Logo
image

গোৱালপাৰাক বিদেশীমুক্ত কৰিব বিজেপিয়ে !মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ দুধনৈৰ বিশেষ প্ৰতিনিধি, ২৯ মাৰ্চঃ  ‘কগ্ৰেছে ঐতিহ্যমণ্ডিত গোৱালপাৰা জিলাৰ বিদেশীক গটাব বিচাৰে৷ আমি বিজেিয়ে সদায় গোৱালপাৰা ভাৰতীয় জনজাতীয় লোকৰ বাবে সংৰক্ষণ কৰিব বিচাৰোঁ৷’ এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে দুধনৈত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, সম উন্নয়ন সম বিকাশ আৰু সম অধিকাৰৰ লক্ষ্যৰে  ৰাভা হাছং এলেকাত তীব্ৰ প্ৰচাৰ অভিযান চলি আছে৷ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰ জোটৰ উদ্যোগত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়৷ প্ৰথম বাৰৰ বাবে ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপিয়ে নিৰ্বাচনত একেলগে অৱতীৰ্ণ হৈছে৷ সকলো জাতি জনগোষ্ঠীৰ লোকক সামৰি ঐক্যবদ্ধ একতাৰে অৱতীৰ্ণ হোৱা বাবে সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ মাজতে নিৰ্বাচনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ আজি অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয়- বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু ৰাভা হাছংৰ চীফ টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছঙত এক চমকপ্ৰদ ফলাফল দেখা যাৱ৷ ইতিমধ্যে তিনিগৰাকী প্ৰাৰ্থী বিজয়ী হৈছে আৰু বাকী ৩৩খন আসনতো মিত্ৰজোটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিৱ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- গোৱালপাৰা জিলাৰ ৰাইজৰ বাবে বহুতো সমস্যা আছে৷ জিলাখনত বিভিন্ন ব্যক্তিয়ে আহি দখল কৰিছে৷ জিলাখনৰ থলুৱা আৰু ভূমিপুত্ৰ সকলৰ অধিকাৰ কাঢ়ি লোৱা হৈছে৷ কংগ্ৰেছে গোৱালপাৰা জিলাখন বিদেশীৰ হাতত গতাই দিৱ বিচাৰে৷ কিন্তু আমি সেয়া কেতিয়াও হ’বলৈ নিদিও৷ মুখ্যমন্ত্ৰীয়ে কয় যে আমি গোৱালপাৰাক বিদেশীমুক্ত কৰিব৷ মুখ্যমন্ত্ৰী হৈ যদি মই মাটি দখল কৰিবলৈ যাওঁ, আৰক্ষীয়ে মোকো এৰেষ্ট কৰিব৷ বিজেপিয়ে গোৱালপাৰা জিলাক সদায় ভাৰতীয় লোকৰ বাবে, অসমীয়াৰ বাবে তথা জনজাতি লোকৰ বাবে সংৰক্ষণ কৰি ৰাখিব বিচাৰে আৰু সেই কাম আমি কৰি আছো৷ লগতে মুখ্যমন্ত্ৰীয়ে কয়- কংগ্ৰেছে ৰাভা হাছঙত ভোট বিচৰাতকৈ বাংলাদেশত গৈ ভোট বিচাৰক৷ তেওঁ গাঁৱে গাঁৱে গাহৰি পালন কৰাৰ পৰামৰ্শ দিয়ে যাতে কিছুমান মানুহে মাটি দখল কৰিব নোৱাৰে৷ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভাষণ প্ৰসঙ্গত কয়-ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ এলেকাক ষষ্ঠ অনুসূচী অঞ্চল হিচাপে ঘোষণা কৰিব লাগে৷ বিশাল নিৰ্বাচনী সভাত গোৱালপাৰা জিলাৰ ২০টা সাধাৰণ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সকলৰ লগতে সমষ্টি সমূহৰ পৰা ৰাইজ উপস্থিত থাকে৷ উল্লেখযোগ্য যে ইতিমধ্যে জয়ৰামকুচি সাধাৰণ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে৷ নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাভা হাচং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচক, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি দীপাংক কুমাৰ নাথ, গোৱালপাৰা জিলা অগপৰ সভাপতি জিতেন দাস, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডঃ সুভাষ ৰাভা উপস্থিত থাকে৷

