
খাদ্যত বিষক্ৰিয়া হৈ দুৰাতি গুৱাহাটীৰ হাস্পতালত নাৰাইন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ মাৰ্চঃ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আই পি এল মেচত অংশ ল’বলৈ আহি চিকিৎসাধীন হ’বলগীয়া হ’ল কলকাতা নাইট ৰাইৰ্ডাছৰ অলৰাউণ্ডাৰ সুনীল নাৰাইন৷ ডায়েৰীয়াত আক্ৰান্ত হোৱাত ৱেষ্ট ইণ্ডিছৰ তাৰকা ক্ৰিকেটাৰজনক বুধবাৰে মাজ নিশা ততাতৈয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়৷ হঠাৎ অসুস্থতাৰ বাবেই কলকাতা নাইট ৰাইডাৰ্ছৰ অপেনাৰ বেটছমেনজনে শেষ মুহূৰ্তত আই পি এল মেচখনৰ পৰা বিৰত থাকিবলগীয়া হয়৷ উল্লেখ্য, বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ সৈতে আই পি এলৰ দ্বিতীয়খন মেচত অংশ লোৱাৰ বাবে ২৩ মাৰ্চত গুৱাহাটীত আহি উপস্থিত হৈছিল বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মালিকানাধীন কে কে আৰৰ দলটো৷ সেই দিনাৰে পৰা গুৱাহাটীৰ ৰেডিশ্বন ব্লু’ হোটেলত বাহৰ পাতিছিল অলৰাউণ্ডাৰ সুনীল নাৰাইনসহ কে কে আৰৰ দলটো৷ কিন্তু গুৱাহাটী আহি পোৱাৰ এদিনৰ পাছতেই হঠাৎ অসুস্থ হৈ পৰে ক্ৰিকেটাৰগৰাকী৷
ডায়েৰীয়া সদৃশ ৰোগত আক্ৰান্ত হোৱাত অৱশেষত ২৫ মাৰ্চৰ মাজনিশা মহানগৰীৰ খানাপাৰা-জালুকবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ গাত লাগি থকা এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় সুনীল নাৰাইনক৷ ব্যক্তিগত হাস্পতালখনৰ মেডিচিন বিভাগৰ এগৰাকী বিশেষজ্ঞ মহিলা চিকিৎসকে নিশাই ক্ৰিকেটাৰ গৰাকীৰ চিকিৎসা আৰম্ভ কৰে৷ অৱশ্যে, চিকিৎসাধীন হ’বলগীয়া হোৱাত কলকাতা নাইট ৰাইৰ্ডাছৰ অপেনাৰ বেটছমেন সুনীল নাৰাইনে বৃহস্পতিবাৰৰ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মেচখনত অৱতীৰ্ণ হ’বলৈ সক্ষম নহ’ল৷ দুটা নিশা হাস্পতালখনত চিকিৎসাধীন হোৱাৰ পাছত সুস্থ হৈ উঠাত বৃহস্পতিবাৰে পুৱাই হাস্পতালৰ পৰা ডিচাৰ্জ দিয়া হয় খেলুৱৈজনক৷ ব্যক্তিগত হাস্পতালখনৰ চিকিৎসকে ক্ৰিকেটাৰ সুনীল নাৰাইনৰ খাদ্যত বিষক্ৰিয়া হোৱা বুলি নিশ্চিত কৰিছে৷ ইফালে সুনীল নাৰাইনেহাস্পতালৰ পৰা ডিচাৰ্জ লোৱাৰ পাছতেই কলকাতা নাইট ৰাইডাৰ্ছৰ দলটোৱে বৃহস্পতিবাৰে দুপৰীয়া ভাগত বৰঝাৰৰ পৰা বিশেষ বিমান যোগে মুম্বাইলৈ ৰাওনা হয়৷ অহা ৩১ মাৰ্চত মুম্বাইত কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছৰ সৈতে এখন মেচত অংশ ল’ব৷ ইয়াৰ পূৰ্বে ২২ মাৰ্চত কলকাতাত ৰয়েলছ চেলেঞ্জ বেংগালুৰুৰ সৈতে হোৱা কে কে আৰৰ মেচখনত সুনীল নাৰাইনে ৪ টা বলত ৪৪ ৰান সংগ্ৰহ কৰিছিল৷ তদুপৰি উদ্বোধনী মেচখনত এটা উইকেটো দখল কৰিছিল সুনীল নাৰাইনে৷