
হংকং-আদানিৰ প্ৰতিষ্ঠানে ৰাজ্যত লগালে ২৯ লাখ স্মাৰ্ট মিটাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ মাৰ্চঃ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসমতেই নহয়, মহাৰাষ্ট˜তো আৰম্ভ হৈছে গ্ৰাহকৰ প্ৰতিবাদ৷ স্মাৰ্ট মিটাৰত ৰিচাৰ্জ কৰি ভাগৰি পৰা মহাৰাষ্ট্ৰৰ জনতাই বিজেপিশাসিত চৰকাৰখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে৷ লক্ষণীয়ভাৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসমত হোৱা ব্যাপক প্ৰতিবাদৰ বাবে এপিডিচিএলে সাময়িকভাৱে মিটাৰ সংস্থাপনৰ কাম স্থগিত ৰাখিছিল যদিও পুনৰ এতিয়া গ্ৰাহকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ সংযোগ আৰম্ভ কৰিছে৷ চৰকাৰী তথ্য অনুসৰি অসমত এইপৰ্যন্ত সংস্থাপনকৰা হৈছে ২৮ লাখ ৯৮ হাজাৰ ২৮২টা স্মাৰ্ট মিটাৰ৷ ইয়াৰ ভিতৰত ৪ লাখ ৪৭ হাজাৰ ২৩৯টা স্মাৰ্ট মিটাৰেই হৈছে ঘৰুৱা সংযোগ৷ বিপৰীতে বাণিজ্যিক স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে ৰলাখ ৯৩ হাজাৰ ৩৬৫টা, ঔদ্যোগিক স্মাৰ্ট মিটাৰ ৫,২৯১টা আৰু অন্যান্য স্থানত ৫২,৩৮৭টা স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে৷ দেশৰ ভিতৰত অসমতে সৰ্বাধিকসংখ্যক স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে৷ ৰাজ্যৰ চহৰাঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত অধিক স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে৷ বিভাগীয় তথ্য অনুসৰি এপিডিচিএলৰ ১৯টা বিদ্যুৎ সংমণ্ডলৰ ভিতৰত বঙাইগাঁও বিদ্যুৎ সংমণ্ডলত সৰ্বাধিক ৩ লাখ ২২ হাজাৰ ৫৩৯টা ঘৰুৱা স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে৷ বঙাইগাঁৱৰ পাছতেই কোক্ৰাঝাৰ বিদ্যুৎ সংমণ্ডলত ৩ লাখ ৮ হাজাৰ ৪৭৮টা স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে৷ ইয়াৰ পছতেই ক্ৰমে– নগাঁও বিদ্যুৎ সংমণ্ডলত ২,৬০,৬৯৩টা স্মাৰ্ট মিটাৰ, গুৱাহাটী বিদ্যুৎ সংমণ্ডল [১]ত ২,১৬,৯১৯টা, বৰপেটা বিদ্যুৎ সংমণ্ডলত ১,৯৫,৫৪২টা, কাচাৰ বিদ্যুৎ সংমণ্ডলত ১,৬৩,৫৩০টা, যোৰহাট বিদ্যুৎ সংমণ্ডলত ৰ,৬০,৫৮৬টা, ৰঙিয়া বিদ্যুৎ সংমণ্ডলত ১,৫৬,১২৬টা, শিৱসাগৰৰ বিদ্যুৎ সংমণ্ডলত ১,৪৩,৪১৩টা, বদৰপুৰ বিদ্যুৎ সংমণ্ডলত ১,৪৪৮১ টা, তিনিচুকীয়া বিদ্যুৎ সংমণ্ডলত ১,১৯,৩০৮টা, মঙলদৈ বিদ্যুৎ সংমণ্ডলত ৮৪,৬৯১টা, গোলাঘাট বিদ্যুৎ সংমণ্ডলত ৮০,১৪৯টা, তেজপুৰ বিদ্যুৎ সংমণ্ডলত ৭২,৬৭৮টা, গুৱাহাটী বিদ্যুৎ সংমণ্ডল [২]ত ৭০,১৫৪টা, নৰ্থ লখিমপুৰ বিদ্যুৎ সংমণ্ডলত ৫৯,২২১টা, ডিব্ৰুগড় বিদ্যুৎ সংমণ্ডলত ৫০,১২০টা, কাৰ্বি আংলং আৰু ডিমা হাচাও বিদ্যুৎ সংমণ্ডলত ৩০,৩৯৭টা আৰু মৰিগাঁও বিদ্যুৎ সংমণ্ডলৰ অধীনত ৪,২১৪টা ঘৰুৱা স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নাম লৈ গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান, দিল্লী আদি বহিঃৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানক অসমত স্মাৰ্ট মিটাৰ সংস্থাপনৰ ঠিকা প্ৰদান কৰা হৈছে৷
