Logo
image

‘ঘিবলি’ত নিজৰ ৰূপ চাব বিচাৰিছে নেতা-মন্ত্ৰীয়েও

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ মাৰ্চঃ  সামাজিক মাধ্যমত নিশাটোৰ ভিতৰতে ট্ৰেণ্ডিঙত এখন বিশেষ শৈলীৰ ফটো৷ ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি ছ’চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্মতে বিভিন্ন জনে নিজৰ বা আন আন কাৰোবাৰ একো একোখন পেইণ্টিং আৰ্হিৰ ছবি হয়টো আপলোড কৰা আপুনিও দেখিছে/ দেখাত প্ৰায় প’ট্ৰেৰ্ইটৰ দৰে এই ছবিসমূহ ছ’চিয়েল মিডিয়াত  আপলোড কৰাত সৰ্বসাধাৰণেই নহয়, চেলিব্ৰিটীৰ পৰা ৰাজনীতিকলৈ কোনেও বাদ পৰা নাই৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সামাজিক মাধ্যমত এনে বিশেষ শৈলীৰ ছবিখন আপলোড কৰা দেখা গৈছে৷ বিগত ৪৮ ঘণ্টাত সামাজিক মাধ্যমত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ‘ষ্টুডিঅ’ ঘিবলি’ শীৰ্ষক এই বিশেষ শৈলীৰ ফটোসমূহ৷ অৱশ্যে, ‘ষ্টুডিঅ’ ঘিবলি’ শীৰ্ষক এই আলোড়ন সৃষ্টিকাৰী ছবিখন আচলতে কি হয়, তাক লৈ সাধাৰণ ৰাইজৰ মাজতো উৎকণ্ঠা বৃদ্ধি পাইছে৷ ইণ্টাৰনেটত ট্ৰেণ্ডিঙত থকা ‘ষ্টুডিঅ’ ঘিবলি’ হৈছে আমেৰিকাৰ প্ৰযুক্তিগত কোম্পানী Open-AI য়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ভিত্তিত Chat-GPথ্ব ত সৃষ্টি কৰা এখন ছবি৷ কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰা এই ছবিখনৰ জৰিয়তে নিজৰ ৰূপ চাবলৈ নেতা-মন্ত্ৰীকে ধৰি ৰাজনৈতিক মহলতো হেতা-ওপৰা লাগিছে৷ সামাজিক মাধ্যমত ‘Stadio Ghibli on ChatGTP’ বুলি জনপ্ৰিয় হৈ পৰিছে বিশেষ শৈলীৰ ফটোসমূহ৷ ‘ষ্টুডিঅ’ ঘিবলি’ হৈছে জাপানীজ এনিমেচনৰ এটা বিখ্যাত ষ্টুডিঅ’৷ ১৯৯৮ চনত কিম্বদন্তি জাপানীজ চলচ্ছিত্ৰ পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সহযোগী ইছাও তাকাহাতাই স্থাপন কৰিছিল উক্ত ষ্টুডিঅ’ ঘিবলি৷ হাতেৰে অংকন কৰা সুন্দৰ কলাত্মক, কল্পনাপ্ৰসূত কাহিনীৰ ছবি এনিমেচন কৰি বিশ্বজুৰি প্ৰসিদ্ধ হৈ পৰিছিল ‘ষ্টুডিঅ’ ঘিবলি’৷ অস্কাৰ বিজয়ী ছবি স্পাইৰাইটেড এৱে আৰু দ্য বয় এণ্ড দা হেৰনতো এনে এনিমেচন ব্যৱহাৰ কৰা হৈছিল৷ ষ্টুডিঅ’ ঘিবলি’ৰ কল্পনা প্ৰসূত অংকিত ফটোৰ শৈলীটোকে লৈ কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এ আইৰ সহায়ত ChatGTত্ন য়ে উন্নত ইমেজ সৃষ্টি কৰিছে৷ Open-AI ৰ Chat GTP সহায়ত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিভিন্ন ফটো ‘ষ্টুডিঅ’ ঘিবলি’ৰ শৈলীৰ ৰূপ দি প্ৰস্তুত কৰা এনিমেচন এতিয়া আপলোড কৰিছে৷ অৱশ্যে Chat GTP এপত ট্ৰেণ্ডিঙত থকা ‘ষ্টুডিঅ’ ঘিবলি’ৰ এনিমেচন প’ট্ৰেৰ্ইট প্ৰস্তুত কৰিব পাৰি যদিও সেয়া অৱশ্যে বিনামূলীয়া নহয়৷ যিসকল লোকৰ Chat GTP ৰ প্ৰিমিয়াম ছাবস্ক্ৰিপচন আছে তেওঁলোকেহে প্ৰত্যক্ষভাৱে এই ফটো প্ৰস্তুত কৰিব পাৰিব৷ অৱশ্যে যিসকলৰ ছাবস্ক্ৰিপচন নাই তেওঁলোকে ‘ষ্টুডিঅ’ ঘিবলি’ শৈলীত প’ট্ৰেৰ্ইট প্ৰস্তুত কৰিবলৈ আন একাংশ এপৰ সহায় ল’ব পাৰে৷ Craiyon, Deep AI আৰু Playground AI ৰ দৰে এপত এনে ফটো প্ৰস্তুত কৰিব পাৰে৷


