
ইন্ধনৰ ছুইচ বন্ধ হৈ গ’ল কেনেকৈ কাৰিকৰী বিজুতি নে পাইলটৰ ভুল
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ জুলাইঃ গুজৰাটৰ আহমেদাবাদত যোৱা ১২ জুনত সংঘটিত শিহৰণ উদ্ৰেককাৰী বিমান দুৰ্ঘটনাৰ প্ৰাথমিক তদন্তত বিমানৰ ইন্ধন সৰবৰাহৰ ছুইচ বন্ধ হৈ পৰাটোৱেই প্ৰধান কাৰণ হিচাপে ধৰা পৰিছে৷ ইন্ধন সৰবৰাহৰ ছুইচ বন্ধ হৈ যোৱাৰ ফলত ৩২ ছেকেণ্ডৰ ভিতৰত ড্ৰীমলাইনাৰ ৭৮৭ বিমানখনৰ দুয়োটা ইঞ্জিন বন্ধ হৈ গৈছিল আৰু শেষ মুহূৰ্তত ইন্ধন সৰবৰাহৰ ছুইচ ‘অন’ কৰা হ’লেও তেতিয়ালৈ বিপজ্জনকভাৱে তললৈ নামি অহা এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখী বিমানখন পুনৰ ওপৰলৈ নিয়া সম্ভৱ নাছিল৷ এতিয়া প্ৰশ্ন উঠিছে, ইন্ধন সৰবৰাহৰ ছুইচ কোনে বন্ধ কৰি দিছিল। প্ৰাথমিক তদন্তত প্ৰকাশ, ধবংস হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ পৰা ইন্ধনৰ ছুইচ উদ্ধাৰ কৰা হৈছে আৰু ছুইচটো ‘ৰান ম’ড’ত আছে, ‘কাট অফ’ ম’ড অৰ্থাৎ বন্ধ অৱস্থাত পোৱা নাই৷ ইয়াৰ লগে লগে পৰিপূৰক প্ৰশ্ন উঠিছে, প্ৰকৃততে ইন্ধন সৰবৰাহৰ ছুইচ ড্ৰীমলাইনাৰ ৭৮৭ত বন্ধ থকাৰ তথ্যৰ সত্যতা কিমান? কিয়নো এই দুৰ্ঘটনাৰ প্ৰতি ছেকেণ্ডৰ ঘটনা তদন্তৰ প্ৰতিবেদনত প্ৰকাশ হোৱাৰ লগে লগে ‘এয়াৰলাইন পাইলটছ এছ’চিয়েচন অৱ ইণ্ডিয়া’ই [এএলপিএ] তদন্তৰ নিৰপেক্ষতা, গোপনীয়তা আৰু স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ পাইলট সংগঠনটোৰ সঞ্চালক ছেম থমাছে প্ৰাথমিক তদন্তক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই কৈছে– ‘তদন্তৰ ভংগী আৰু দুৰ্ঘটনাৰ কাৰণৰ অভিমুখ একপক্ষীয়ভাৱে পাইলটৰ প্ৰতি পোন কৰা হৈছে আৰু পাইলটৰ ত্ৰুটিৰ প্ৰতি ইংগিত কৰা হৈছে৷ প্ৰাথমিক তদন্ততে এনেদৰে পাইলটৰ ভুল বুলি ধৰি লোৱাৰ আমি বিৰোধিতা কৰিছোঁ৷ আমি বিচাৰোঁ, এই দুৰ্ঘটনাৰ নায্য, তথ্যভিত্তিক তদন্ত হওঁক৷ কোনো সুস্থ পাইলটে ইন্ধনৰ ছুইচ বন্ধ কৰি বিমানৰ ‘টেক-অফ’ নকৰে৷’ আনহাতে প্ৰাথমিক তদন্তৰ কোনো গোপনীয়তা ৰক্ষা নকৰি সংবাদ মাধ্যমৰ হাতত প্ৰতিবেদন তুলি দিয়াৰো বিৰোধিতা কৰি তেওঁ তদন্তত পৰ্যবেক্ষক হিচাপে পাইলট সংগঠনক ৰাখিবলৈ দাবী জনাইছে৷
দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্যত সংঘটিত আৰু ২৪১ জন যাত্ৰী-ক্ৰুসহ মুঠতে ২৬০ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া এই বিমান দুৰ্ঘটনাৰ প্ৰাথমিক তদন্ত কৰিছে ‘এয়াৰক্ৰাফট এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰো’ৱে [এএআইবি]৷ তেওঁলোকে ১৫ পৃষ্ঠাৰ প্ৰাথমিক তদন্ত প্ৰতিবেদনত বিমানখনৰ অন্তিম ৩২ ছেকেণ্ডৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিছে৷ এই প্ৰতিবেদনত পোহৰলৈ আহিছে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত একাধিক চাঞ্চল্যকৰ তথ্য৷ ১৫ পৃষ্ঠাৰ তদন্তৰ প্ৰাথমিক প্ৰতিবেদনত উল্লেখ থকা মতে, উৰণৰ পিছমুহূৰ্ততে বন্ধ হৈ পৰিছিল বিমানৰ দুয়োটা ইঞ্জিন৷ ইয়াৰ কাৰণ আছিল, ইন্ধনৰ সৰবৰাহ বন্ধ হৈ গৈছিল বিমানৰ দুয়োটা ইঞ্জিনলৈ৷ ইন্ধন ৰাণ ম’ডৰ পৰা কাট-অফ ম’ডলৈ যোৱাৰ সময়ৰ বিমানৰ গতিবেগৰ তথ্য উল্লেখ কৰা হৈছে প্ৰতিবেদনত৷ সেই সময়ত বিমানৰ গতিবেগ আছিল সৰ্বোচ্ছ ১৮০ ন’টছ আইএএছ অৰ্থাৎ, গতিবেগ আছিল ঘণ্টাত ৩৩৩.৩৬ কিলোমিটাৰ৷ ঠিক সেই সময়তে এটা এটাকৈ দুয়োটা ইঞ্জিন বন্ধ হৈ পৰিছিল৷
দুৰ্ঘটনাৰ পূৰ্বে কি কথা হৈছিল দুয়ো পাইলটৰ মাজত? প্ৰতিবেদনত উল্লেখ কৰা মতে, এজন পাইলটে আনজনক সুধিছিল –ইন্ধনৰ ছুইচ কিয় বন্ধ কৰি দিলে? আনজনৰ উত্তৰ আছিল– মই বন্ধ কৰা নাই৷ ইঞ্জিন বন্ধ হোৱাৰ পিছত ইঞ্জিনি পুনৰ চলাই দুৰ্ঘটনা ৰোধৰ বাবে দুয়োজন পাইলটে পাৰ্যমানে যে চেষ্টা চলাইছিল, সেয়াও আহিছে পোহৰলৈ৷ দুয়োটা ইঞ্জিন বন্ধ হোৱাৰ পিছত জৰুৰীভাবে সক্ৰিয় কৰা হৈছিল ৰেম এয়াৰ টাৰ্বাইন৷ স্বয়ংক্ৰিয়ভাবে জৰুৰী ভিত্তিত ইঞ্জিনলৈ বিদু্যৎ সৰবৰাহ কৰে ৰেম এয়াৰ টাৰ্বাইনে৷ কিন্তু সেই চেষ্টাও ব্যৰ্থ হয় আৰু দ্ৰুতগতিত তললৈ নামি আহে বিমানখন৷ পৰিণতিত বিমানখনে খুন্দা মাৰেগৈ মেডিকেল কলেজৰ ছাত্ৰাবাসৰ ছাদত৷ লগে লগে চৌদিশ আবৰি ধৰে জুয়ে৷ প্ৰতিবেদনত উল্লেখ থকা মতে, বিমানৰ ‘থ্ৰাষ্ট লিভাৰ’সমূহ পোৱা গৈছিল নিষ্কিয় অবস্থাত৷ কিন্তু ব্লেক বক্সৰ তথ্য মতে উৰণৰ সময়ত ‘থ্ৰাষ্ট লিভাৰ’সমূহ সক্ৰিয় আছিল বিমান উৰাৰ সময়ত ইন্ধনৰ সৰবৰাহ আছিল স্বাভাৱিক৷ ‘ফ্লেপ চেটিং’ আৰু গিয়েৰৰ অৱস্থাও স্বাভাবিক আছিল৷ এই প্ৰতিবেদন অনুসৰি, চৰাইৰ খুন্দাৰ বাবে হোৱা নাই এই দুৰ্ঘটনা৷ দৃশ্যমানতাৰো নাছিল কোনো সমস্যা৷ বিমানৰ সামগ্ৰীসহ ওজন তথা ভাৰসাম্য আছিল স্বাভাৱিক৷ বিমানত নাছিল কোনো বিপদজনক সামগ্ৰীও৷ প্ৰাথমিক তদন্তত পোৱা হোৱা নাই কোনো ষড়যন্ত্ৰৰো প্ৰমাণ৷ কিন্তু ইন্ধনৰ ছুইচত কিবা বিসংগতি আছিল নে নাই সেয়া এতিয়াও পৰীক্ষা কৰি চোৱা হোৱা নাই৷ কিন্তু প্ৰশ্ন হয়, ইন্ধনৰ সৰবৰাহ হঠাৎ কিয় বন্ধ হৈ গৈছিল? যান্ত্ৰিক বিজুটি নে পাইলটে ভুলবশতঃ চুইচ বন্ধ কৰি দিছিল? সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত৷
