Logo
image

অসমত চাইবাৰ অপৰাধীয়ে লুটিলে ১৬০ কোটি টকা, উদ্ধাৰ মাত্ৰ ২০ কোটি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ মাৰ্চঃ  বেংকিং ব্যৱস্থাপনাত প্ৰযুক্তিৰ ব্যৱহাৰ তথা ডিজিটেল লেনদেনৰ ফলত সংঘটিত বৰ্ধিত চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনাই এতিয়া যেন সৰ্বসাধাৰণ গ্ৰাহকৰ বাবে এক প্ৰকাৰ ব্যাধিত পৰিণত হৈছে৷ এটা সময় আছিল গ্ৰাহকে বেংকত দীঘলীয়া শাৰী পাতি প্ৰ-পত্ৰ পূৰণ কৰি একাউণ্টৰ পৰা জমা ধন উলিয়াব লাগিছিল৷ সময়ৰ লগে লগে চেক ব্যৱস্থা, এ টি এম আৰু বৰ্তমান ইউ পি আই যোগে নিজৰ মোবাইলৰ পৰাই ছেকেণ্ডৰ ভিতৰতে ডিজিটেল লেনদেন কৰিবলৈ সক্ষম হৈছে গ্ৰাহকে৷ কিন্তু বেংকিং ব্যৱস্থাপনাত ডিজিটেলাইজেশ্বনৰ ফলত গ্ৰাহকে সততে প্ৰৱঞ্চক চক্ৰৰ কবলত পৰি সাচতীয়া জমা ধন হেৰুৱাবলগীয়া হৈছে৷ বেংকে বেংকে অভাৱনীয় হাৰত বৃদ্ধি পাইছে চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা৷ চাইবাৰ প্ৰৱঞ্চকে ন ন কৌশলেৰে গ্ৰাহকৰ পৰা লুটি নিছে কোটি কোটি টকা৷ অৱশ্যে, গ্ৰাহকৰ পৰা প্ৰৱঞ্চকে লুটি নিয়া ধনৰ নাম মাত্ৰহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী তথা বেংক কতৃৰ্পক্ষই৷ আৰক্ষী তথা বেংক কতৃৰ্পক্ষই চাইবাৰ প্ৰৱঞ্চনাৰ সতৰ্কতামূলক প্ৰচাৰ চলালেও প্ৰৱঞ্চকে ন ন কৌশলেৰে গ্ৰাহকক প্ৰৱঞ্চনাৰ জালত বন্দি কৰিবলৈ সক্ষম হৈছে৷ চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিটিজেন ফাইনেঞ্চিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিং এণ্ড মেনেজমেণ্ট চিষ্টেম শীৰ্ষক কাৰ্য ব্যৱস্থাৰ অধীনত হেল্প লাইন নম্বৰ ১৯৩০ মুকলি কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মুকলি কৰা ১৯৩০ হেল্প লাইন নম্বৰত চাইবাৰ প্ৰৱঞ্চনাৰ অভিযোগ দিয়াৰ লগে লগে প্ৰৱঞ্চক চক্ৰই সৰকাই নিয়া ধন উদ্ধাৰৰ পদক্ষেপ গ্ৰহণ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২১ চনৰ পৰা আৰম্ভ হোৱা নেচনেল চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং পৰ্টেলত অসমত বিগত ফেব্ৰুৱাৰী মাহ পৰ্যন্ত ৩০,৮২১ টা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে৷ বিগত এই ৪ বছৰত সংঘটিত ৩০,৮২১ টা চাইবাৰ প্ৰৱঞ্চনাৰ বিপৰীতে অসমৰ গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুট কৰি নিছে সৰ্বমুঠ ১৬০.৬৭ কোটি টকা৷ উদ্বেগৰ বিষয়টো হৈছে, অসমৰ গ্ৰাহকৰ পৰা ৪ বছৰত লুট কৰি নিয়া ১৬০.৬৭ কোটি টকাৰ বিপৰীতে আৰক্ষীয়ে চাইবাৰ প্ৰৱঞ্চকৰ পৰা ফ্ৰীজ অৰ্থাৎ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মাত্ৰ ২০.১৭ কোটি টকা৷ এক কথাত প্ৰৱঞ্চকৰ পৰা অধিকাংশ ধনেই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ গৃহ মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি বিগত ৪ টা বছৰত দেশত এনে ধৰণৰ মুঠ ৩৮,২২,৫৫০ টা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনাৰ বিপৰীতে গ্ৰাহকে হেৰুৱাবলগীয়া হয় ৩৬ হাজাৰ ৪৪৮ কোটি টকা৷