ইয়াৰ উপৰি টুইটাৰ অৰ্থাৎ এক্স এ আইৰ Grok-৩ চেটবট ব্যৱহাৰ কৰিও বিনামূলীয়াকৈ ‘ঘিবলি’ প’ট্ৰেইট তৈয়াৰ কৰিব পাৰে৷ কৃত্ৰিম বুদ্ধিমত্তাই প্ৰস্তুত কৰা ‘ষ্টুডিঅ’ ঘিবলি’ক শৈলীৰ এই ফটোয়ে হায়াও মিয়াজাকিৰ সৃষ্টি কৰ্মক অপমান কৰা বুলি একাংশই সমালোচনা কৰাৰ সময়তে দেশৰ লগতে অসমতো ৰাজনৈতিক মহলত ‘ষ্টুডিঅ’ ঘিবলি’ৰ ফটো আপলোড কৰাত যেন ধুমুহাৰ সৃষ্টি হৈছে৷ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘ষ্টুডিঅ’ ঘিবলি’ শৈলীত নিজৰ এখন ফটো সামাজিক মাধ্যমত আপলোড কৰি এটা পোষ্টত ‘ষ্টুডিঅ’ ঘিবলি’ ট্ৰেণ্ডিঙত অংশ নোলোৱাকৈ থাকিব নোৱাৰিলো বুলি মন্তব্য কৰি নিজৰ ঘিবলি ষ্টাইলৰ মিমৰ চেষ্টা কৰাৰ কথা প্ৰকাশ কৰে৷ মিমটোত নিজকে ডেকা ল’ৰা যেন অনুভৱ হোৱা বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাই শিল্পকলা উদ্যোগক বিঘ্নিত কৰিব পাৰে বুলিও উদ্বেগ ব্যক্ত কৰে৷ কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো নিজৰ এখন এনিমেচন আপলোড কৰি ময়ো ‘ঘিবলি’ৰ জগতখনত ভৰি দিলো বুলি পোষ্ট দিয়া দেখা গৈছে৷ ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকায়ো ‘ঘিবলি’ ফটো আপলোড কৰাৰ লগতে প্ৰদেশ বিজেপিয়ো ফেচবুক পেজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰি কৰা এখন ‘ঘিবলি’ ফটো আপলোড কৰে৷ অসমেই নহয়, দেশৰ ৰাজনীতিও দুদিন ধৰি ‘ঘিবলি’ ফটোৱে আলোড়িত কৰি ৰাখিছে৷ বিজেপিৰ প্ৰতিজন নেতা-মন্ত্ৰীয়ে ‘ষ্টুডিঅ’ ঘিবলি’ৰ এ আই ফটো আপলডো কৰিছে নিজৰ নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত৷ কেন্দ্ৰীয় মন্ত্ৰী ড॰ জীতেন্দ্ৰ সিঙে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ কৰা এখন ‘ঘিবলি’ ফটো আপলোড কৰাৰ লগতে চন্দ্ৰবাবু নাইডু, কৈলাশ ৰেড্ডী, দেবেন্দ্ৰ ফাড়নবিশৰ লগতে ‘মাই গভ ইণ্ডিয়া’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো ঘিবলি ফটো আপলডো কৰিছে৷ তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ লগত বাৰ্তালাপৰো ‘ঘিবলি’ ফটো আপলোড কৰা দেখা গৈছে৷ অৱশ্যে কি উদ্দেশ্যেৰে বিজেপি দল তথা নেতা-মন্ত্ৰীসকলে আমেৰিকাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ এটা এপ ব্যৱহাৰ কৰি ‘ষ্টুডিঅ’ ঘিবলি’ শৈলীৰ ফটো আপলডো কৰি ট্ৰেণ্ডিঙৰ সৃষ্টি কৰিছে সেয়া বৰ্তমানো ৰহস্য হৈয়ে আছে৷