
৭৬৫ পদৰ বিপৰীতে ৩ লাখ প্ৰাৰ্থী, দূৰ-দূৰণিত পৰীক্ষাকেন্দ্ৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ মাৰ্চঃ এ ডি আৰ পৰীক্ষাৰ পাছত এইবাৰ ৰাজ্যত অনুষ্ঠিত হ’ব চিকিৎসা শিক্ষা বিভাগৰ তৃতীয় বৰ্গৰ অ-কাৰিকৰী পদৰ পৰীক্ষা৷ বিভিন্ন চিকিৎসা মহাবিদ্যালয়, নাৰ্চিং মহাবিদ্যালয় আৰু ডেণ্টেল মহাবিদ্যালয়ৰ অ-কাৰিকৰী ৭৬৫টা তৃতীয় বৰ্গৰ পদৰ দেওবাৰে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ চিকিৎসা শিক্ষা সঞ্চালকালয়ে জানিবলৈ দিয়া অনুসৰি তৃতীয় বৰ্গৰ অ-কাৰিকৰী ৭৬৭ টা পদৰ বিপৰীতে প্ৰায় ২ লাখ ৯৯ হাজাৰ প্ৰাৰ্থীয়ে আবেদন জনাইছে৷ ৰাজ্যৰ মুঠ ১১ খন জিলাত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি পৰীক্ষাত ৩ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হ’ব৷ লক্ষণীয় বিষয়টো হৈছে, দেওবাৰৰ নিযুক্তি পৰীক্ষাক লৈ নিবনুৱা প্ৰাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো চাকৰি আবেদন মাচুল বিনামূলীয়া আছিল যদিও এতিয়া পৰীক্ষাৰ নামত নিবনুৱা যুৱক-যুৱতীসকলে ভৰিব লাগিব গাঁঠিৰ ধন৷ অভিযোগ অনুসৰি চিকিৎসা শিক্ষা বিভাগে একোজন প্ৰাৰ্থীক ঘৰৰ পৰা ২০০-৩০০ কিলোমিটাৰ আঁতৰ দূৰ দূৰণি জিলাত পৰীক্ষা কেন্দ্ৰ দিছে৷
গৃহ জিলাৰ পৰা দুখন-তিনিখন জিলাৰ আঁতৰৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ নিবনুৱা যুৱক-যুৱতীসকলে অতিৰিক্ত ধনৰ বোজা বহন কৰিব লাগিব বুলিও একাংশ প্ৰাৰ্থীয়ে ক্ষোভ ব্যক্ত কৰিছে৷ যোৰহাট জিলাৰ প্ৰাৰ্থীক ডিব্ৰুগড়ৰ চাবুৱা, ডিব্ৰুগড় টাউনত পৰীক্ষা কেন্দ্ৰ দিয়াৰ বিপৰীতে গুৱাহাটীৰ প্ৰাৰ্থীক পাঠশালা-নলবাৰীত পৰীক্ষা কেন্দ্ৰ দিয়াৰ অভিযোগ কৰিছে৷ দূৰ-দূৰণিত পৰীক্ষা কেন্দ্ৰ পৰাত বহু প্ৰাৰ্থীয়ে এতিয়া হোটেল ভাৰা কৰি নাইবা গাড়ী ভাৰা কৰি পৰীক্ষা দিবলগীয়া হ’ব৷ আনহাতে দূৰ-দূৰণি পৰীক্ষা কেন্দ্ৰলৈ অহা-যোৱা ভাৰা যোগাৰ কৰিব নোৱৰাত একাংশ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰি বুলিও সামাজিক মাধ্যম যোগে ক্ষোভ ব্যক্ত কৰা দেখা গৈছে৷ উল্লেখ্য, চিকিৎসা শিক্ষা বিভাগে তৃতীয় বৰ্গৰ অ-কাৰিকৰী এই ৭৬৫টা পদৰ ২০২৩ চনৰ পৰা মুঠ ৩ বাৰকৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ ইয়াৰ পূৰ্বে বিগত ৯ মাৰ্চত তৃতীয় বৰ্গৰ অ-কাৰিকৰী পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰীক্ষা পিছুৱাই দিয়া হৈছিল৷ শেহতীয়াকৈ বিগত ১২ জানুৱাৰীত তৃতীয় বৰ্গৰ ২,৬৮৫টা কাৰিকৰী পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল চিকিৎসা শিক্ষা সঞ্চালকালয়ে৷