এয়াৰ ইণ্ডিয়াৰ এই ড্ৰীমলাইনাৰ বিমানখনৰ পাইলট আছিল সুমিত ছাভাৰৱাল আৰু ক্লাইভ কুন্দৰ৷ ৫৬ বছৰীয়া সুমিতৰ ১৫,৬৩৮ ঘণ্টা আৰু ক্লাইভৰ ৩,৪০৩ ঘণ্টা বিমান চলোৱাৰ অভিজ্ঞতা আছিল৷ কোনে ইন্ধনৰ ছুইচ বন্ধ কৰিলে বুলি যিটো প্ৰশ্ন কৰা হৈছিল, সেই প্ৰশ্ন কোনে কৰিলে সেয়া প্ৰতিবেদনত জনোৱা নাই৷ বিশেষজ্ঞৰ দাবী, পাইলটে ইন্ধনৰ ছুইচ বন্ধ কৰি দিব, তেনে কথা হ’ব নোৱাৰে৷ সংবাদ সংস্থা ৰয়টাৰ্ছক বিমান নিৰাপত্তা বিশেষজ্ঞ এণ্টনি ব্ৰিকহাউছে কয়– ‘পাইলটে এইটো কেতিয়াও নকৰে৷ যদি পাইলটে এইটো কৰিছে, তেন্তে প্ৰশ্ন হয়– কিয় কৰিলে? কিন্তু সেয়া প্ৰায় অসম্ভৱ৷’ আন এজন বিশেষজ্ঞ জন নান্সে কয়– ‘কোনো পাইলটেই সুস্থ, স্বাভাৱিক অৱস্থাত এইটো নকৰে৷ এটা বন্ধ কৰি আনটো বন্ধ কৰিবলৈ যাওঁতে যথেষ্ট সময় লাগিব৷ সেয়ে সেয়াও সম্ভৱ নহয়৷’ উল্লেখ্য, ইন্ধনৰ ছুইচ বন্ধ কৰি দিলেই বিমানৰ ইঞ্জিনলৈ ইন্ধন সৰবৰাহ বন্ধ হৈ যায়৷ বিমানৰ অবতৰণ আৰু দুৰ্ঘটনাৰ ক্ষেত্ৰতহে এই ছুইচ বন্ধ কৰা হয়৷ তেনে কোনো সম্ভাৱ্য দুৰ্ঘটনাৰ আশংকাই এই বিমানত দেখা দিছিল নেকি সেয়া প্ৰাথমিক তদন্তৰ প্ৰতিবেদনত নাই৷
কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে কৈছে, এই প্ৰাথমিক প্ৰতিবেদন লৈ দুৰ্ঘটনাৰ কাৰণ বিচাৰ কৰা আৰু চূড়ান্ত সিদ্ধান্তলৈ অহা সম্ভৱো নহয়, উচিতো নহয়৷ তেওঁ ভাৰতীয় পাইলট বিশ্বৰ ভিতৰতে দক্ষ বুলিও মন্তব্য কৰে৷ প্ৰসংগতঃ উল্লেখযোগ্য, বিমানখনৰ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত কৰাৰ বাবে ৰাষ্ট্ৰসংঘই প্ৰস্তাৱ দিছিল৷ কিন্তু নতুন দিল্লীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে৷ আনহাতে, দুৰ্ঘটনাগ্ৰস্ত ড্ৰীমলাইনাৰ বিমানখনৰ ‘ব্লেক বক্স’ পৰীক্ষাৰ বাবে বিদেশলৈ পঠিওৱা হোৱা নাই বুলি কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে৷ দুৰ্ঘটনাৰ ঠিক এমাহ সম্পূৰ্ণ হোৱাৰ দিনা প্ৰকাশিত তদন্তৰ প্ৰতিবেদনক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাটো তেনেই অস্বাভাৱিক যেন হৈ পৰিছে৷