Logo
image

অৱশেষত মুক্ত হ’ল দিলোৱাৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৯ মাৰ্চঃ  অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ‘দ্য ক্ৰছ কাৰেণ্ট’ৰ জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰ৷ শনিবাৰে সন্ধিয়া ৬.১০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই জ্যেষ্ঠ  সাংবাদিকজন কান্দোনত ভাগি পৰে৷ জে’লৰ পৰা ওলাই আহি দিলোৱাৰ হুছেইনে সাংবাদ মাধ্যমৰ আগত কান্দি কান্দি কয়– ‘মোক সমৰ্থন কৰাৰ বাবে মোৰ বন্ধুবৰ্গ, সাংবাদিক, সংবাদকৰ্মী, সংবাদগোষ্ঠী, সংবাদগোষ্ঠীৰ মালিকসকল, নাগৰিক সমাজ, অসমবাসী, অধিবক্তা, শিল্পী সমাজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আপোনালোকৰ মোৰ ওপৰত বিশ্বাস আছিল, সেই বিশ্বাস মই অটুট ৰাখিম৷ প্ৰশ্ন কৰাই মোৰ কাম আৰু প্ৰশ্ন কৰি যাম৷ আপোনালোকে দেখা পাই থাকিব৷ যিমান বিপদ নাহক কিয়, মই সততাৰে প্ৰশ্ন কৰি যাম৷ আৰক্ষীয়ে মোৰ ঘৰত অভিযান  চলাই ৫৩বিধ নথি-পত্ৰ জব্দ কৰিছিল৷ মোৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰৰ লগতে এল এল বিৰ চাৰ্টিফিকেটো আছিল৷ মোৰ এল এল বিৰ চাৰ্টিফিকেট ভুৱা আছিল বুলি আৰক্ষীৰ সন্দেহ আছিল নেকি? মোৰ পাছপ’ৰ্টো জব্দ কৰিছে৷ ব্যৱসায়ত মই নাই৷ পি এফ একাউণ্ট আৰু জীৱন বীমাৰ পলিচী ভাঙি ইয়াৰ ধনেৰে দুখন ডাম্পাৰ ক্ৰয় কৰিছিলোঁ৷ মোৰ দুজনী ছোৱালীৰ ভৱিষ্যৎ জীৱনৰ কাৰণে৷ গাড়ী দুখনৰ পৰা কিবা লাভ হ’ব বুলি ভাবিছিলোঁ৷ কিন্তু সেইবোৰ মিছা কথা৷ গাড়ীৰ পৰা কোনো লাভ হোৱা নাই৷ আমাৰ নিচিনা সাংবাদিক কেতিয়াও ব্যৱসায়ী হ’ব নোৱাৰে৷ দ্বিতীয়তে দোকানৰ কথা ওলাই আছে৷ আপোনালোকে জানে মোৰ পত্নী হাউছ ৱাইফ৷ আচলতে ক’বলৈ লাজৰ কথা৷ তেওঁৰ বিয়াত লাভ কৰা সোণৰ গহণা বেংক অৱ বৰোদাত বন্ধকত থৈ গণেশগুৰিত কাপোৰৰ দোকান দিছে মোৰ ৱাইফে৷


তেওঁৰ দোকান দিয়াৰ চখ আছিল আৰু মই তেওঁক সমৰ্থন কৰিছিলোঁ৷ লগতে যিটো ঘৰৰ কথা কৈছে, সেইটো মোৰ পৈত্ৰিক সম্পত্তি৷ কিন্তু মোৰ ভাগত আছাম টাইপৰ ঘৰ পৰিছে৷ সেই অট্টালিকাটো মোৰ জ্যেষ্ঠ ভাতৃৰ ভাগত পৰিছে৷ অট্টালিকাটো মোৰ নহয়৷ এইখিনি কথা অসমৰ ৰাইজে জনা উচিত৷ কোনো লুকুৱাই, চুৰি-কূটকৌশলেৰে এইবোৰ কৰা নাই৷ এইসমূহৰ ফটো মই নিজে ফেচবুকত দিছোঁ৷ মোৰ ফেচবুকৰ পৰা তেওঁলোকে লৈ অপপ্ৰচাৰ চলাই আছে৷ আৰু এটা কথা– আমাৰ সাংবাদিকসকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব লাগে৷ সাংবাদিকসকল ফাইনেন্সচিয়েলী ছাউণ্ড হৈ থাকিলেহে আগলৈ আৰু অধিক শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰিব৷ কথা ওলাইছে যে মোৰ ৬-৭খন গাড়ী আছে, আচলতে সেইবোৰ মিছা৷ এই গোটেইখিনি কথা আয়কৰ প্ৰতিবেদনত উল্লেখ আছে৷ আৰু এটা কথা, মই সাংবাদিক নে অধিবক্তা? আঠ ঘণ্টা সাংবাদিকৰ কৰ্তব্য সমাধা কৰি সময় নষ্ট নকৰি জ্যেষ্ঠ অধিবক্তাক সহায় কৰি দিওঁ৷’ উল্লেখ্য, শনিবাৰে দিলোৱাৰৰ অধিবক্তাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সাংবাদিকজনৰ হকে ২০ হাজাৰ টকাৰ বেইল বণ্ড জমা দিয়ে৷ এই বেইল বণ্ডৰ ভিত্তিত আদালতে সাংবাদিক দিলোৱাৰক মুকলি কৰি দিবলৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে৷ এই নিৰ্দেশ লাভ কৰি জে’ল কতৃৰ্পক্ষই শনিবাৰে সন্ধিয়া দিলোৱাৰক মুকলি কৰি দিয়াত সাংবাদিকসকল উৎফুল্ল হৈ পৰে৷ উল্লেখ্য, সাংবাদিক দিলোৱাৰৰ বিৰুদ্ধে তৰা দ্বিতীয়টো গোচৰতো আদালতত মুখথেকেঁচা খাবলগা হৈছে আৰক্ষীয়ে৷ পাণবজাৰ থানাত ৰুজু হোৱা ১১১/২০২৫ নম্বৰৰ দ্বিতীয়টো গোচৰতো শুকুৰবাৰে কামৰূপ [মহানগৰ] জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত সাংবাদিক মজুমদাৰে জামিন লাভ কৰে৷ উল্লেখ্য যে এপেক্স বেংকত সংঘটিত দুৰ্নীতি সন্দৰ্ভত প্ৰশ্ন সুধিবলৈ যোৱাৰ বাবে গ্ৰেপ্তাৰ হ’বলগা হৈছিল দ্য ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিেলাৱাৰ হুছেইন মজুমদাৰ৷ শিশুপাল বড়ো নামৰ এজন সুৰক্ষা কৰ্মীক জাতত ধৰি অশোভনীয় মন্তব্য কৰাৰ অজুহাতত ১১০/২০২৫ নম্বৰত গোচৰ ৰুজু কৰি পাণবজাৰ আৰক্ষীয়ে মজুমদাৰক গ্ৰেপ্তাৰ কৰে৷ কামৰূপ [মহানগৰ] জিলাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে৷ প্ৰথমটো গোচৰত জামিন লাভ কৰা সাংবাদিক মজুমদাৰক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখৰ পৰাই দ্বিতীয়টো গোচৰত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়৷ এইবাৰ বেংকত নথি-পত্ৰ ডকাইতি কৰাৰ দৰে জামিনবিহীন ধাৰা জাপি দি সাংবাদিক মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছিল৷