ড০ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা আচঁনিৰ অধীনৰ শিক্ষকৰ সমস্যা সমাধানৰ আহ্বান
'আমাৰ অসম'ৰ নাজিৰাৰ প্ৰতিবেদক, ২৯ মাৰ্চঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত বছৰ বছৰ ধৰি কৰ্মৰত ড০ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা আঁচনিৰ অধীনৰ শিক্ষক সকলৰ পদ স্থায়ী কৰণকে ধৰি বিভিন্ন সমস্যা সমূহৰ সমাধানৰ ক্ষেত্রত চৰকাৰ তথা শিক্ষা বিভাগে শীৰ্ঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে শিৱসাগৰ জিলাৰ কম্পিউটাৰ শিক্ষক সন্থাই। যোৱা ২৮ মাৰ্চত শিৱসাগৰ জিলাৰ কৰ্মযোগী ভূবন চন্দ্ৰ গগৈ মেম'ৰিয়েল অসম পলিটেকনিক ইনষ্টিটিউটত ড০ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা আঁচনিৰ অধীনৰ শিৱসাগৰ জিলাৰ কম্পিউটাৰ শিক্ষক সন্থাৰ স্থায়ী সভাপতি ৰুবী চেতিয়াৰ সভাপতিত্বত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
সম্পাদিকা সবীতা দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ নৱনিযুক্ত সভাপতি হেমন্ত শইকীয়া, সম্পাদক ব্ৰজেন চেতিয়া, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি আব্দুল জাব্বাৰ, সম্পাদক ৰাজেন মিলি আৰু অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সদস্য ৰাজীৱ গগৈয়ে সভাত ড০ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা আঁচনিৰ অধীনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা আগবঢ়ায়। অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাৰ বিষয়ববীয়াসকলে কম্পিউটাৰ শিক্ষকসকলৰ মৰ্ম বেদনা অনুভৱ কৰি নিজৰ নিজৰ বক্তব্যত দুখ প্ৰকাশ কৰে আৰু অতি সোনকালেই অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈ এই শিক্ষকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে পাৰ্যমানে চেষ্টা চলোৱাৰ আশ্বাস দিয়ে। সভাৰ আঁত ধৰে কম্পিউটাৰ শিক্ষক দয়াময় বড়াই আৰু শিৱসাগৰ জিলাৰ হৈ বক্তব্য আগবঢ়াই মোহন বৰা আৰু ৰুবুল মালে।






