
কণ্ঠশিল্পী হীৰা দাস প্ৰয়াত
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৯ মাৰ্চঃ বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ হীৰা দাসৰ চিকিৎসাধীন অৱস্থাতে শনিবাৰে পুৱা ৩.৩০ বজাত মৃত্যু হয়৷ হীৰা দাসৰ মৃত্যুৰ লগে লগে হেৰাই গ’ল এক সোণালী কণ্ঠ অসমৰ সংগীত জগতৰ পৰা৷ বিগত ৪ দিন ধৰি গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সুৰকাৰ, গীতিকাৰ জে পি দাসৰ পত্নী তথা প্ৰবীণ অনাতাঁৰ শিল্পী হীৰা দাস৷ ব্ৰেইন ষ্ট্ৰ’ক হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ কণ্ঠশিল্পী গৰাকীয়ে৷ দক্ষিণ কামৰূপৰ মেধিপাৰা বাটৰ হাতত ১৯৫১ চনৰ ২ অক্টোবৰত এটা সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল৷ হীৰা দাসৰ পিতৃ মদন চন্দ্ৰ দাস এজন খ্যাতি সম্পন্ন তবলাবাদক আছিল৷ তেওঁলোকৰ পৰিয়ালত ৮জন ভাই-ভনীৰ তৃতীয় সন্তান আছিল হীৰা দাস৷ তেওঁ সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল৷ তেওঁৰ সংগীতৰ গুৰু আছিল জিতেন দেৱ৷ পৰৱৰ্তী সময়ত পিতৃৰ কৰ্মসূত্ৰে তেওঁলোকে গুৱাহাটীৰ শান্তিপুৰৰ বাসিন্দা হয়৷ তেওঁ কালিৰাম বৰুৱা স্কুলত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই কণ্ঠস্বৰৰ পৰীক্ষা দি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ আধুনিক গীতৰ স্বীকৃতি লাভ কৰে৷ তাৰপাছত এটাৰ পাছত আনটো জনপ্ৰিয় গীতেৰে হীৰা দাস অসমৰ সংগীত জগতত বিখ্যাত হৈ পৰে৷ তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁ ১৯৭৩ চনৰ ৩ হীৰা দাস মে’ত জে পি দাসৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷ তেওঁ সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ‘ বকুল ফুলৰ দৰে জোনাকৰ পাখি উৰে’ গীতটোত বৰ সুন্দৰকৈ কণ্ঠ নিগৰাইছিল৷ গীতটো সুৰেৰে সজাইছিল জে পি দাসে৷ তদুপৰি প্ৰশান্ত বৰদলৈয়ে লিখা ‘হে দেৱতা মনৰ তৰালি’, তৰুণ শৰ্মাই লিখা আৰু জে পি দাসে সুৰ কৰা ‘বনত ইমান পলাশৰ চাকি জ্বলে’, তফজ্জুল আলিয়ে লিখা আৰু হীৰা দাসে সুৰ কৰা ‘ শ্যাম বৰণীয়া আকাশত’, নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ কথাৰে হীৰা দাসে সুৰ কৰা ‘দুখে যেতিয়া দুয়োটি চকু’, নগেন বৰাই লিখা আৰু দেবেন শৰ্মাই সুৰ কৰা ‘নগৰত নেচাবি দৰা’ আদি গীতত হীৰা দাসে কণ্ঠ দিছিল৷
