
ৰাজ্যত ভয়ংকৰ উষ্ণপ্ৰৱাহৰ আশংকা
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৮ মাৰ্চঃ উত্তৰ ভাৰতকে ধৰি দেশৰ কেবাখনো ৰাজ্যত আৰম্ভ হোৱা গ্ৰীষ্মপ্ৰৱাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে৷ কিয়নো অসমত বহাগ মাহত সাধাৰণতে গ্ৰীষ্মকাল আৰম্ভ হয় যদিও চ’ত মাহৰ আধা দিন পাৰ নৌহওতেই হঠাতে আৰম্ভ হোৱা গৰমক বহুতে উত্তৰ ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰবাহ আৰম্ভ হোৱা বুলি আশংকা ব্যক্ত কৰিছে৷ প্ৰণিধানযোগ্য যে এই সময়ত অসমৰ গড় তাপমাত্ৰা সৰ্বাধিক ৩০ ডিগ্ৰীৰ আশে-পাশে থাকিব লাগে যদিও বহুদিন বৰষুণ নোহোৱা বাবে শুকুৰবাৰে ৰাজ্যৰ বেছিভাগ ঠাইতে স্বাভাৱিকতকৈ গড় তাপমাত্ৰা ৬ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে৷ ফলত ৰাইজে মে মাহৰ দৰে গৰম অনুভব কৰিব লগা হৈছে৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সদৰি কৰা অনুসৰি মতে সাধাৰণতে মাৰ্চ মাহৰ এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ৪ ৰ পৰা ৩০ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব লাগে৷ কিন্তু বিগত বহুদিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাবে বৃদ্ধি পাইছে৷ উদ্বেগজনক ভাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৩ ৰ পৰা ৬ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত অধিক হোৱাত ৰাইজে গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷ আনকি বহুতে গৰমৰ প্ৰকোপত অতিষ্ঠ হৈ অহা মে জুন, জুলাই, আগষ্ট মাহৰ দৰে অতি গৰম পৰা মাহত কি পৰিস্থিতিৰ উদ্ভৱ হব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে৷ আনকি বহুতে উত্তৰ ভাৰতৰ দৰে ভয়ংকৰ উষ্ণ প্ৰৱাহৰ ঘটনা অসমত হব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে৷ আনহাতে শুকুৰবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক তাপমান আছিল হোজাই জিলাৰ লামডিঙত৷ তাত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ প্ৰায় ৬ ডিগ্ৰী বৃদ্ধি হৈ হয়গৈ ৩৫.২ ডিগ্ৰী চেলচিয়াছ৷ তাৰ পাছত গুৱাহাটী মহানগৰীত দুপৰীয়াৰ ভাগত তাপমান বৃদ্ধি পাই হৈছিলগৈ ৩৪.৫ ডিগ্ৰী চেলছিয়াছ৷
যিটো স্বাভাৱিকতকৈ প্ৰায় ৪ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ ধুবুৰী চহৰত স্বাভাৱিকতকৈ ৫ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৪.৫ ডিগ্ৰী চেলচিয়াছ৷ তেনেদৰে নিশাৰ ভাগতো সৰ্বনিম্ন তাপমাত্ৰা ঠাইবিশেষে স্বাভাৱিকতকৈ ২ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাবস্থান কৰিবলৈ বাধ্য হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৬ ডিগ্ৰী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৪৫-৪৭ ডিগ্ৰী চেলছিয়াছৰ দৰে হয়গৈ৷ মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধবংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে৷ কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো পূৰ্বৰ তুলনাত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে৷ আনহাতে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ- ডিব্ৰুগড়ত ২৫.৬ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত ৩১.৫ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ২৯.৯ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ২৮.৪ ডিগ্ৰী চেলছিয়াছ আছিল৷ একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত ২০২৪ চনতে কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে৷ য’ত গ্লবেল ৱামিং বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্ৰাস পাব পাৰে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে৷ অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে ক্ৰমাৎ বৃদ্ধি পোৱা বদ্ধিৰ্ত গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ উল্লেখ্য যে শুকুৰবাৰে পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ ৪.২ চেলচিয়াছ বৃদ্ধি হৈ হয়গৈ ৪.২ ডিগ্ৰী চেলচিয়াছ৷