
৪-৫ এপ্ৰিলত ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন
‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদক, ২৮ মাৰ্চঃ ২ এপ্ৰিলত অনুষ্ঠিত হ’বলগা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথোঁ চাৰিটামান দিন বাকী থকালৈ চাই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান সম্প্ৰতি তুংগত উঠিছে৷ ৰাভা হাছঙৰ এই নিৰ্বাচনী ৰণত শাসকীয় বিজেপি দলে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছে দলৰ প্ৰাৰ্থীক বিজয়ী কৰাবলৈ৷ ৰাভা হাছঙৰ এই নিৰ্বাচনত বিজেপি দলৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ ৰথী-মহাৰথীৰ প্ৰচাৰ অভিযানে আৰু বাক্যুদ্ধই বাৰুকৈয়ে আকৰ্ষণীয় কৰি তুলিছে ইয়াৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ পৰিয়দীয় এলেকাৰ বিভিন্ন সমষ্টিত দিনে-নিশাই আগমন ঘটিছে দলৰ নেতৃবৃন্দৰ৷ দলীয় প্ৰাৰ্থীক বিজয়ী কৰোৱাৰ বাবে বিজেপিৰ ৰথী-মহাৰথীসকলে যুদ্ধংদেহী তৎপৰতা চলোৱাৰ সমান্তৰালকৈ আজি ৩০নং বামুণীগাঁও পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল অসম চৰকাৰৰ পঞ্চায়তমন্ত্ৰী ৰঞ্জিত দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জয়ন্ত মল্ল পাটোৱাৰী৷ ছয়গাঁও সমষ্টিৰ এলেকাধীন ৩০নং বামুণীগাঁও সমষ্টিৰ অন্তৰ্গত গোৱৰ্ধন আৰু কৈমাৰীত বিজেপিৰ প্ৰাৰ্থীৰ হৈ চলায় নিৰ্বাচনী প্ৰচাৰ৷ এই উপলক্ষে আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে কয়- এইবাৰো ৰাভা হাছঙৰ নিৰ্বাচনত বাৰুকৈয়ে মুখথেকেঁচা খাব কংগ্ৰেছ দলে৷ ৰাভা হাছঙত এইবাৰ বিৰোধীবিহীন নিৰ্বাচন হৈছে৷ ভাষণ প্ৰসংগত পঞ্চায়তমন্ত্ৰী ৰঞ্জিত দাসে আৰু কয় যে অহা চ্ছ্ৰযপ্ত এপ্ৰলিত নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ বিজেপি দলে গাওঁপঞ্চায়তসমূহৰ উন্নয়নত আমূল পৰিৱৰ্তন অনা আৰু মহিলাসকলক স্ব-নিৰ্ভৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা ভূমিকাৰ কথা দোহাৰি মহিলাসকল আত্মনিৰ্ভৰশীল হ’লেহে অসম আত্মনিৰ্ভৰ হ’ব বুলিও ব্যক্ত কৰে৷ ইফালে, মন্ত্ৰী জয়ন্ত মল্ল পাটোৱাৰীয়ে নিজৰ ভাষণত কয় - কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক কটাক্ষ কৰি কয়- ভূপেন বৰাই হৰাৰ গীনিজ ৰেকৰ্ড কৰি আছে৷ ভূপেন বৰাৰ এই হৰাৰ অভিযানত সকলোৱে সহযোগ কৰা উচিত৷ ৰাভা হাছঙৰ এই নিৰ্বাচনত বিজেপি দলৰ সপক্ষে ৰাইজৰ যি উৎসাহ দেখা গৈছে তালৈ চাই এই নিৰ্বাচনত কংগ্ৰেছ যে নিশ্চিহ্ন হৈ পৰিব সেয়া নিশ্চিত৷ ইয়াৰ এশ শতাংশ ৰাইজেই বিজেপি আৰু যৌথ সংগ্ৰাম সমিতিৰ লগত আছে বুলি কৈ বিজেপি প্ৰাৰ্থী অভিত ৰাভাক ৰেকৰ্ডসংখ্যক ভোটৰ ব্যৱধানত বিজয়ী কৰিবলৈ ভোটাৰ ৰাইজক আহ৩ান জনায়৷ তদুপৰি পৰিষদীয় নিৰ্বাচনত অৱত্তীৰ্ণ হোৱা বিজেপি দলৰ লগতে