অনিৰুদ্ধ যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব৷ বিধানসভাত ৰাজ্যপালৰ ভাষণৰ বিৰ্তকৰ উত্তৰ দিওঁতে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত তামিলনাডুৰ সৈতে দিয়া অসমৰ তুলনামূলক বিশ্লেষণৰ বিষয়টো দোহাৰি তেওঁ কয় য়ে স্বাধীনতাৰ দোকমোকালিতে তামিলনাডুৱে শৈক্ষিক ক্ষেত্ৰত দেশৰ ভিতৰতে এখন আগবঢ়া ৰাজ্য আছিল৷ ভাৰতবৰ্ষৰ ভিতৰতে তামিলনাডুত চিকিৎসা মহাবিদ্যালয়, প্ৰসিদ্ধ আই আই টি, মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় পৃষ্ঠভূমি হিচাপে গণ্য কৰা হয়৷ তামিলনাডুত ৭কোটি জনসংখ্যাৰ বিপৰীতে ৰাজ্যখনত ৩৫ হাজাৰ প্ৰায় চৰকাৰী বিদ্যালয় আছে আৰু অসমত ৩.৫০কোটি জনসংখ্যাৰ বিপৰীতে ৪৫ হাজাৰ ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠান আছে৷ তামিলনাডুৰ তুলনাত অসমত ৰাজহুৱা খণ্ডত শিক্ষা প্ৰতিষ্ঠান ২০ হাজাৰতকৈও অধিক বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ লগতে কয় যে ২০২৫ চনত অসমত ৭৫-৮২ শতাংশ বিদ্যাৰ্থীয়ে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰে৷ ইয়াৰ বিপৰীতে তামিলনাডুত ৩৫ শতাংশহে ছাত্ৰ-ছাত্ৰীয়ে ৰাজহুৱা খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰে৷ তেওঁ লগতে কয় যে অসমত ৰাজহুৱা খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ বিনিয়োগ তামিলনাডুতকৈ অধিক৷ অধিকসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৰাজহুৱা খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানক পঢ়াৰ ক্ষেত্ৰত তামিলনাডুতকৈ আগত আছে৷ আনহাতে, শিক্ষানুষ্ঠানৰ সংখ্যাও তামিলনাডুতকৈ অধিক বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ৰাজহুৱা খণ্ডত শিক্ষানুষ্ঠানৰ ভৱিষ্যৎ অত্যন্ত উজ্জ্বল৷ মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষক নথকা বাবে কাৰ্বিআংলং, চিৰাঙত গুণোৎসৱৰ ফলাফল বেয়া হৈছে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অসমৰ শৈক্ষিক উন্নয়ন তথ্যৰ ওপৰত আধাৰিত৷ ২০১৭ চনত গুণোৎসৱত এ প্লাছ গ্ৰেড’ লাভ কৰা বিদ্যালয়ৰ সংখ্যা আছিল ৬,৩০৭ খন আৰু ২০২৫ চনত এ প্লাছ গ্ৰেড’ পোৱা বিদ্যালয়ৰ সংখ্যা ১৩,৩০০ খনলৈ বৃদ্ধি পায়৷ পাঁচ বছৰৰ ভিতৰত এ প্লাছ গ্ৰেড’ পোৱা বিদ্যালয়ৰ সংখ্যা ১০০ শতাংশ বৃদ্ধি হৈছে৷ তেওঁ লগতে কয় যে ২০১৭ চনত এ গ্ৰেড’ পোৱা বিদ্যালয়ৰ সংখ্যা ১২,৯২৭ খনৰ বিপৰীতে ২০২৫ চনত ১৩,৯৫২ খনলৈ বৃদ্ধি পায়৷ এ প্লাছ আৰু এ গ্ৰেড’ পোৱা অসমৰ ৪ হাজাৰখন বিদ্যালয়ৰ গুণগত মানদণ্ড বৃদ্ধি পাইছে৷ এই কৃতিত্ব অসাধাৰণ বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৭ চনত বি গ্ৰেড ১৩,৬৩৬ খনৰ বিপৰীতে ২০২৫ চনত ৪,২৪৩ খন, চি গ্ৰেড’ পোৱা ৯,১৬৩ খনৰ বিপৰীতে ৮৯১ খন আৰু ডি গ্ৰেড পোৱা ৭১০৫ খন বিপৰীতে ২১৮ খনলৈ হ্ৰাস পাইছে৷ কিছুদিনৰ পৰা শিৱসাগৰৰ পৰা নলবাৰীলৈ ৰাজহুৱা শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ অভিভাৱকসকলে