
শ্বেৰমান বিধায়ক হৈ থাকিবনে? সিদ্ধান্ত ১ এপ্ৰিলত
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ মাৰ্চঃ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদৰ বিধায়ক পদ খাৰিজৰ সম্ভাৱনা এইবাৰ পুনৰ প্ৰকট হৈছে৷ অসম বিধানসভাৰ সূত্ৰই জনোৱা মতে এক এপ্ৰিলত অসম বিধানসভাৰ বিশেষাধিকাৰ কমিটীয়ে শ্বেৰমানৰ বিধায়ক পদ খাৰিজৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব৷ উল্লেখ্য যে সদ্য সমাপ্ত বিধানসভাৰ বাজেট অধিৱেশনত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে অধ্যক্ষৰ আসনত বহি সদন পৰিচালনা কৰি থকাৰ সময়ত সৃষ্টি হোৱা এক হুলস্থুলীয়া পৰিস্থিতিত উপাধ্যক্ষক ‘হপলেচ’ বুলি কৈছিল৷ বিধানসভাৰ উপাধ্যক্ষই ইয়াৰ বাবে দেওঁক সদনৰ বহিষ্কাৰ কৰিছিল৷ সদনৰ বাহিৰত আহি বিধায়কগৰাকীয়ে অভিযোগ কৰিছিল যে উপাধ্যক্ষই বিৰোধী বিধায়কক গৰু-ছাগলীৰ দৰে খেদা মাৰি আহে৷ লোকসভাৰ অধ্যক্ষই বিৰোধীক কেনেদৰে ব্যৱহাৰ কৰে, ইয়াৰ পৰা তেওঁ শিকিব লাগে৷ উপাধ্যক্ষৰ আসনত বহাৰ বাবে ডাঃ মোমল মমিনৰ যোগ্যতা নাই বুলিও শ্বেৰমান আলি আহমেদে মন্তব্য কৰিছিল৷
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বিশেষাধিকাৰ কমিটীলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য, কংগ্ৰেছ বিধায়িনী দলৰ পূৰ্বৰ উপ-দলপতি ৰকিবুল হুছেইনে বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদৰ বিধায়ক পদ খাৰিজৰ বাবে উচ্ছ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অৱশ্যে শ্বেৰমান আলি আহমেদৰ বিধায়ক পদ বাহল ৰাখিছিল৷ কিন্তু এতিয়া অধ্যক্ষ দৈমাৰীয়েই বিধায়কগৰাকীৰ ভূমিকাত ক্ষুন্ন হোৱাত শ্বেৰমান আলি আহমেদৰ বিধায়ক পদ থাকিব নে নাথাকে ইয়াক লৈ পুনৰ অনিশ্চয়তাই দেখা দিলে৷ জানিব পৰা মতে কংগ্ৰেছৰ আন এগৰাকী বিধায়ক নুৰুল হুডাৰ উপাধ্যক্ষক প্ৰহাৰৰ অভিযোগৰ বিষয়টোও এক এপ্ৰিলত বিশেষাধিকাৰ কমিটীৰ বৈঠকত আলোচনা হ’ব৷