মিত্ৰদল ৰাভা যৌথ মঞ্চৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ ভোটাৰ ৰাইজক অসম চৰকাকৰ মন্ত্ৰীদ্বয়ে আহ৩ান জনাই ৰাইজৰ ঘৰে, ঘৰে চোতালে চোতালে গৈ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দলীয় কৰ্মীক নিৰ্দেশ প্ৰদান কৰে৷ নিৰ্বাচনী প্ৰচাৰ সভাখনত ৩০নং বামুণীগাঁও পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজিত ৰাভা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শ্বেখৰ বৈশ্য, দক্ষিমণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী প্ৰমুখ্যে দলৰ ৰাজ্যিক তথা জিলাপৰ্যায়ৰ ভালেসংখ্যক নেতৃবৃন্দ উপস্থিত থাকে৷
ৰাভা হাছঙত ক্ৰমাৎ গৰম হৈছে নিৰ্বাচনী বতাহ
‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদকঃ ২ এপ্ৰিলত অনুষ্ঠিত হ’বলগা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী ৰণত অৱত্তীৰ্ণ হোৱা ৰাষ্ট্ৰীয় দল তৃণমূল কংগ্ৰেছেও পৰিষদীয় এলেকাত সম্প্ৰতি দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে৷ দলটোৱে পৰিষদীয় এলেকাত দলৰ প্ৰাৰ্থীৰ হৈ ধাৰাবাহিক প্ৰচাৰ অভিযান চলোৱা অৱস্থাত আজিও ৰাষ্ট্ৰীয় দলটোৰ নেতৃত্বই বকো-ছয়গাঁও সমষ্টিৰ কেইবাঠাইত দলীয় প্ৰাৰ্থীৰ হৈ চলায় নিৰ্বাচনী প্ৰচাৰ৷ প্ৰাপ্ত বাতৰি মতে, কামৰূপ জিলাৰ ছয়গাঁও আৰু বকো সমষ্টি এলেকাৰ চাৰিটাকৈ পৰিষদীয় সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপিত কৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সদস্য সুস্মিতা দেৱে প্ৰাৰ্থীৰ হৈ চলায় মাৰাথন নিৰ্বাচনী প্ৰচাৰ৷ এই প্ৰচাৰ সভাত অংশলৈ সুস্মিতা দেৱে কয় যে যদিও বিজেপি শাসনাধিষ্ঠিত ৰাভা হাছং যৌথ মঞ্চৰ চৰকাৰ আছে, তথাপিও তৃণমূল কংগ্ৰেছে যুদ্ধ কৰি যাব৷ লগতে বিজেপি দলক আহ৩ান জনাই যে গণতন্ত্ৰত সকলোৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আৰু প্ৰচাৰ চলোৱাৰ অধিকাৰ আছে৷ গতিকে বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী তথা কৰ্মকৰ্তাসকলক ভয়, ধমকি নিদিয়াৰ বাবে আহ৩ান জনায় তৃণমূলৰ নেত্ৰীগৰাকীয়ে৷ ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু বিজেপি, উভয় দলকে কটাক্ষ কৰি আৰু কয় যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰি পাছত বিজেপি দলত যোগদান কৰে৷ আনহাতে, বিজেপিয়ে বাঙালীৰ ভোট বিচাৰি আহে কিন্তু বাঙালী ৰাইজক একো নিদিয়ে৷ উদাহৰণস্বৰূপে সুস্মিতা দেৱে কয় যে কাছাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডি ভোটাৰৰ সমস্যা সমাধান কৰিব বুলি কৈছিল কিন্তু আজিপৰ্যন্ত নকৰিলে, লগতে কেবৰ নামতো বহুত ক’লে কিন্তু একো নকৰিলে৷ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অসম তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি তথা নামনি অসমৰ তত্ত্বাৱধায়ক দুলু আহমেদে দলটোৱে প্ৰক্ষেপ কৰা উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিত প্ৰতাপ সাহা, বামুণীগাঁৱত পলাশ দাস, বন্দাপাৰাত শ্যামল ৰাভা আৰু দক্ষিণ বনগাঁৱত ৰূপ কুমাৰ বড়োক বিজয়ী কৰিবলৈ ভোটাৰ ৰাইজক আহ৩ান জনায়৷ এই নিৰ্বাচনী প্ৰচাৰ অভিযানত তৃণমূল কংগ্ৰেছৰ দক্ষিণ কামৰূপ জিলাৰ সভানেত্ৰী লাৱণ্য বড়োৰ লগতে ৰাজ্যিক তথা জিলাপৰ্যায়ৰ কেইবাগৰাকী নেতৃত্বই সহযোগ কৰে৷
মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহিছেঃ ৰণোজ পেগু
‘আমাৰ অসম’ৰ ধূপধৰাৰ প্ৰতিবেদকঃ আগন্তুক ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে৷ ৰাভা হাছং পৰিষদৰ ৰ নং ধূপধৰা পৰিষদীয় সমষ্টিৰ যৌথ সংগ্ৰাম সমিতিৰ মনোনীত আৰু বিজেপি সমৰ্থিত প্ৰাৰ্থী অনাদী সৰকাৰৰ হৈ আজি ধূপধৰাৰ দীঘলীত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰচাৰ চলায়৷ ধূপধৰাৰ সমীপৰ দীঘলীৰ ছানজাৰাং ক্লাবৰ খেলপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত তেওঁ বিজেপি চৰকাৰৰ সপক্ষে মন্তব্য প্ৰদান কৰে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে — ৰাস্তা হৈছে দলং হৈছে সেইটোৱেই নহয়, মানুহৰ জীৱনলৈ পৰিৱৰ্তন অনিবলৈ সক্ষম হৈছে৷ দৰিদ্ৰতা দূৰ কৰিবলৈ সক্ষম হৈছে৷ যেতিয়া ইন্দিৰা আৱাস যোজনা আছিল ৮০,০০০ টকা দিয়ে৷ পঞ্চায়ততে পইচা খায় আৰু তেওঁ আহি ইন্দিৰা আৱাস গুচালে, মোৰ নাম নিদিওঁ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজানা দিলে আৰু এতিয়া লাভ কৰে প্ৰায় ৩ লাখ টকা৷ ৰাভা হাছঙত শান্তি, উন্নয়নৰ স্বাৰ্থতেই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে ৰাইজক মন্ত্ৰীজনে আহ৩ান জনায়৷ প্ৰায় সহস্ৰাধিক প্ৰাৰ্থী সমৰ্থিত ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাৰে পূৰ্বে ৰনং ধূপধৰা পৰিষদীয় সমষ্টিৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী অনাদী সৰকাৰৰ হৈ কেইবাগৰাকী বিষয়ববীয়াই ভাষণ দিয়ে৷ এই নিৰ্বাচনী প্ৰচাৰ সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক সুভাষ ৰাভা, গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক তিলক ৰাভা, ৰংজুলি বিজেপিৰ মণ্ডল সমিতিৰ সভাপতি শংকৰ কলিতা, শ্ৰী শ্ৰী জগতগুৰু নামঘৰৰ সম্পাদক সৰ্বেশ্বৰ ৰায়, বড়ো-কছাৰী অটোনামাচ কাউন্সিলৰ অধ্যক্ষ অনিল বসুমতাৰী, বিজেপিৰ সম্পাদিকা টিনামণি দৈমাৰী, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সম্পাদক দশানন ৰাভা, ইউ ইউ অৰ যোগেশ্বৰ বসুমতাৰী, দীঘলী ৰাইজৰ সভাপতি কৰুণাকান্ত ৰাভা, বিজেপি মৰ্চাৰ ৰিনা গয়াৰী, বিজেপি যুৱ মৰ্চাৰ উপ-সভাপতি ধৰম বসুমতাৰী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