
অসম ভিত্তিত প্ৰাইজমাণি মাৰাথন দৌৰ প্ৰতিযোগিতা
'আমাৰ অসম'ৰ শুৱালকুছিৰ প্ৰতিবেদক, ২৯ মাৰ্চঃ কামৰূপ জিলাৰ অন্তৰ্গত বামুন্দী তৰুণ সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত বামুন্দী বিহু সন্মিলনৰ ৯৯ সংখ্যক ৰঙালী বিহু উৎসৱ উপলক্ষে অইন বৰ্ষৰ দৰে এইবেলিও ১৫ এপ্ৰিলত সদৌ অসম ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত দিনা ৰাতিপুৱা ৪ বজাত আমিনগাঁও চেকপোষ্টৰ পৰা বামুন্দী বিহুতলীলৈ মাৰাথন দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব।
মাৰাথন দৌৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৭,০০১ টকা, তৃতীয় পুৰস্কাৰ ৫,০০১ টকা, চতুৰ্থ পুৰস্কাৰ ৩০০১ টকা আৰু পঞ্চম পুৰস্কাৰ ২০০১ টকা লগতে ট্ৰফী, মানপত্র; ষষ্ঠৰ পৰা দশম স্থান প্ৰাপকলৈও প্ৰাইজমানী আৰু মান-পত্ৰৰে সন্মানিত কৰা হ'ব। প্ৰতিযোগী সকলক আগদিনা ১০০ টকা ভৰ্তি মাচুলসহ নিজৰ নাম পঞ্জীয়ন কৰিবলৈ বামুন্দী বিহু সন্মিলনৰ সভাপতি ৰোহিনী কুমাৰ শৰ্মা, সম্পাদক ৰুবুল কলিতা আৰু ক্ৰীড়া বিভাগৰ সভাপতি গিৰিশ কলিতা, সম্পাদক অঞ্জন কলিতাই ৬৯০০২৫০৮৫৯ আৰু ৮৮১২৯৭১২৩০ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।