হংকঙৰ ঠিকাদাৰী প্ৰতিষ্ঠানে লগাইছে স্মাৰ্ট মিটাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ সামগ্ৰীৰ বিপৰীতে শ্লোগান দিছিল ‘ভকেল ফৰ লোকেল’৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো চীনা সামগ্ৰী বৰ্জনৰ বাবে সময়ে সময়ে ৰাজ্যবাসীক আহ্বান জনাই অহাও দেখা গৈছে৷ অৱশ্যে, ‘মেড ইন চাইনা’ৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰূপ কৰিলেও অসমৰ বজাৰত এতিয়া সুলভ চীনা ইলেক্ট্ৰনিকছ সামগ্ৰীৰ পৰা চীনৰ খেতিয়কৰ উৎপাদিত চোৰাং নহৰুও৷ মুখ্যমন্ত্ৰীয়ে চীনত নিৰ্মিত সামগ্ৰী বৰ্জনৰ বাবে মুকলি আহ৩ান জনোৱাৰ সময়তে এতিয়া হংকঙৰ এটা কোম্পানীয়ে অসমৰ গাঁৱে-ভূঞে বিদ্যুৎ গ্ৰাহকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ হংকঙৰ চি এল পি [চাইনা লাইট এণ্ড পাৱাৰ] গ্ৰুপে অসমত স্মাৰ্ট মিটাৰ সংস্থাপনৰ ঠিকা লাভ কৰিছে৷ শক্তিখণ্ডৰে জড়িত হংকঙৰ কোম্পানীটোক অসমত ৬ লাখ ৯৩ হাজাৰ ৭৭টা স্মাৰ্ট মিটাৰ স্থাপনৰ বাবে ৬৫৮.৫৩ কোটি টকাৰ নিবিদা প্ৰদান কৰা হৈছে৷ অৱশ্যে, হংকঙৰ চি এল পি গ্ৰুপে ভাৰতত অপ্ৰাৱা স্মাৰ্ট মিটাৰ প্ৰাইভেট লিমিটেড হিচাপে পৰিচয় দি অসমত নিবিদা লাভ কৰিছে৷ উল্লেখ্য, চীনৰ শক্তিখণ্ডৰে জড়িত এটা বিখ্যাত কোম্পানী হৈছে চি এল পি গ্ৰুপ৷ চি এল পি গ্ৰুপৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা হৈছে হংকং৷ চি এল পি গ্ৰুপ আৰু কানাডাৰ চি ডি পি কিউ নামৰ আন এটা বিনিয়োগকাৰী সংস্থাৰ জইণ্ট ভেঞ্চাৰ হিচাপে গঠন অপ্ৰাভ এনাৰ্জী নামেৰে কোম্পানীটো গঠন কৰে৷ অপ্ৰাৱা এনাৰ্জীত চি এল পি গ্ৰুপৰ শ্বেয়াৰ আছে ৫০ শতাংশ৷ অপ্ৰাৱা এনাৰ্জীৰে অংশীদাৰী অপ্ৰাৱা স্মাৰ্ট মিটাৰ প্ৰাইভেট লিমিটেডক অসমত কেন্দ্ৰীয় চৰকাৰৰ আৰ ডি এছ এছ আঁচনিৰ অধীনত কোকৰাঝাৰ আৰু বঙাইগাঁও বিদ্যুৎ সংমণ্ডলৰ অধীনৰ প্ৰায় ৭ লাখ গ্ৰাহকৰ ঘৰত স্মাৰ্ট মিটাৰ সংস্থাপনৰ দায়িত্ব লাভ কৰিছে৷ ইতিমধ্যে হংকঙৰ কোম্পানীটোৱে কোকৰাঝাৰ বিদ্যুৎ সংমণ্ডলত ৩ লাখ জ্জ্ব হাজাৰ ৪৭৮ টা স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ বিপৰীতে বঙাইগাঁও বিদ্যুৎ সংমণ্ডলত ৩ লাখ ২২ হাজাৰ ৫৩৯ টা স্মাৰ্ট মিটাৰ সংযোগ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে, হংকঙৰ কোম্পানীটোক