Logo
image

বহিঃৰাজ্যৰ বণিয়াৰ গ্ৰাসত অসমৰ গামোচাৰ বজাৰ

'আমাৰ অসম'ৰ দক্ষিণ নলবাৰীৰ প্ৰতিবেদকঃ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ব'হাগ বিহুৰ প্ৰাকক্ষণত ব্যস্ত হৈ পৰিছে চহা শিপিনী সকল। তাঁতশালত ফুলাম গামোচা তৈয়াৰত দহবন কাটি কৰি হ'লেও ব্যস্ত হৈ পৰিছে নলবাৰীৰৰো গঞা শিপিনী সকল। ইতিমধ্যে এচাম শিপিনীয়ে বিক্ৰীৰ বাবে তৈয়াৰ কৰি উলিয়াইছে ফুলাম গামোচা, ৰিহা আদি। কিন্তু গামোচাৰ হতাশজনক বিক্ৰীয়ে এইবাৰ থলুৱা শিপিনীক নিৰুৎসাহ কৰি তুলিছে। বিহুৰ সময়ত সাধাৰণতে অসমীয়াৰ হেপাঁহৰ বিহুৱানখনৰ চাহিদা বৃদ্ধি পায়। সেয়ে ৰাজ্যৰ বিশেষকৈ নলবৰীয়া এচাম গঞা শিপিনীয়ে বিক্ৰীৰ বাবে বৰ্ধিত সূতাৰ দামৰ পিছতো এইবাৰ বহুসংখ্যক গামোচা প্ৰস্তুত কৰি উলিয়াইছে যদিও বহিঃৰাজ্যৰ আমদানিকৃত গামোচাৰ আগ্ৰাসনে সাংঘাটিক ধৰণে গামোচাৰ বজাৰ গ্ৰাস কৰি পেলাইছে। নলবাৰীৰ বিশেষকৈ গ্ৰামাঞ্চলৰ বহু শিপিনীয়ে বিহুত গামোচা বিক্ৰী কৰি দুপইচা পোৱাৰ আশা পুহি ৰাখিছিল যদিও আমদানিকৃত গামোচাৰ বজাৰে সেই আশা আশাহত কৰি তুলিছে তেওঁলোকৰ। সম্প্ৰতি জিলা খনৰ গাঁৱে-ভূঞে এনে চালানী গামোচা বিক্ৰীৰ বাবে সোমাই পৰিছে এচাম বেপাৰী। সম্প্ৰতি ৰাজ্যৰ গামোচাৰ বজাৰখনত বহিঃৰাজ্যৰ বণিয়াই আমদানি কৰা গামোচাই এনেদৰে শিপাইছে যে, এনে সস্তীয়া গামোচাৰ সহজলভ্যতাই ৰামটাঙোন শোধাইছে ৰাজ্যৰ থলুৱা শিপিনীক। 


যথেষ্ট কম দামতে বজাৰত সহজলভ্য এই বহিঃৰাজ্যৰ গামোচাই ম্লান কৰি পেলাইছে থলুৱা উদ্যোগ, শিপিনীৰ আশা। কেৱল মুনাফা লুটাৰ উদ্দেশ্যে নিম্নমানৰ সূতাৰে প্ৰস্তুত কৰা বহিঃৰাজ্যৰ গামোচাবোৰ বজাৰত কম দামতে কিনিবলৈ পোৱাৰ ফলত থলুৱা শিপিনীয়ে বোৱা গামোচাখন এলাগী হৈ পৰিছে। জানিব পৰা মতে, সূতাৰ দাম দিনক দিনে বৃদ্ধি পোৱাৰ বাবেই ৰাজ্যৰ বহু মহিলাই এতিয়া তাঁতশালত গামোচা বোৱাটো কমাই দিছে আৰু ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি এচাম বহিৰাগত বণিয়াই কলকতা, বেংগালুৰু, মাদুৰাই, চেন্নাই আদি বহিঃৰাজ্যত তৈয়াৰী গামোচা আমদানিৰে অসমৰ বজাৰত এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। উল্লেখ্য, অতি কম সময়তে ৰাজ্যত প্ৰতিবিধ সূতাৰ দাম প্ৰতি কিলোগ্ৰামত ৫০-৬০ টকাকৈ বৃদ্ধি পাইছে। গামোচাত ব্যৱহাৰ হোৱা ২৬ নং সূতী দহলেছি সূতাৰ দামো বাঢ়িছে। মাচৰাজ সূতাৰ দাম  কিলোগ্ৰামত ৫০-৮০ টকা বৃদ্ধি হৈছে। একেদৰে,পদ্মিনী সূতাৰ কিলোগ্ৰামে প্ৰতি আগতকৈ বহু বৃদ্ধি হৈছে দাম। সূতাৰ এনে অত্যধিক মূল্য বৃদ্ধিয়ে থলুৱা শিপিনীক মাধমাৰ শোধাইছে। তথাপিও গঞা শিপিনীয়ে ৰঙালী বিহু উপলক্ষে তৈয়াৰ কৰি উলিয়াইছে ফুলাম গামোচা।