অৱশ্যে সৌভাগ্যক্ৰমে আৰক্ষী তথা বেংক কতৃৰ্পক্ষই ইয়াৰে মাত্ৰ ৪ হাজাৰ ৩৮০ কোটি টকা উদ্ধাৰ কৰি নিৰ্দিষ্ট গ্ৰাহকক ঘূৰাই দিবলৈ সক্ষম হৈছে৷ ২০২৩-২৪ বিত্তীয় বৰ্ষত সৰ্বাধিক ২৯,০৮২ টা প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰে প্ৰতিটো ঘটনাতে গ্ৰাহকৰ পৰা ন্যুনতম ৰ লাখ টকা বা তাতোধিক ধন প্ৰৱঞ্চকে সৰকাই নিছে৷ উক্ত বৰ্ষটোত এনে বৃহৎ প্ৰৱঞ্চনাৰে মুঠ ১৪৫৭ কোটি টকা লুট কৰে চাইবাৰ প্ৰৱঞ্চকে৷ একেদৰে চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত নূ্যনতম ৰ লাখ টকা বা তাতোধিক ধনৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে ১৩,৩৮৪ টা৷ এই সমূহ প্ৰৱঞ্চনাত গ্ৰাহকে হেৰুৱাবলগীয়া হৈছে ৫৩৪ কোটি টকা৷ ইফালে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য উদ্ধৃতিয়ে গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজহুৱা খণ্ডৰ বেংকৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বেংকত অধিক চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা হৈছে৷ বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষত ব্যক্তিগতখণ্ডৰ বেংকৰ ভিতৰত এইচ ডি এফ চি বেংকৰ গ্ৰাহকৰ পৰা চাইবাৰ প্ৰৱঞ্চকে সৰ্বাধিক ৬২৪ কোটি টকা লুট কৰিবলৈ সক্ষম হয়৷ অৱশ্যে ব্যক্তিগতখণ্ডৰ বেংকৰ ক্ষেত্ৰত এইচ ডি এফ চি বেংকত সৰ্বাধিক পৰিমাণৰ ধনৰ চাইবাৰ প্ৰৱঞ্চনা সংঘটিত হ’লেও সংখ্যাগত হিচাপত আই চি আই চি আই বেংকতহে সৰ্বাধিক সংখ্যক চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে৷ অৰ্থাৎ এইচ ডি এফ চি বেংকত ৫,৪৭৭ টা ঘটনাৰ বিপৰীতে ৬২৪ কোটি টকা চাইবাৰ প্ৰৱঞ্চনা সংঘটিত হৈছে যদিও আই চি আই চি আই বেংকত ৬,৫৮৮ টা প্ৰৱঞ্চনাৰ ঘটনাৰ বিপৰীতে গ্ৰাহকৰ একাউণ্টৰ পৰা লুট কৰা হয় ৩২২ কোটি টকা৷ একেদৰে এক্সিছ বেংকতো ২০২৩-২৪ বিত্তীয় বৰ্ষত ৪,৫২১ টা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে গ্ৰাহকৰ একাউণ্টৰ পৰা লুট কৰি নিয়ে ৩২৪ কোটি টকা৷ আনহাতে ৰাজহুৱাখণ্ডৰ বেংকৰ ক্ষেত্ৰত ২০২৩-২৪ বিত্তীয় বৰ্ষত সৰ্বাধিক প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে ভাৰতীয় ষ্টেট বেংকত৷ উক্ত বৰ্ষটোত এছ বি আইত ২,৪৭৮ টা চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনাৰ বিপৰীতে সৰ্বসাধাৰণ গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা লুট কৰি নিয়ে ২২৩ কোটি টকা৷ আনহাতে, ইউনিয়ন বেংক অৱ ইণ্ডিয়াত মাত্ৰ ১৭০ টা ঘটনাৰ বিপৰীতেই সৰ্বাধিক ২২৪ কোটি টকা লুট কৰি নিবলৈ সক্ষম হয় চাইবাৰ প্ৰৱঞ্চকে৷ ইয়াৰ পাছতেই তালিকাত আছে পঞ্জাৱ নেচলে বেংকত ৩৬৪ টা ঘটনাৰ বিপৰীতে ৮৯.৮০ কোটি টকা, বেংক অৱ বৰোডাত ১৩৪২ টা ঘটনাৰ বিপৰীতে ৮০.৩৯ কোটি টকা আৰু ইউক’ বেংকত ৩০ টা প্ৰৱঞ্চনাৰ ঘটনাৰ বিপৰীতে ৬১.২৩ কোটি টকা লুট কৰি নিয়ে চাইবাৰ প্ৰৱঞ্চকে৷ একেদৰে ২০২৩-২৪ বিত্তীয় বৰ্ষটোত কানাড়া বেংকৰ পৰা ৩৭.৩৯ কোটি টকা, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ পৰা ৩৭.৩২ কোটি টকা, বেংক অৱ মহাৰাষ্ট্ৰৰ পৰা ৩০.৯৭ কোটি টকা, বেংক অৱ ইণ্ডিয়াৰ পৰা ২০.৪৯ কোটি টকা, ইণ্ডিয়ান বেংকৰ পৰা ২০.৪৫ কোটি, ইণ্ডিয়ান অভাৰচিছ বেংকৰ পৰা ১০.০৩ কোটি টকা আৰু পঞ্জাৱ এণ্ড সিন্ধ বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা চাইবাৰ প্ৰৱঞ্চকে ২.৭১ কোটি টকা লুট কৰি নিবলৈ সক্ষম হয়৷ লক্ষণীয়ভাৱে ২০২১ চনৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী পৰ্যন্ত বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে ৬,০৪৬ জন চাইবাৰ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে৷