ডিবিএফ অ’ অ’ টি আৰ্হিত স্মাৰ্ট মিটাৰ স্থাপনৰ দায়িত্ব দিয়া হৈছে৷ অৰ্থাৎ স্মাৰ্ট মিটাৰসমূহৰ ডিজাইন, বিল্ড, ফাইনেন্স, অপাৰেট আৰু ট্ৰেন্সফাৰৰ দায়িত্বত আছে বিদেশী কোম্পানীটো৷ অৱশ্যে, কোম্পানীটোৱে গাঁৱে গাঁৱে সংযোগ কৰা স্মাৰ্ট মিটাৰসমূহ ভাৰতত উৎপাদিত হয় নে নহয় সেয়া স্পষ্ট নহয়৷ ইফালে অসমত আদানী গ্ৰুপেও নাম সলাই উত্তৰ পূৰ্বাঞ্চলৰ নামেৰে নতুন কোম্পানী গঠন কৰি স্মাৰ্ট মিটাৰ সংযোগ অব্যাহত ৰাখিছে৷ আদানী গ্ৰুপে এন ই স্মাৰ্ট মিটাৰিং লিমিটেড নামেৰে অসমত ৭ লাখ ৫৯ হাজাৰ ২২০ টা স্মাৰ্ট মিটাৰ সংযোগৰ বাবে ৮৪৪.৭৬ কোটি টকাৰ নিবিদা লাভ কৰিছে৷ এইসমূহ ঘৰুৱা সংযোগৰ উপৰি আদানী গ্ৰুপে অসমত ১৩,৪০৪টা ডিটিঅ’ৰ আৰু ৪৪৮টা ফীডাৰ মিটাৰ স্থাপনৰ বাবেও নিবিদা লাভ কৰিছে৷ ২০২৩ চনৰ ১৬ জানুৱাৰীত ৰাজহুৱা নিগম হিচাপে এন ই স্মাৰ্ট মিটাৰিং লিমিটেড হিচাপে কোম্পানী পঞ্জীয়ন কৰাৰ এপষেক পাছতেই ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমত স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিবিদা লাভ কৰে৷ আদানী গ্ৰুপে তেজপুৰ, মঙলদৈ আৰু উত্তৰ লখিমপুৰত স্মাৰ্ট মিটাৰ স্থাপন কৰিছে৷ ইতিমধ্যে এন ই স্মাৰ্ট মিটাৰিং লিমিটেডে তেজপুৰ বিদ্যুৎ সংমণ্ডলত ৭২,৬৭৮টা, উত্তৰ লখিমপুৰ বিদ্যুৎ সংমণ্ডলত ৫৯,২২১টা আৰু মঙলদৈ বিদ্যুৎ সংমণ্ডলৰ অধীনৰ এলেকাত ৮৪,৬৯১টা ঘৰুৱা স্মাৰ্ট মিটাৰ সংযোগ কৰিছে৷ আদানী গ্ৰুপে অসমত ডি বি এফ অ’ অ’ টি ভিত্তিত স্মাৰ্ট মিটাৰ সংস্থাপনৰ দায়িত্ব দিয়া হৈছে৷ নিৰ্দিষ্ট বছৰলৈ স্মাৰ্ট মিটাৰ সংস্থাপনৰ বাবদ প্ৰতিজন গ্ৰাহকৰ পৰাই কমিচন আদায় কৰিব ঠিকাদাৰী কোম্পানীটোৱে৷ অৱশ্যে, এপিডিচিএলে এইসমূহ ঠিকাদাৰী কোম্পানীক স্মাৰ্ট মিটাৰ সংস্থাপন আৰু পৰিচালনাৰ বাবদ গ্ৰাহকৰ পৰা কিমান কমিচন আদায় দিয়ে সেয়া বৰ্তমানেও ৰাজহুৱা কৰা নাই৷ উল্লেখ্য, ৰাজ্যৰ মুঠ ৬৪ লাখ ৬০ হাজাৰ ৯৮টা পৰিয়ালত মুঠ ৬,২৯০.১৩ কোটি টকা ব্যয়েৰে স্মাৰ্ট মিটাৰৰ ঘৰুৱা সংযোগৰ ঠিকা দিয়া হৈছে ৭টা বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক৷ কেন্দ্ৰীয় চৰকাৰৰ আৰ ডি এছ এছ আঁচনিৰ অধীনত জেনাছ পাৱাৰ ইনফ্ৰাষ্টাকচাৰ লিমিটেডৰ অংশীদাৰিত্বত থকা জেনাছ আছাম এছ পি ভি লিমিটেড আৰু হাই প্ৰিণ্ট আছাম এছ পি ভি লিমিটেডক ৪টা পেকেজত মুঠ ২৯,৫১,২২৮টা স্মাৰ্ট মিটাৰ সংস্থাপনৰ ঠিকা দিয়া হৈছে৷ একেদৰে ইণ্টেলি স্মাৰ্ট ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লিমিটেড আৰু ইয়াৰ অংশীদাৰী কোম্পানী আছাম স্মাৰ্ট মিটাৰ প্ৰাইভেট লিমিটেডক ৩টা পেকেজত ২১,৪০,৯৭৮টা স্মাৰ্ট মিটাৰ স্থাপনৰ ঠিকা দিয়া হৈছে৷