Logo
image

খৈৰাবাৰীত বিপিএফ দলৰ শক্তি প্ৰদৰ্শন

'আমাৰ অসম'ৰ খৈৰাবাৰীৰ প্ৰতিবেদক, ২৯ মাৰ্চঃ খৈৰাবাৰী ব্লক বিপিএফৰ উদ্যোগত আৰু বি এছ অ’, যুৱ মহিলাৰ সহযোগত খৈৰাবাৰী মহিৰঙ্গ সভাগৃহত অনুষ্ঠিত যোগদান সভাত বিজেপি, ইউ পি পি এল দলৰ উপৰিও বিভিন্ন বিভাগৰ অৱসৰী কৰ্মচাৰী, বিশিষ্ট সমাজকৰ্মী, ৪ শতাধিক লোকে শনিবাৰে বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত যোগদান কৰি একপ্ৰকাৰ শক্তি প্ৰদৰ্শন কৰে৷ প্ৰায় ৫ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বিটিচিৰ জনপ্ৰিয় নেতা হাগ্ৰামা মহিলাৰীয়ে ৪ শতাধিক নতুনকৈ যোগদান কৰা ব্যক্তিসকলক দলীয় প্ৰতীক নাঙল আৰু গামোচাৰে আদৰণি জনায় ৷


বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ডৰ কথা কৈ কটাক্ষ কৰে৷ প্ৰমোদ বড়োৰ বিটিচি চৰকাৰৰ কামকাজকলৈ সমালোচনা কৰে৷ বিপিএফৰ যোগদান সভাৰ আদৰণি ভাষণ প্ৰদান কৰে কলাইগাওঁ সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োৱে৷ ভেৰগাঁও জিলা বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ ই এম লৌমশ্ৰাউ দৈমাৰীৰ নেতৃত্বত অনুষ্ঠিত মেগা যোগদান সভাত বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদক কামাল আজাদ, মুদৈবৰী সমষ্টিৰ প্ৰাক্তন ই এম জগদীশ সৰকাৰ, খালিংদুৱাৰ সমষ্টিৰ প্ৰাক্তন ই এম বনজাৰ দৈমাৰী, কলাইগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ চেলৰ কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে৷