
শব্দ প্ৰদূষণে স্নায়ু-মস্তিষ্কত আঘাত কৰে
আমাৰ এই জগতখন পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলে৷ মানুহে জন্মতে একোকে লৈ নাহে, সকলো ইয়াতে সৃষ্টি কৰি লয়৷ মানুহৰ সুখ-শান্তি, আনন্দ এই পৰিৱেশৰ পৰাই আহৰণ কৰি ল’ব পাৰে৷ পৃথিৱীৰ সকলো মানুহে সুস্থ দেহ আৰু মনৰ অধিকাৰী হ’বলৈ সদায়ে বাঞ্ছা কৰে৷ কিন্তু জনসংখ্যা বৃদ্ধিৰ লগে লগে কিছুমান সমস্যাই দেখা দিবলৈ লৈছে৷
বিজ্ঞানৰ আৱিষ্কাৰৰ লগে লগে যান-বাহনৰ কোলাহল, কল-কাৰখানা,বোমা-বাৰুদৰ শব্দই দৈত্যৰ দৰে জগতখনক গ্ৰাস কৰিবলৈ লৈছে৷
আমাৰ প্ৰকৃতিৰ ৰূপ বিনন্দীয়া, জীৱ-জন্তু, চৰাই-চিৰিকটিৰ সুৱলা মাতে আমাৰ মন আনন্দিত কৰে৷ এনেবোৰ শব্দই আমাৰ মনত বিৰক্তি নিদি আনন্দৰ বন্যা বোৱাই দিয়ে৷ সন্ধিয়া আকাশৰ বুকুৱেদি বাহলৈ উভতি যোৱা শৰালিজাকৰ সুমধুৰ সুৰ, এজাক বগলী উৰি যোৱা সেই দৃশ্যবোৰ, হাইঠা, ডাউকৰ মাতে আমাক বৰ আনন্দ দিছিল৷ হাজাৰ হাজাৰ ভাটৌ, এজাক শালিকীয়ে যেতিয়া শস্যবোৰ খাবলৈ পায়, তেতিয়া সিহঁতৰ কি যে আনন্দ/ বাহ্ বৰ ভাল লাগে সেই চৰাইজাকৰ গীতবোৰ৷ পিছে এতিয়া সেইবোৰ কিমানজন মানুহে শুনিবলৈ পায়/
শব্দ প্ৰদূষণে সকলোৰে মন-মগজু, স্নায়ু আৰু হূৎপিণ্ডত চাপৰ সৃষ্টি কৰে৷ আমাৰ কাণৰ পৰ্দাত খুন্দা খাই গহ৩১লৈ প্ৰনেশ কৰিলে আমাৰ ক্ষতি হয়৷
বেছি হুলস্থূলত থাকিলে মানুহৰ হূদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে৷ আমি হঠাৎ কেতিয়াবা চক খাই উঠোঁ, ইও ভালৰ লক্ষণ নহয়৷ অনবৰত মাইকৰ মাত শুনি থাকিলেও আমাৰ অশান্তি লাগে৷ ইয়াৰ ফলত আমাৰ কাণৰ বিষ হ’বও পাৰে৷ শব্দ প্ৰদূষণে আমাৰ ৰক্তচাপ বৃদ্ধি কৰে৷ শব্দ প্ৰদূষণৰ বিষয়ে সচেতন নহ’লে আমি নিজৰেই ক্ষতি কৰা হ’ব৷
তীব্ৰ কোলাহলকাৰী সকলো বস্তুৱেই শব্দ প্ৰদূষণৰ সৃষ্টি কৰি আহিছে৷ আমাৰ প্ৰকৃতি আৰু পৰিৱেশৰ ভাৰসমতা দিনে দিনে কমি আহিবলৈ ধৰিছে৷
এইবোৰ প্ৰদূষণৰ পৰা হাত সাৰিবলৈ প্ৰতিৰোধ ব্যৱস্থাও ঠায়ে ঠায়ে গ্ৰহণ কৰিছে৷
শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, জল প্ৰদূষণ– এই আটাইকেইবিধেই আমাৰ অনিষ্ট কৰি আহিছে৷
উন্নত দেশৰ শিক্ষিত, সচেতন ব্যক্তিসকলে ইয়াক প্ৰতিৰোধ কৰিবলৈ সু-ব্যৱস্থা কৰি আহিছে৷ আৰ্থিকভাৱে দুৰ্বল দেশত এই সমস্যাৰ পৰা হাত সাৰিবলৈ কিছু অসুবিধা হয়৷ তথাপি আমি এই বিষয়ে সজাগ কৰিব লাগিব৷ শব্দ প্ৰদূষণৰ ভয়াৱহতা দিনে দিনে বৃদ্ধি হৈ অহা দেখা গৈছে৷
আমি অনৰ্থক কোলাহলৰ সৃষ্টি নকৰি সকলো ব্যক্তি সজাগ হোৱা উচিত৷ যান-বাহনে বিকট শব্দ কৰি হৰ্ন বজোৱাৰ পৰা বিৰত থাকিব লাগে৷ বেছি কোলাহল সৃষ্টি হোৱা অঞ্চলত গছ-গছনি ৰুব পাৰিলে শব্দ প্ৰদূষণ কিছু কম হোৱা দেখা যায়৷
জনগণৰ লগতে চৰকাৰ আৰু প্ৰশাসন সকলো সচেতন হ’ব লাগিব৷ জনগণক শিক্ষিত কৰিব পাৰিলেহে এই বিষয়ে সকলো সজাগ হ’ব৷