
ভাৰতীয় প্লেটৰ সৈতে সংঘাতেই প্ৰলয়ৰ কাৰণ !
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ মাৰ্চঃ সমগ্ৰ ম্যানমাৰ দেশখন দক্ষিণৰ আন্দামান সাগৰৰ পৰা উত্তৰৰ শেষ সীমালৈ ছাগায়িং ফল্টো বা চ্যুতিয়ে ভূগৰ্ভৰে দুফাল কৰি থৈছে৷ ১২০০ কিলোমিটাৰ দৈৰ্ঘৰ এই ছাগায়িং চ্যুতিক ভূতত্ববিদে ‘আৰ্থকুৱেক ফŒI× ছুপাৰএক্সপ্ৰেছৱে’ বুলি অভিহিত কৰে৷ চুৰিৰে কাপোৰ কটাৰ দৰে কটা এই চ্যুতিক ‘নাইফ কাট’ বুলি কোৱা হয় আৰু এই চ্যুতি হৈছে দেশখনৰ বহু বৃহৎ ভূমিকম্পৰ উৎপত্তিৰ কাৰণ৷ এই চ্যুতিৰ তলতে আছে ইউৰেছিয়ান টেক্টনিক প্লেট বা ভূফলক৷ এই ইউৰেছিয়ান টেক্টনিক আৰু ইণ্ডিয়ান টেক্টনিক প্লেটৰ [ভূফলক] সংঘৰ্ষৰ ফলতে ম্যানমাৰৰ জ্জ.জ্জ প্ৰাবল্যৰ ভূমিকম্পটোৰ উৎপত্তি৷ ইণ্ডিয়ান টেক্টনিক প্লেটখন উত্তৰ দিশে বছৰি পাঁচ ছেণ্টিমিটাৰকৈ আগুৱাই গৈ আছে আৰু ইউৰেছিয়ান টেক্টনিক প্লেটৰ তললৈ সোমাই গৈ আছে৷ এই ভূফলকৰ গতি যিহেতু অনিৰুদ্ধ, সেয়ে হাজাৰ বিঘিনি, ওখ-চাপৰ সকলো মষিমুৰ কৰি টেক্টনিক প্লেট দুখন পৰস্পৰৰ বিপৰীতে আগুৱাই আছে৷
এই গতিত বাধা পালে অধিক শক্তিৰে ভূফলক দুখন আগবাঢ়ি যোৱাৰ ফলত সৃষ্টি হোৱা প্ৰবল ঘৰ্ষণত এই অঞ্চলত জোকাৰণি বা ভূমিকম্পৰ সৃষ্টি হয়৷ আনহাতে ইউৰেছিয়ান টেক্টনিক প্লেটখন ভাগি ম্যানমাৰৰ অন্তৰ্ভাগত সুন্দা টেক্টনিক প্লেটৰ সৃষ্টি হৈছে৷ আকৌ ইউৰেছিয়ান টেক্টনিক প্লেট আৰু ইণ্ডিয়ান টেক্টনিক প্লেটৰ হেঁচাত সুন্দা টেক্টনিক প্লেট ভাগি সৃষ্টি হৈছে বাৰ্মা মাইক্ৰ’ টেক্টনিক প্লেট৷ ইউৰেছিয়ান টেক্টনিক প্লেট আৰু ইণ্ডিয়ান টেক্টনিক প্লেটৰ অহৰ্নিশ ঘৰ্ষণত তথা সুন্দা টেক্টনিক প্লেটৰ হেঁচাত ম্যানমাৰৰ তলত থকা বাৰ্মা মাইক্ৰ’ টেক্টনিক প্লেটৰ অৱস্থা ‘ছেণ্ডুইচ’ৰ দৰে হৈছে৷ এই বৃহৎ টেক্টনিক প্লেট আৰু সৰু তথা ক্ষুদ্ৰ টেক্টনিক প্লেটৰ অহৰ্নিশে সংঘৰ্ষ চলি থাকে৷ সেই সংঘৰ্ষ ডাঙৰ হ’লেই ভূমিকম্পৰ প্ৰাবল্যও বৃহৎ হয়৷ এনে এক পৰিস্থিতিৰ ফলতে ম্যানমাৰৰ অৱস্থা অতিশয় ভংগুৰ বুলি ভূতত্ববিদে দাবী কৰে৷ শুকুৰবাৰে ইণ্ডিয়ান আৰু ইউৰেছিয়ান টেক্টনিক প্লেটৰ সংঘৰ্ষক এই ভূমিকম্পৰ উৎপত্তিৰ সামগ্ৰিক কাৰণ বুলি অভিহিত কৰিও ক’ব পাৰি বিশেষভাৱে ইউৰেছিয়ান প্লেটৰ খণ্ডিত অংশ সুন্দা প্লেট তথা ইণ্ডিয়ান প্লেটৰ বাৰ্মা প্লেটৰ ওপৰত হেঁচা আৰু সংঘৰ্ষৰ ফলতে ভয়ংকৰ ভূমিকম্পটোৰ উৎপত্তি হ’ল৷