Logo
image

শিৱসাগৰৰ কোঁৱৰপুৰত শিশু ভাওনা প্ৰতিযোগিতা

'আমাৰ অসম'ৰ গৌৰীসাগৰৰ প্ৰতিবেদকঃ যোৱা ২৬ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ শিৱসাগৰ জিলাৰ বলিয়াঘাটৰ বহ্নিমান মইনা পাৰিজাতৰ সৌজন্যত কৃষ্টি বিকাশ প্ৰাংগণত অনুষ্ঠিত হৈ থকা শিশু ভাওনা প্ৰতিযোগিতাত হাজাৰ হাজাৰ দৰ্শকৰ সমাবেশেৰে উদুলি-মুদুলি পৰিবেশ বিৰাজমান হৈ আছে। মুঠ আঠটি দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত চতুৰ্থ দিনা প্ৰথম ভাগি নাট বিয়লি ৪ বজাত যোৰহাট কাকজানৰ বৰ্ণিল সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰিব 'ভাতৃ বধু'।


আৰু দ্বিতীয় ভাগি লাহদৈগড়ৰৰ ৰাম-কৃষ্ণ শিশু শিল্পী সমাজে পৰিবেশন কৰিব 'শকুনিল প্ৰতিশোধ'। উদযাপন সমিতিয়ে অত্যন্ত সুন্দৰকৈ আয়োজন কৰা ব্যৱস্থাপনাত শিশু শিল্পী সকলৰ লগতে ভাওনা দল সমূহৰ প্ৰতিজন সদস্যই শুশ্ৰূষাত সন্তোষ প্ৰকাশ কৰিছে। অহা ৩০ তাৰিখে বিয়লি ৫ বজাত বঁটা বিতৰণি অনুষ্ঠানৰ পাছতে স্থানীয় শিশু সকলে পৰিবেশন কৰিব 'মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ' ভাওনা। উক্ত ভাওনাৰ মঞ্চভাগি উদ্বোধন কৰিব শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়াই।