Logo
image

৭০ বছৰীয়া লোকো গুৰুত্বপূৰ্ণ চৰকাৰী পদবীত !

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ মাৰ্চঃ  পৰীক্ষা পৰিচালনাত সংস্কাৰ সাধন নামত ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰীকৰণ কৰি ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড গঠন কৰিলে যদিও একাংশ দুৰ্নীতিগ্ৰস্ত আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়াৰ হাততেই তুলি দিছে নৱ গঠিত ব’ৰ্ডৰ দায়িত্ব৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিক ভেঙুচালি কৰি ৭০ বছৰীয়া আমোলাক শিক্ষা পৰিষদৰ অধ্যক্ষ নিযুক্তিৰ বাট মুকলি কৰি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিছে মুখ্যমন্ত্ৰীয়ে৷– এই গুৰুতৰ অভিযোগ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ৷ ৰমেশ চান্দ জৈনক নৱগঠিত বিদ্যালয় শিক্ষা ব’ৰ্ডত সংস্থাপনৰ স্বাৰ্থত পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া নিযুক্তিৰ ৬৫ বছৰৰ বয়সৰ ঊধবৰ্সীমা নীতিকো ভৰিৰে মোহাৰি পেলাবলৈ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰখনে কুণ্ঠাবোধ নকৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে৷ এই সন্দৰ্ভত ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই এটা বিবৃতিত কয়– ‘মুখ্যমন্ত্ৰীৰ প্ৰিয় ব্যক্তিক সংস্থাপিত কৰাৰ স্বাৰ্থতেই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলিছে চৰকাৰে৷ চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি কথাষাৰ পুনৰ সত্য প্ৰমাণিত কৰি একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত শেহতীয়াকৈ অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে ব্যক্তিগত আৰু অপ্ৰাদেশীকৃত স্কুলত পৰীক্ষা কেন্দ্ৰ নাথাকিব আৰু প্ৰশ্নকাকত আৰক্ষী চকীত ৰখা হ’ব ইত্যাদি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে৷ পিছে অনিয়মেই এতিয়া শৰ্মা চৰকাৰৰ নিয়মত পৰিণত হৈছে ৷ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাইপতি তেওঁৰ পূৰ্বৰ দল কংগ্ৰেছক তুলাধুনা দিলেও কংগ্ৰেছৰ সময়ৰ তেওঁৰ বিশেষ ঘনিষ্ঠ আৰু একাংশ দুৰ্নীতিগ্ৰস্ত অৱসৰপ্ৰাপ্ত বিষয়াৰ ওপৰতেই এতিয়া ৰাজ্যৰ বহু বিভাগ তথা প্ৰশাসনৰ গুৰু দায়িত্ব অৰ্পণ কৰিছে৷ চৰকাৰৰ এনে নীতিৰ বাবেই উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম বৰ্ষৰ প্ৰায় ৩ লাখ ৩২ হাজাৰ শিক্ষাৰ্থী আজি ভুক্তভোগী হ’বলগীয়া হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ দোহাই দি ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ একত্ৰীকৰণ কৰি সৃষ্টি কৰা হ’ল অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ৷


পিছে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা কাৰ্যকৰী হোৱা শিক্ষা পৰিষদে প্ৰথম বছৰৰ পৰীক্ষা সমূহেই সঠিকভাৱে অনুষ্ঠিত কৰাত ব্যৰ্থ হ’ল৷ চৰকাৰ আৰু পৰিষদে দোষ যিমানেই একাংশ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানৰ ওপৰত নিদিয়ক কিয়, প্ৰশ্নকাকত ফাদিল হোৱাৰ দৰে অক্ষমণীয় ভুলৰ ক্ষেত্ৰত সামূহিক দায়িত্ব সকলোৱে মূৰ পাতি ল’ব লাগিব৷ এনে ঘটনাই ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে হাৰাশাস্তি দিয়াৰ লগতে ৰাজ্যিক শিক্ষা ব্যৱস্থাৰ পৰিবৰ্তে চিবিএছই আৰু আইচিএছই আদিৰ প্ৰতি আগ্ৰহী হয়৷ গতিকে এনে ঘটনা ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি অশনি সংকেত৷ এই প্ৰসংগত শৰ্মা চৰকাৰৰ ভুল নীতিয়েই জগৰীয়া৷ কিয়নো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কথাকৈ চৰকাৰে এই শিক্ষা পৰিষদ গঠন কৰিলে যদিও Assam State School Education Board Act ২০২৪ৰ ৬ নং অনুচ্ছেদত কৌশলপূৰ্ণভাৱে ৭০ বছৰীয়া এজন লোককো পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ কৰাৰ ব্যৱস্থা কৰি ৰাখিছে৷ প্ৰকৃততে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ ৰমেশ চান্দ জৈনক ৬৫ বছৰ বয়স পাৰ হোৱাৰ পাছতো সংস্থাপিত কৰাৰ স্বাৰ্থতেই যে এই ব্যৱস্থা কৰা হৈছিল সেয়া আজি স্পষ্ট৷ শেহতীয়াভাৱে আনকি বিধায়িকা শিৱামণি বৰাৰ এক প্ৰশ্নৰ উত্তৰত অসম চৰকাৰে মুঠ ৩৫জন অৱসৰী বিষয়াক এনেদৰে বিভিন্ন পদবীত নিযুক্তি দি ৰখাৰ কথা জনাইছে৷ যিসকলৰ অধিকাংশই কংগ্ৰেছৰ সময়ৰ পৰা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়া বুলি ৰাইজে জানে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই ক্ষেত্ৰত শৰ্মা চৰকাৰে পূৰ্বৰ সোণোৱাল চৰকাৰৰ নীতি চূড়ান্তভাৱে ভংগ কৰিছে, য’ত ৬৫ বছৰ বয়সৰ উৰ্ধসীমাৰ কথা উল্লেখ কৰাৰ লগতে কেৱল অতি ব্যতিক্ৰম কাৰণতহে এইদৰে অৱসৰপ্ৰাপ্ত বিষয়াক নিয়োগ কৰাৰ দিহা আছিল৷ ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত ৭৪ বছৰীয়া দশৰথ ডেকা, গৃহ বিভাগত ৬৬ বছৰীয়া বন্যা গগৈ, ৬৪ বছৰীয়া লুইছ আইন্দ, বন বিভাগত ৬৫ বছৰীয়া দিব্যধৰ গগৈ, লোক নিৰ্মাণ [পথ] বিভাগত প্ৰায় ৬৫ বছৰীয়া ব্ৰজ মোহন চৌধুৰী, ৬৩ বছৰীয়া বিৰাজ তালুকদাৰ, ৬৫ বছৰীয়া কুশল কুমাৰ শইকীয়া, ৬৩ বছৰীয়া বিভুতি শইকীয়া, ৬৫ বছৰীয়া দিব্যজ্যোতি চহৰীয়া, ৬৬ বছৰীয়া হিৰণ্যময় সেন, ৬২ বছৰীয়া দেৱজিৎ ভূঞা, ভূদেৱ শৰ্মা, চন্দন শৰ্মা, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত ৬৩ বছৰীয়া ঈশ্বৰ চন্দ্ৰ শৰ্মাৰ দৰে অৱসৰপ্ৰাপ্ত বিষয়াক গুৰু দায়িত্বত সংস্থাপন দিছে৷ গতিকে শৰ্মা চৰকাৰৰ এই নীতিয়ে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা যে মুখ্যমন্ত্ৰীজনৰ এক ব্যক্তিগত গোটলৈ পৰিণত কৰিছে, সেয়া নক’লেও স্পষ্ট৷ প্ৰশ্ন হৈছে– অসম চৰকাৰৰ প্ৰকৃততে দক্ষ বিষয়াৰ অভাৱ ঘটিছে নেকি? ধাৰত পোত খাই থকা চৰকাৰে এইদৰে একাংশ অৱসৰপ্ৰাপ্ত বিষয়াৰ দৰমহাৰ নামতো মাহে প্ৰায় ৰ কোটি টকা কিয় খৰচ কৰিছে?’