শাৰী পাতিছে আৰু ইয়ে উজ্জ্বল ভৱিষ্যত সন্ধান দিছে৷ মুখ্যমন্ত্ৰীয়ে কয় য়ে ২০৩০ চনৰ ভিতৰত অসমে ভাৰতবৰ্ষৰ ভিতৰতে অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ব৷ ২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল ঘোষণা কৰাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰথম, গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড়ই জিলা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ লগতে কয় যে শিৱসাগৰ জিলাই ২০২৩, ২০২৪ আৰু ২০২৫ বৰ্ষত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ ডিব্ৰুগড় জিলায়ো প্ৰথম তিনিওটা স্থানৰ ভিতৰত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে গোলাঘাট জিলাই প্ৰথমবাৰৰ বাবে তিনিটা স্থানৰ ভিতৰত থাকিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মহামানৱ মহাত্মা গান্ধী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে দেশৰ মনীষীসকলে স্বচ্ছতাক জীৱনৰ আদৰ্শ হিচাপে ল’বলৈ আহ্বান জনাইছিল৷ স্বাস্থ্য, পাৰিবাৰিক আৰু সামাজিক জীৱনত স্বচ্ছতা যেতিয়া আদৰ্শ হৈ পৰে তেতিয়া মানুহৰ ব্যক্তিত্বক প্ৰভাৱিত কৰে৷ সেইবাবে স্বচ্ছতাক গুণোৎসৱৰ আধাৰ হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল৷ এই স্বচ্ছতাৰ ক্ষেত্ৰত গোলাঘাট, কামৰূপ [ম] আৰু যোৰহাট জিলাই প্ৰথম তিনিটা স্থান অধিকাৰ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজহুৱা শিক্ষাখণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত ইউনিৰ্ফম আৰু মধ্যাহ্ন ভোজনে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ তেওঁ লগতে কয় যে প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শিকন ব্যৱস্থাকো সামৰি লোৱা হৈছে৷ ইয়াৰ ৰিৰ্পট কাৰ্ড প’ৰ্টেলত উপলব্ধ কৰা হৈছে৷ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলে লাৰ্নিং আউট কামৰ বুকলেট ডাউনলোড কৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব৷ অহা বছৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে জানুৱাৰী-ফেব্ৰুৱাৰীমাহৰ পৰিৱৰ্তে সপ্তম গুণোৎসৱ ২০২৬ চনৰ মাজভাগত অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্ৰীয়ে ২০ শতাংশ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত কাম কৰা শিক্ষাবিদ তথা শৈক্ষিক অনুৰাগীক লৈ বহিঃমূল্যায়ক নিয়োগ কৰিবলৈ শিক্ষা বিভাগক আহ৩ান জনায় যাতে ই এক ৰাজহুৱা আন্দোলনলৈ ৰূপান্তৰিত হয়৷ তেওঁ লগতে কয় যে ২০১৩ চনত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক ৰাজনীতিৰ পৰা আঁতৰাই অনা হৈছিল৷ কিন্তু দূৰ্গম অঞ্চলত শিক্ষক-শিক্ষয়িত্ৰী থাকিব নিবিচাৰে৷ অসমত তিনিহাজাৰতকৈও অধিক বিদ্যালয় এজনীয়া শিক্ষকেৰ চলি আছে৷ তেওঁ কয় যে এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ বাবে সুকীয়া কেডাৰৰ সৃষ্টি কৰিব লাগে৷ এই কেডাৰত যিসকলে নিযুক্তি লাভ কৰিব তেওঁলোকে