Logo
image

ৰাজ্যত ভয়ংকৰ উষ্ণপ্ৰৱাহৰ আশংকা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৮ মাৰ্চঃ  উত্তৰ ভাৰতকে ধৰি দেশৰ কেবাখনো ৰাজ্যত আৰম্ভ হোৱা গ্ৰীষ্মপ্ৰৱাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত আৰম্ভ হৈছে৷ কিয়নো অসমত বহাগ মাহত সাধাৰণতে গ্ৰীষ্মকাল আৰম্ভ হয় যদিও চ’ত মাহৰ  আধা দিন পাৰ নৌহওতেই হঠাতে আৰম্ভ হোৱা গৰমক বহুতে উত্তৰ ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰবাহ আৰম্ভ হোৱা বুলি আশংকা ব্যক্ত কৰিছে৷  প্ৰণিধানযোগ্য যে এই সময়ত অসমৰ গড় তাপমাত্ৰা সৰ্বাধিক ৩০ ডিগ্ৰীৰ আশে-পাশে থাকিব লাগে যদিও বহুদিন বৰষুণ নোহোৱা বাবে শুকুৰবাৰে ৰাজ্যৰ বেছিভাগ ঠাইতে স্বাভাৱিকতকৈ গড় তাপমাত্ৰা ৬ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে৷ ফলত ৰাইজে মে মাহৰ দৰে গৰম অনুভব কৰিব লগা হৈছে৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সদৰি কৰা অনুসৰি মতে সাধাৰণতে মাৰ্চ মাহৰ এই সময়ত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ৪ ৰ পৰা ৩০ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব লাগে৷ কিন্তু বিগত বহুদিন ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণ নোহোৱাত তাপমাত্ৰা অস্বাভাৱিকভাবে বৃদ্ধি পাইছে৷  উদ্বেগজনক ভাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৩ ৰ পৰা ৬ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত অধিক হোৱাত ৰাইজে গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷  আনকি বহুতে গৰমৰ প্ৰকোপত অতিষ্ঠ হৈ অহা মে জুন, জুলাই, আগষ্ট মাহৰ দৰে অতি গৰম পৰা মাহত কি পৰিস্থিতিৰ উদ্ভৱ হব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে৷ আনকি বহুতে উত্তৰ ভাৰতৰ দৰে ভয়ংকৰ উষ্ণ প্ৰৱাহৰ ঘটনা অসমত হব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে৷ আনহাতে শুকুৰবাৰৰ দিনটোত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক তাপমান আছিল হোজাই জিলাৰ লামডিঙত৷ তাত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ প্ৰায় ৬ ডিগ্ৰী বৃদ্ধি হৈ হয়গৈ ৩৫.২ ডিগ্ৰী চেলচিয়াছ৷ তাৰ পাছত গুৱাহাটী মহানগৰীত দুপৰীয়াৰ ভাগত তাপমান বৃদ্ধি পাই হৈছিলগৈ ৩৪.৫ ডিগ্ৰী চেলছিয়াছ৷


যিটো স্বাভাৱিকতকৈ প্ৰায় ৪ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ ধুবুৰী চহৰত স্বাভাৱিকতকৈ ৫ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হৈ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৪.৫ ডিগ্ৰী চেলচিয়াছ৷ তেনেদৰে নিশাৰ ভাগতো সৰ্বনিম্ন তাপমাত্ৰা ঠাইবিশেষে স্বাভাৱিকতকৈ ২ ৰ পৰা ৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত ওপৰত থকাত ৰাইজে নিশাৰ ভাগতো গৰমৰ সৈতে সহাবস্থান কৰিবলৈ বাধ্য হৈছে৷  বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ মতে অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৬ ডিগ্ৰী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৪৫-৪৭ ডিগ্ৰী চেলছিয়াছৰ দৰে হয়গৈ৷  মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধবংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে৷ কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো পূৰ্বৰ তুলনাত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে৷  আনহাতে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ- ডিব্ৰুগড়ত ২৫.৬ ডিগ্ৰী চেলছিয়াছ,  তেজপুৰত ৩১.৫ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ২৯.৯ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ২৮.৪ ডিগ্ৰী চেলছিয়াছ আছিল৷ একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত ২০২৪ চনতে কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে৷ য’ত গ্লবেল ৱামিং বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্ৰাস পাব পাৰে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে৷ অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে ক্ৰমাৎ বৃদ্ধি পোৱা বদ্ধিৰ্ত গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ উল্লেখ্য যে শুকুৰবাৰে পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ ৪.২ চেলচিয়াছ বৃদ্ধি হৈ হয়গৈ ৪.২ ডিগ্ৰী চেলচিয়াছ৷