Logo
image

মঙলদৈত ঈদ-উল ফিটৰৰ নামাজৰ আয়োজন

'আমাৰ অসম'ৰ মঙলদৈৰ প্ৰতিবেদক, ২৯ মাৰ্চঃ দৰং জিলাৰ সদৰ মঙলদৈ চহৰত অৱস্থিত সদৰ ঈদগাহ ময়দানত অহা ৩১ মার্চ তাৰিখ সোমবাৰে ৰাতিপুৱা ৮-৩০ বজাত পবিত্র ঈদ-উল ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হ'ব। মঙলদৈ সদৰ ঈদগাহ পৰিচালনা সমিতিৰ সভাপতি আলহাজ মিৰ্জা গিয়াচ আৰু সম্পাদক ৰুহুল আলমে জনোৱা মতে, উক্ত নামাজত ইমামতি কৰাৰ বাবে এইবাৰ উত্তৰ প্ৰদেশ নিৱাসী হাফিজ, ক্বাৰী, মুফটি মহম্মদ টাবৰেজ আলম কাদৰীক আমন্ত্ৰণ জনোৱা হৈছে। ইতিমধ্যে ঈদৰ নামাজৰ যাৱতীয় প্ৰস্তুতি সমিতিৰ তৰফৰ পৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে। ঈদ-উল ফিটৰৰ দুই ৰাকাত সমূহীয়া ৱাজিৱ নামাজৰ পিছত মৃতকৰ আত্মাৰ মাগফিৰাতৰ বাবে জিয়াৰৎ কৰা হ'ব আৰু শেষত বিশ্ব শান্তি, ভাতৃত্ববোধ আৰু সকলোৰে মংগলৰ কাৰণে সমূহীয়া দোৱা কৰা হ'ব। সেয়েহে সকলো ইছলাম ধৰ্মাৱলম্বী লোকক নির্দিষ্ট সময়ৰ আগতে মঙলদৈ সদৰ ঈদগাহ ময়দানত উপস্থিত হ'বলৈ সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছে।


আনহাতে, মঙলদৈৰ নিকটৱৰ্তী নগৰবাহী কৰিমীয়া ঈদগাহ ময়দানত বিগত বছৰসমূহৰ দৰে এইবেলিও ৩১ মাৰ্চত হ'বলগীয়া ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজৰ আয়োজন কৰিছে। নগৰবাহী কৰিমীয়া ঈদগাহ ময়দান পৰিচালনা সমিতিৰ সভাপতি হাজী ইউনুছ আলি আৰু সম্পাদক নুৰমহম্মদ আলিয়ে জনোৱা মতে, সেইদিনা ঈদৰ নামাজত ইমামতি কৰিব গুৱাহাটী সিজুবাৰী দাৰুল উলুম মখদুমীয়া মাদ্ৰাছাৰ অধ্যক্ষ তথা কানাইচুবা নিবাসী মৌলানা ফইজুল হক চাহেবে। ৰাতিপুৱা ৮-৩০ বজাত হ'বলগীয়া নামাজত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে। একেদৰে ছিপাঝাৰৰ মুছলিমঘোপা, মাৰৈ, দোকানপাৰ, বৰদৌলগুৰী, খাৰুপেটীয়া, দলগাঁও, হৰিণখোজা, বেছিমাৰী নেওকপাৰা, ৰঙামাটি, কালিয়াপাৰা আদিকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত একেদিনাই ঈদ-উল ফিটৰৰ সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে।