Logo
image

মানসিক হাৰাশাস্তিৰ অভিযোগ, আৰক্ষীৰ কাষত অৰ্চিতাৰ পৰিয়াল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জুলাইঃ   এ আই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাক বিষয় হিচাপে লৈ জাৰ্মানীত অধ্যয়ন কৰি থকা এগৰাকী যুৱতীয়ে প্ৰথমে কৈছিল– অৰ্চিতা ফুকনৰ নামত যি ভিডিঅ’ই ইনষ্টাগ্ৰাম তোলপাৰ লগাইছে, সেয়া এ আইৰ দ্বাৰা তৈয়াৰ কৰা৷ তেতিয়া ‘আমাৰ অসম’ত অৰ্চিতা ফুকন সন্দৰ্ভত প্ৰথম বাতৰিটো প্ৰকাশ হৈছিল আৰু ফেচবুকৰ এটা গ্ৰুপত শ্বেয়াৰ কৰা বাতৰিটোৱে ধুমুহাৰ সৃষ্টি কৰিছিল৷ কাৰণ ইনষ্টাগ্ৰামত অসমৰ এগৰাকী যুৱতী বুলি দাবী কৰা   অৰ্চিতা ফুকনে বেবীডল আৰ্চি নাম লৈ আমেৰিকাৰ প্ৰখ্যাত পৰ্নষ্টাৰ কেন্দ্ৰা লাষ্টৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল আৰু তেওঁৰ পৰা ‘অমূল্য’ উপদেশ লাভ কৰা বুলি প্ৰকাশ কৰিছিল৷ লগে লগে জল্পনা-কল্পনা আৰম্ভ হৈছিল, অৰ্চিতা ফুকন নামৰ যুৱতীগৰাকীৰ মাৰ্কিন পৰ্ন উদ্যোগত প্ৰৱেশৰ সম্ভাৱনা৷ ‘আমাৰ অসম’ৰ দ্বিতীয় আৰু তৃতীয় এই সম্পৰ্কীয় বাতৰিত এই ‘ইল্যুছন’ এ আইৰ দ্বাৰা সৃষ্ট বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছিল আৰু জাৰ্মানীৰ বাৰ্লিনত এ আই বিষয় অধ্যয়ন কৰি থকা যুৱতীগৰাকীৰো বক্তব্য প্ৰকাশ কৰা হৈছিল তেওঁৰ নাম উল্লেখ নকৰাকৈ৷ তেওঁ এই সন্দৰ্ভত মেছেঞ্জাৰৰ জৰিয়তে কেতবোৰ তথ্যও জনাইছিল, যি অৰ্চিতা ফুকনৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ভিডিঅ’-পোষ্ট এ আই সৃষ্ট বুলি দাবী কৰিছিল৷ অৱশ্যে তেতিয়াও পৰ্নষ্টাৰ কেন্দ্ৰা লাষ্টৰ সৈতে একেলগে অৰ্চিতা ফুকনে কিদৰে ফটো দিলে, কিদৰে কেন্দ্ৰা লাষ্টক টেগ কৰিলে আৰু কেন্দ্ৰা লাষ্টে কিয় অৰ্চিতা ফুকনক টেগ কৰিলে, তাৰ উত্তৰ তেওঁৰ নাছিল৷ সেই উত্তৰ আজিও নাই৷

কিন্তু আজি এটা এনে ডাঙৰ খবৰ পোহৰলৈ আহিছে, য’ৰ পম খেদি অৰ্চিতা ফুকনৰ ইনষ্টাগ্ৰাম একাউণ্ট যে ভুৱা আৰু তাৰ ভিডিঅ’ কিম্বা ফটো ‘মৰ্ফড’ সেয়া প্ৰমাণ হোৱাৰ দিশে আগবাঢ়িছে৷ সেই সকলো আছিল এ আইৰ সৃষ্ট ইন্দ্ৰজাল অথবা এক বিভ্ৰম৷ কিয়নো অৰ্চিতা ফুকন নামৰ যুৱতীগৰাকীয়ে শুকুৰবাৰে ডিব্ৰুগড় থানাত তেওঁৰ ফটো কোনো চাইবাৰ অপৰাধীয়ে বিকৃত [মৰ্ফ] কৰি ব্যৱহাৰ কৰা বুলি গোচৰ তৰিছে৷ এই বাতৰি প্ৰস্তুত কৰাৰ সময়লৈ গোচৰটো বা এজাহাৰখন