Logo
image

অভিনেত্ৰী-প্ৰযোজক প্ৰস্তুতি পৰাশৰক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান 'টাইপা’ৰ

'আমাৰ অসম’ৰ চৰাইদেউৰ প্ৰতিবেদক, ২৯ মাৰ্চঃ  টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ 'টাইপা’ই  শনিবাৰে সোণাৰিত বিশিষ্ট অভিনেত্ৰী, প্ৰযোজক প্ৰস্তুতি পৰাশৰক আনুষ্ঠানিকভাবে বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰে। চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত আয়োজিত তিনিদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিনা বিশিষ্ট অভিনেত্ৰী, প্ৰযোজকগৰাকীক 'টাইপা’ৰ মুখ্য উপদেষ্টা দিলীপ গগৈ আৰু কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে প্ৰদান কৰা বীৰাংগনা মূলাগাভৰু বঁটাত আছে এটা স্মাৰক, মানপত্ৰ, এখন হেংদাং, চেলেং চাদৰ, ফুলাম গামোচাৰ উপৰি নগদ ২৫ হাজাৰ টকা ৷ বঁটা গ্ৰহণ কৰি দিয়া ভাষণত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় যে, মূলাগাভৰু নামটোৱেই বহন কৰিছে স্বদেশ আৰু স্বজাতিৰ গৌৰৱৰ কথা। মূলাগাভৰু নামৰ নেপথ্যত কেৱল দেশপ্ৰেমেই লুকাই থকা নাই। ইয়াৰ মাজত লুকাই আছে কৰ্ম, কৰ্তব্য আৰু দায়িত্ববোধৰ উজ্বল চানেকি। এগৰাকী পত্মী হিচাবে মূলাগাভৰুৱে স্বামীক এটা নিশাৰ ভিতৰত কবছ বৈ দিব নোৱাৰাৰ বাবে বিবেক দংশনত ভুগিছিল আৰু পৰবৰ্তী সময়ত তুৰ্বক বাহিনীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি নাৰী শক্তিৰ অভূতপূৰ্ব নিদৰ্শন দেখুৱাইছিল আহোম সাম্ৰাজত। আজিও আমি আহোম ৰমণী মূলাগাভৰুৰ পদাংক অনুকৰণ কৰি নাৰী শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছোঁ। অসম আন্দোলনৰ জনপ্ৰিয় শ্লগান “কোনে কয় মূলা নাই, হাজাৰ মূলা আগুৱাই”-শীৰ্ষক শ্লগানেই আজি অসমীয়া নাৰীৰ চেতনাক জাগ্ৰত কৰিছে, অপৰিসীম শক্তি প্ৰদান কৰিছে। 


বিগত সময়ছোৱাত অসমীয়া সমাজখন ত্বৰাম্বিত কৰাৰ লগতে জাতীয় চেতনা-শক্তি বৃদ্ধি, সমাজ সংস্কাৰৰ ক্ষেত্ৰত চন্দ্ৰপ্ৰভা শইকীয়া বাইদেউৱে নিদৰ্শন দি গৈছে। আমাৰ দৰে হাজাৰ গৰাকী অভিনেত্ৰীৰ বাবে পথ সুগম কৰিছিল আইদেউ সন্দিকৈয়ে। পৰৱৰ্তী সময়ত হাজাৰ গৰাকী মহিলাই ৰক্ষণশীল সমাজৰ বিভিন্ন বাধা নেওচি ওলাই আহি বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰি নাৰীশক্তিক প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। অভিনেত্ৰী হিচাবে মঞ্চত অভিনয় কৰাতো সহজ, কিন্তু অভিনেত্ৰীৰ লগতে প্ৰযোজক ৰূপে দ্বৈত দায়িত্ব গ্ৰহণ কৰাতো কঠিন বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰস্তুতি পৰাশৰে। উল্লেখ্য, বিগত ২০২০ বৰ্ষত ভ্ৰাম্যমানৰ মঞ্চত মূলাগাভৰু নাটকৰ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰস্তুতি পৰাশৰে নাটকৰ এটি সংলাপও ৰাইজৰ দাবীত আওৰাই। উল্লেখ্য, মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানত প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰ আদিয়েও অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে সোণাৰিৰ তেজস্বিনী গোটে এটি সমবেত গীত পৰিবেশন কৰে। আদৰণি ভাষণ প্ৰদান কৰে টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়াই। উল্লেখ্য, দ্বাদশ বাৰ্ষিক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদানৰ অন্তিম দিনা বিভিন্ন জাতি-জনগোষ্ঠীৰ দ্বাৰা এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী জোতিমালা বুঢ়াগোহাঁয়ে। আনহাতে, নিশাৰ মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি প্ৰিয়বৰ কোঁৱৰে। মুকলি সভাতেই প্ৰাক্তন শিক্ষা সচিব কমলজোতি গগৈয়ে স্মৃতিগ্ৰন্থ উন্মোচন কৰে। নিশালৈ ভাস্কৰ বৰুৱা সোৱঁৰণী সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰে জোতিমালা বুঢ়াগোহাঁয়ে।