বদলিকৰণৰ সুযোগ লাভ নকৰিব৷ জিলা ভিত্তিক নিযুক্তিৰ পৰিৱৰ্তে এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ বাবে সুকীয়া কেডাৰ সৃষ্টিৰ পদক্ষেপ ল’বলৈও তেওঁ আহ্বান জনায়৷ প্ৰাক্তন শিক্ষক-শিক্ষাবিদক লৈ দহজনীয়া শিক্ষা আয়োগ গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে বিদ্যালয়ৰ পৰিসংখ্যা নে গুণগত শিক্ষাৰে শৈক্ষিক উন্নয়ন সাধন হয় সেই বিষয়ক লৈও বিতৰ্ক হ’ব লাগে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ডিএলএড আৰু বি এড উৰ্ত্তীণ হোৱাৰ পিছত টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰে৷ কিন্তু তেওঁলোকে কেনেদৰে বিদ্যাৰ্থীক পঢ়ুৱাব সেই সন্দৰ্ভত জনাৰ সুবিধা নাই৷ অন্তত আঠ মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে আৰু এই বিষয়টোকো নিযুক্তি প্ৰক্ৰিয়াত গণ্য কৰিব লাগে৷ তেওঁ লগতে কয় যে গুণগত শিক্ষা প্ৰদান সম্ভৱ কৰি তুলিবৰ বাবে একো একোগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক দুটা বছৰ প্ৰৱেশ্যনত ৰাখিব লাগে৷ তেওঁ লগতে কয় যে ৫০ জনকৈ থকা বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে৷ শিক্ষা বিভাগত ক্ষমতাৰ গাঁথনি থাকিব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষকসকলৰ মাজত কোনো শ্ৰেণী বিভাজন থাকিব নালাগে৷ জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক নিযুক্তি হ’ব লাগে৷ ১০ বছৰ সমগ্ৰ শিক্ষাৰ অভিজ্ঞতা থকা শিক্ষককো প্ৰধান শিক্ষক হোৱাৰ সুযোগ দিব লাগে বুলি তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ উপৰি শিক্ষাবিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, সমগ্ৰ শিক্ষা অভিযানৰ মিছন সঞ্চালক ড॰ ঔম প্ৰকাশ প্ৰমূখ্যে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷
গুণোৎসৱত পঞ্চমবাৰৰ বাবে শ্ৰেষ্ঠ শিৱসাগৰ জিলা
‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধিঃ গুণোৎসৱত ক্ৰমাগত পঞ্চমবাৰৰ বাবে শিৱসাগৰ জিলা শ্ৰেষ্ঠ জিলা হিচাবে স্থান লাভ কৰিছে৷ তদুপৰি গুণগত মানৰ ঐক্যসাজ যোগানতো শিৱসাগৰ জিলা শ্ৰেষ্ঠ জিলাৰ স্থান লাভ কৰিছে৷ উল্লেখ্য, শিৱসাগৰ জিলাৰ ৭০,৭১৭জন ছাত্ৰ-ছাত্ৰীক সামৰি ১,২৪১খন বিদ্যালয়ত অনুষ্ঠিত হৈছিল গুণোৎসৱ৷ শিৱসাগৰ জিলাৰ ৪৬৩খন বিদ্যালয়ে A+, ১৯২খন বিদ্যালয়ে A, ২০খন বিদ্যালয়ে B, ৬খন বিদ্যালয়ে C আৰু ১খন বিদ্যালয়ে D গ্ৰেড পাবলৈ সক্ষম হয়৷ শিৱসাগৰ জিলাৰ ৬৮২খন বিদ্যালয়ে গুণোৎসৱত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ গুণোৎসৱত শিৱসাগৰ জিলা শ্ৰেষ্ঠ হিচাপে ঘোষিত হোৱাৰ পাছতেই বিদ্যালয়সমূহত আনন্দৰ জোৱাৰ উঠিছে৷ গুণোৎসৱত শিৱসাগৰ জিলাই শ্ৰেষ্ঠ জিলা হিচাবে নিৰ্বাচিত হোৱাৰ বাবে শিক্ষক সমাজ তথা অভিভাৱকে শিক্ষা বিভাগক ধন্যবাদ জনাইছে৷
মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে প্ৰাথমিক টেট্ শিক্ষক সমাজে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ গুণোৎসৱ-২০২৫ ৰ ফলাফল ঘোষণা আৰু গুণোৎসৱ-২০২৪ ৰ এ প্লাছ প্ৰাপ্ত বিদ্যালয়ক এককালীন বৰঙনি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলকো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদৰ বাবে যোগ্য হ’ব বুলি কৰা ঘোষণাই স্বাভাবিকতে আনন্দিত কৰি তুলিছে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক৷ কিছুদিন পূৰ্বে শিক্ষা বিভাগৰ পৰা প্ৰকাশিত এখন নিৰ্দেশনাত নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদৰ বাবে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলক স্থান দিয়া হোৱা নাছিল৷ যাৰ ফলত অসন্তুষ্ট হৈ পৰিছিল দীৰ্ঘদিন বিদ্যালয়সমূহত প্ৰধানৰ দায়িত্ব পালন কৰি অহা শিক্ষকসকলে৷ এই বিষয়ে প্ৰাথমিক টে’ট্ উত্তীৰ্ণ শিক্ষকসকলৰ সংগঠন সদৌ অসম প্ৰাথমিক টে’ট্ উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা বিদ্যালয় শিক্ষা বিভাগৰ সচিবক স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো পুনঃ বিবেচনা কৰিবলৈ আহ৩ান জনোৱা হৈছিল৷ আনহাতে শেহতীয়াকৈ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫০ জন ছাত্ৰ-ছাত্ৰী থাকিলে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সেয়েহে শিক্ষক সমাজে এই বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আশা কৰিছিল৷ অৱশেষত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা ঘোষণাই আশাৰ সঞ্চাৰ কৰিছে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষক সকলৰ মাজত৷ শিক্ষা বিভাগৰ দ্বাৰা গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত গুণোৎসৱৰ অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে ২০১২ চনত টে’ট্ উত্তীৰ্ণ শিক্ষকৰ নিযুক্তি স্বচ্ছ আৰু নিকা পদ্ধতিৰে প্ৰদান কৰাৰ পৰাই প্ৰাথমিক শিক্ষা বিভাগৰ যুগান্তকাৰী পৰিবৰ্তন হোৱা বুলি উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীৰ ব্যক্তব্যই ২০১২ চনত টে’ট্ পৰীক্ষাৰ জৰিয়তে অসমত প্ৰথম বাৰৰ বাবে সৰ্বশিক্ষাৰ অধীনত নিয়োজিত শিক্ষকসকলৰ একনিষ্ঠ সেৱা, ত্যাগ আৰু প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে কৰা নীৰৱিচ্ছিন্ন সাধনাৰ স্বীকৃতি প্ৰদান কৰা বুলি প্ৰেছ বাৰ্তাৰ দ্বাৰা প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক টে’ট্ উত্তীৰ্ণ শিক্ষক সমাজে৷ ইয়াৰ লগতে ২০২৫ বৰ্ষৰ অসম চৰকাৰৰ বাজেট ঘোষণাত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা, আপোন ঘৰ আৰু আপোন বাহন ঋণৰ সুবিধা, কৰ্মচাৰী বীমাৰ সুবিধা ইত্যাদি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে সদৌ অসম প্ৰাথমিক টে’ট্ উত্তীৰ্ণ শিক্ষক সমাজে৷ সংগঠনটোৱে এটা বিবৃতি যোগে ২০১২ ৰ চনৰ পৰাই সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰায় ১৪ হাজাৰৰো অধিক প্ৰাথমিক শিক্ষকৰ বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ধণাত্মক দৃষ্টি আশা ব্যক্ত কৰিছে৷