পঞ্জীয়ন হোৱা নাই৷ কিন্তু নিশাৰ ভিতৰতে পঞ্জীয়ন হোৱাৰ কথা৷ সেয়ে ডিব্ৰুগড় আৰক্ষীয়ে এই গোচৰটো সন্দৰ্ভত সবিশেষ জনোৱাৰ পৰা বিৰত আছে৷ কিন্তু জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু ডিব্ৰুগড় থানাৰ এজন শীৰ্ষ বিষয়াই এই তথ্য নিশ্চিত কৰিছে৷ তেওঁলোকে জনোৱা অনুসৰি অৰ্চিতা ফুকনৰ ভাতৃয়ে ডিব্ৰুগড় থানাত এই গোচৰ তৰিছে৷ ভগ্নীৰ হৈ তৰা গোচৰত তেওঁলোকে জনাইছে যে অৰ্চিতা ফুকনৰ ফটো ‘মৰ্ফ’ কৰি কোনো ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত অতি অসৎ অভিপ্ৰায়েৰে ব্যৱহাৰ কৰিছে৷ ইয়াৰ ফলত তেওঁৰ ভগ্নীৰ অপযশ হৈছে আৰু পৰিচিতৰ ওচৰত তেওঁৰ জীৱন নিৰ্বাহ অসম্ভৱ হৈ পৰিছে৷ প্ৰয়োজন হ’লে সেই এজাহাৰখন পঞ্জীয়ন নকৰাকৈও দুষ্কৃতিকাৰীক ধৰা পেলাবলৈ তেওঁলোকে আবেদন জনাইছে৷ আৰক্ষী বিষয়াজনে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে তেওঁলোকে তদন্ত একপ্ৰকাৰ আগবঢ়াই নিছে আৰু অচিৰেই এই ঘটনাৰ আঁৰত থকা ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব৷ এই চাইবাৰ অপৰাধ অতিশয় ভয়ংকৰ বুলি আৰক্ষী বিষয়াজনে মন্তব্য কৰে৷ কিয়নো যিগৰাকী যুৱতীৰ ফটো কিম্বা নাম ব্যৱহাৰ কৰি তেওঁক পৰ্নগ্ৰাফিক অভিনেত্ৰী হিচাপে ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলোৱা হৈছে, তেওঁ এতিয়া ভয়ানক আতংকত আছে৷ কাৰো ওচৰত মুখ উলিয়াব নোৱাৰি তেওঁ যি ‘ট্ৰমা’ৰ সন্মুখীন হৈছে তাৰ পৰা ওলাই অহা অতি কষ্টসাধ্য বুলি আৰক্ষী বিষয়াজনে মন্তব্য কৰিছে৷ সেয়ে তেওঁ অপৰাধী ধৰা পৰাৰ পূৰ্বে বিশদভাৱে যুৱতীগৰাকীৰ বিষয়ে আৰু এই ঘটনা সন্দৰ্ভত বাতৰি প্ৰচাৰ নকৰিবলৈও অনুৰোধ জনাইছে৷ তেওঁ দাবী কৰা অনুসৰি খুব কম সময়ৰ ভিতৰত ডিব্ৰুগড়ৰ আৰক্ষীয়ে এই দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব৷ প্ৰসংগতঃ উল্লেখযোগ্য, আন এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ডিব্ৰুগড়ৰ এই যুৱতীগৰাকী বিবাহিত৷ তেওঁৰ এখন সুখৰ সংসাৰ আছে৷ বিকৃত মানসিকতাৰ কোনো এক বা একাধিক চাইবাৰ অপৰাধীয়ে তেওঁৰ জীৱন দুৰ্বিষহ কৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক হাৰত ধন ঘটাৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে৷ 


তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে ইমান দিনে অৰ্চিতা ফুকনৰ নামত থকা ইনষ্টাগ্ৰাম একাউণ্টৰ নাম হঠাতে দহ জুলাইৰ মাজ নিশা সলনি কৰি দিয়ে সেই একাউণ্ট ব্যৱহাৰকাৰীয়ে৷ ইনষ্টাগ্ৰাম হেণ্ডলত থকা বেবীডল আৰ্চি নামটো একেই ৰাখি অৰ্চিতা ফুকনৰ নামটো সলনি কৰা হয় আমিৰা ইস্তাৰালৈ৷ নিশাই অৰ্চিতা ফুকনৰ নাম ইনষ্টাগ্ৰামত সলনি হোৱাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে৷ এই নাটকীয় নাম সলনিৰ ঘটনাই সংবাদ মাধ্যমত তীব্ৰ চাঞ্চল্য আৰু বিভিন্ন জল্পনা-কল্পনাৰো সৃষ্টি কৰে৷ একাংশ সংবাদ মাধ্যমে সেই বাতৰি প্ৰকাশ কৰি দাবী কৰে, সম্ভৱতঃ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ যোৱাৰ বাবেই কৌশলগত কাৰণত অৰ্চিতা ফুকনে তেওঁৰ নাম সলনি কৰিনতুনকৈ ‘ব্ৰেণ্ডিং’ আৰম্ভ কৰিছে৷ আন এক সম্ভাৱনা ব্যক্ত কৰি অৰ্চিতা ফুকনৰ এক ভয়াৱহ অতীতৰ পৰা আঁতৰি নতুন কেৰিয়াৰ গঢ়াৰ বাবেও নাম সলনিৰ পদক্ষেপ লোৱা বুলি সেই বাতৰিত সম্ভাৱনা ব্যক্ত কৰা হৈছিল৷ উল্লেখ্য, সেই নামটোৰ বাহিৰে ইনষ্টাগ্ৰাম একাউণ্টৰ আন সকলোবোৰ একেই আছিল৷ এতিয়া আৰক্ষীৰ ওচৰত অৰ্চিতা ফুকনৰ পৰিয়ালে গোচৰ তৰাৰ খবৰ জনাৰ পাছত একাউণ্টটো ব্যৱহাৰ কৰি থকা চাইবাৰ অপৰাধীজনৰ মনোভাৱ ক্ৰমাৎ পৰিস্ফুট হৈছে৷ সম্ভৱতঃ অৰ্চিতাৰ পৰিয়ালৰ এজাহাৰৰ পৰা বিপদত পৰিব বুলি আশংকা কৰিয়েই সেই চাইবাৰ অপৰাধীয়ে দহ জুলাইৰ নিশা ইনষ্টাগ্ৰাম একাউণ্টৰ নাম সলনি কৰিছিল৷ তেওঁক একেবাৰে শেহতীয়া পোষ্টত কোনোবা ফল’ৱাৰ্ছে কিয় নাম সলনি কৰিলে সেই প্ৰশ্ন কৰোঁতে নতুন একাউণ্টৰ পৰা আমিৰা ইস্তাৰাই উত্তৰো দিছিল৷ তেওঁ কৈছিল– এইটো মোৰ নতুন পঞ্জীয়ন হোৱা ষ্টেজৰ নাম [ডেট্‌ছ মাই নিউ ৰেজিষ্টাৰ্ড ষ্টেজ নেম]৷ সেইটো পোষ্টত আমিৰা ইস্তাৰাই অসমৰ বহু ফল’ৱাৰ্ছক বিভিন্ন উত্তৰো দিছিল৷ পিছে ডিব্ৰুগড়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ বক্তব্য শুনি যি ধাৰণা হ’ল, এই চাইবাৰ অপৰাধী অৰ্চিতা ফুকনক বদনাম কৰি হাৰি যাব নোৱাৰিব৷ যদিও তেওঁ এআই ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিশাল পৰিমাণৰ ধন অৰ্জন কৰাৰ পৰিকল্পনা কৰিছিল, সেই পৰিকল্পনা তেওঁৰ বাস্তৱত ৰূপায়িত নহ’ব৷ আশা কৰা হৈছে শনিবাৰে দুপৰীয়াৰ ভিতৰত আৰক্ষীৰ ৰঙা ঘৰৰ পাবহি অৰ্চিতা ফুকনৰ নাম, ফটো ‘মৰ্ফ’ কৰি ভয়ংকৰ অপৰাধ সংঘটিত কৰা এই চাইবাৰ অপৰাধী৷