তেওঁৰ গীত এসময়ত অসমৰ ঘৰে ঘৰে ৰেডিঅ’ত বাজিছিল৷ পাছলৈ তেওঁ কণ্ঠ হেৰুৱাই দীৰ্ঘদিন সংগীতৰ জগতৰ পৰা আঁতৰি থাকি বেদনাত ভুগিছিল৷ পত্নীক হেৰুৱাই শোকত ভাগি পৰে বিশিষ্ট সংগীত শিল্পী জেপি দাস৷ তেওঁ সংবাদ মাধ্যমক কয়, ‘ মই তাইৰ মাতৰ প্ৰেমত পৰিছিলোঁ, নেদেখাকৈয়েই তাইৰ গান শুনি মাতৰ প্ৰেমত পৰিছিলোঁ৷ সেই মাতটো আজি নাইকিয়া হৈ গ’ল৷ তাই বহুত ভাল গান গাইছিল, ডিব্ৰুগড়ৰ অনাঁতাৰ কেন্দ্ৰটো গান গাইছিল৷ তাই নিজেই সুৰ কৰিছিল৷ দেউতা আৰু তেওঁৰ বাবে মই জে পি দাস হিচাপে থিয় হ’ব পাৰিছো৷ হীৰাক ভগবানে লৈ যোৱা নাই, মইহে ভগৱানক দিলোঁ৷’ তেওঁ পত্নী হীৰা দাসৰ স্মৃতি ৰোমন্থন কৰি এটি গীত গায়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ৷ মৃত্যুৰ সময়ত তেওঁ স্বামী বিশিষ্ট সংগীত শিল্পী জে পি দাস, দুই পুত্ৰ নিতিন দাস, ৰাজীৱ দাস, কন্যা জিণ্টী দাস, দুই বোৱাৰী, জোঁৱাই, নাতি-নাতিনী, আত্মীয়-স্বজনক এৰি যায়৷ গুৱাহাটীৰ চানমৰিস্থিত স্বামীগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ নি শেষকৃত্য সম্পন্ন কৰা হয়৷ বৰ পুত্ৰ নীতিন দাসে মুখাগ্নি কৰে৷ বিশিষ্ট কণ্ঠ শিল্পী হীৰা দাসৰ মৃত্যুত ৰাজ্যৰ সংগীত জগতত শোকৰ ছাঁ পৰে৷ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি বিশিষ্ট সংগীত শিল্পী সূৰ্য গোস্বামীয়ে কয়– হীৰা দাসলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ৷ আজি পুৱাই খবৰটো পাই মৰ্মান্তিক দুখ পালো৷ কিয়নো শান্তিপুৰৰ ঘৰখনৰ পৰা প্ৰাগজ্যোতিষ কলেজত পঢ়ালৈকে ভালদৰে জানিছিলো৷ তেওঁ কণ্ঠ দি যোৱা গীতখিনিৰ কথা নকলোৱেই বা৷ এটা কথা মৃত্যু এটা চিৰন্তন সত্য৷ আমাৰ কৰণীয় একো নাই৷ তেওঁৰ গীতখিনিৰে আমাক মনত পেলাই থাকিব৷ তেওঁ য’তে আছে শান্তিৰে থাকক৷ তেওঁৰ মৃত্যুত শিল্পী লোকনাথ গোস্বামী, দ্বীপেন বৰুৱা, সমৰ হাজৰিকা, মণীষা হাজৰিকা, শান্তা উজীৰ, নমিতা ভট্টাচাৰ্য, অপৰ্ণা দত্ত চৌধুৰী, দেৱজিত দত্ত চৌধুৰী, ভদ্ৰকান্ত দাস, বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞা, জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰা, মণ্টু শইকীয়া আদিয়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য, যোৱা ২৩ মাৰ্চত হীৰা দাসক সম্বৰ্ধনা জনাইছিল পাঠান হাজৰিকা স্মাৰক ন্যাসে৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হীৰা দাসক সম্বৰ্ধনা জনোৱা হৈছিল আৰু সেই সময়ত লগত উপস্থিত আছিল জে পি দাসো৷
[শুধৰণিঃ ‘আমাৰ অসম’ৰ ২৯ মাৰ্চ সংখ্যাত প্ৰকাশিত ‘সুৰীয়া হীৰা দাস চহৰীয়া’ শীৰ্ষক মোৰ লেখাটোত প্ৰমাদবশতঃ চহৰীয়া উপাধিটো সংযোজিত হ’ল৷ আচলতে হ’ব লাগিছিল ‘সুৰীয়া হীৰা দাস’৷ এই অনিচ্ছাকৃত ভুলৰ বাবে মই দুঃখিত৷ –কমল কটকী]