Logo
image

ঘনে ঘনে কঁপি উঠিল অসমো

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৮ মাৰ্চঃ  উত্তৰ পূৰ্বাঞ্চলৰ গাতে লগা ম্যানমাৰসহ দক্ষিণ পূব এছিয়াৰ কেবাখনো দেশত শুকুৰবাৰে দিনৰ ভাগত কেবাটাও বিধংসী ভূমিকম্পই জোকাৰি যায়৷ ভাৰতীয় মান সময় অনুসৰি দিনৰ ১১.৫০ বজাৰ পৰা নিশা ৮.২০ বজালৈ মাত্ৰ ৯ ঘণ্টাৰ ভিতৰতে ১২ টাকৈ সৰু-বৰ ভূমিকম্পৰ জোকাৰণি অনুভূত  হয়৷ য’ত ৰিখটাৰ স্কেলত ৭ বা প্ৰাৱল্যতকৈ অধিক কম্পনাংকৰ দুটা ভূমিকম্পই জোকাৰি যায়৷ এই দুয়োটা ভূমিকম্পৰ অভিকেন্দ্ৰ বা উৎপত্তিস্থল আছিল চুবুৰীয়া মণিপুৰৰ গাতে লগা ম্যানমাৰ৷ ১২টা ভূমিকম্পৰ ভিতৰত জ্ঝ টাৰ অভিকেন্দ্ৰ ম্যানমাৰ হোৱাৰ বিপৰীতে দুটাৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলা৷ উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া দেশ ম্যানমাৰত অনুভূত হোৱা ভূমিকম্পৰ কঁপনিৰ প্ৰভাৱ অসমতো পৰা পৰিলক্ষিত হয়৷ আনহাতে জানুৱাৰী মাহৰ পৰা অসমসহ উত্তৰ পূবত প্ৰায় তিনিটা মাহৰ ভিতৰতে ২০ টাকৈ সৰু - বৰ ভূমিকম্পই জোকাৰি গৈছে অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্য৷


অৱশ্যে শুকুৰবাৰে হোৱা ভূমিকম্পৰ ফলত ম্যানমাৰ, থাইলেণ্ড আদি দেশত ব্যাপক হাৰত ধন - জন, সা - সম্পত্তিৰ ক্ষতিসাধন হলেও অসমসহ উত্তৰ পূবত জোকাৰণিৰ তীব্ৰতা কম হোৱা বাবে এই পৰ্যন্ত ভূমিকম্পৰ ফলত সা-সম্পত্তি কিম্বা ধন-জনৰ ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই৷  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি শুকুৰবাৰে প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভাৰতীয় মান সময় অনুসৰি দুপৰীয়া ১১ বাজি ৫০ মিনিট ৫২ ছেকেণ্ডত৷ ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৭.২ কল্পনাংক আৰু অভিকেন্দ্ৰ আছিল ম্যানমাৰৰ পৰা ১০ কিঃ মিঃ গভীৰতাত৷ তাৰ মাত্ৰ ২২ মিনিট পাছত ভাৰতীয় মান সময় অনুসৰি দুপৰীয়া ১২ বাজি ২মিনিট ৭ ছেকেণ্ডত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ সেই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৭.০ কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল ম্যানমাৰৰ ১০ কিলোমিটাৰ গভীৰতাত৷ তাৰ পাছত একাদিক্ৰমে নিশা ৮.২০ বজালৈ ধাৰাবাহিক আহি থাকে সৰু - বৰ ১২ টাকৈ ভূমিকম্প৷ উত্তৰ পূবৰ মণিপুৰ আৰু মেঘালয়ত অভিকেন্দ্ৰ থকা তিনিওটা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৩.৭ ৰ পৰা ৪.৩ কম্পনাংকৰ ভিতৰত থকা বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলত বিশেষ ক্ষতিসাধন নহল৷  তাৎপৰ্যপূৰ্ণভাৱে অসমৰ গাতে লগা এখন ৰাজ্য আৰু সেই ৰাজ্যৰ গাতে লগা এখন দেশত মাত্ৰ  ৯ ঘণ্টাৰ ভিতৰত ১২ টাকৈ ভূমিকম্পই জোকাৰি যোৱা আৰু আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ ওচৰা-ওচৰিকৈ হোৱা বাবে আগন্তুক দিনত বিশ্বৰ অন্যতম ভূ-কম্পন অঞ্চল হিচাপে পৰিচিত অসমসহ উত্তৰ পূবত বৃহৎ বা উচ্চ প্ৰাবল্যৰ ভূমিকম্প আহিব পাৰে নেকি তাক লৈ ভূ-তত্ত্ব বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে৷