অসমৰ প্ৰতি গাঁৱে গাঁৱে গাহৰি পালনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদকঃ  ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি বকোত আয়োজিত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসমৰ প্ৰতি গাঁৱতে গাহৰি পালনৰ আহ৩ান জনায়৷ বিশাল নিৰ্বাচনী সভাখনত নিজৰ ¦£ভাৱ সূলভ ভংগীমাত কোনো জাতিৰ প্ৰসংগ উল্লেখ নকৰি কয় - গাহৰি অধিক বেচিকৈ পালন কৰিব লাগে৷ যাতে ইয়াকে দেখি আমাৰ মাটি ভেটি দখল কৰিবলৈ কোনো আগবাঢ়ি নাহে৷  অসমৰ গাঁৱে- ভূৱে গাহৰি পালন কৰিলে মাটিও কোনেও দখল কৰিব নাহে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোৱে গাহৰি পালন কৰিলে অন্তত কিচুমান মানুহৰ পৰা আমাৰ মাটি ৰক্ষা পৰিব লগতে বিদেশী আহিবলৈ ভয় খাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে৷


ৰাভা হাছঙৰ উন্নয়নৰ বাবে এনডিএ চৰকাৰ দায়বদ্ধঃ  দিলীপ শইকীয়া 

ৰাভা হাছং স্বায়ত্ত্বশাসিত অঞ্চলৰ উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন.ডি.এ চৰকাৰ সদায় দায়বদ্ধ৷ ৰাভা হাছঙত বাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ বিকাশৰ হকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এনডিএ চৰকাৰখনে নিৰবচ্ছিন্নভাৱে কাম কৰি আহিছে৷ এই মন্তব্য অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ৷ অহা ২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে দুধনৈত আয়োজন কৰা এখন বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অংশগ্ৰহণ কৰি সভাপতি দিলীপ শইকীয়াই কয় যে, অসমৰ উন্নয়ন হব লাগিলে জাতি-জনগোষ্ঠী সমূহৰ বিকাশ ত্বৰান্বিত কৰাটোৱেই প্ৰাথমিক আৰু মূল কথা৷ পূৰ্বৰ কংগ্ৰেছ আমোলৰ নিষ্পেষিত জনগোষ্ঠীসমূহৰ উন্নয়ন সম্ভৱ হৈছে একমাত্ৰ বিজেপি নেতৃত্বাধীন এনডিএৰ শাসনত৷ ভাৰতীয় জনতা পাৰ্টিয়ে একমাত্ৰ দল যিয়েই জনজাতি সমূহৰ সমস্যাবোৰ উপলব্ধি কৰিব পাৰে৷ আজি ৰাভা হাছং অঞ্চলৰ উন্নয়ন আৰু বিকাশেই ইয়াৰ স্পষ্ট প্ৰমাণ৷ আজি ভাৰতীয় জনতা পাৰ্টি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ এনডিএ প্ৰাৰ্থীসকলৰ সমৰ্থনত দুধনৈ আৰু বকোত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সভাপতি দিলীপ শইকীয়াইও অংশগ্ৰহণ কৰে৷ ভাষণত শইকীয়াই অহা ২ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সকলক পদুম ফুলৰ চিহ্নত আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলক টিভিৰ চিহ্নত ভোট দি বিশাল ভোটৰ ব্যৱধানত নিৰ্বাচিত কৰিবলৈ ৰাইজক আবেদন জনায়৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থকা সভাত অংশগ্ৰহণ কৰি ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৰাভা হাছং নিৰ্বাচনত কংগ্ৰেছ শূন্য কৰিবলৈও উপস্থিত জনতাক আহ৩ান জনায়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰাজয়ৰে গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি কৰিবলৈ যোৱা বুলিও ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নেতা টংকেশ্বৰ ৰাভাই কংগ্ৰেছ নেতাজনক কটাক্ষ কৰে৷ 

প্ৰাক্তন মন্ত্ৰী কমলা কলিতা ভুৱা অগপঃ  মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদকঃ  আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বকোৰ ড॰  ভূপেন হাজৰিকা সূৱৰি মঞ্চ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ উদ্যোগত আয়োজিত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় — কামৰূপ জিলাৰ ৰাণীৰ পৰা গোৱালপাৰা জিলাৰ জয়ৰামকুচিলৈ বিস্তৃত হৈ থকা ৰাভা হাছং এলেকাত ৰাভা, বড়ো, গাৰো, কোচ, গোৰ্খা, হাজং, অসমীয়া আৰু বঙালী ভাষী লোকে বসবাস কৰে৷ ১৯৯৫ চনত ৰাভা চুক্তি হ’ল৷ ২০১৪ চনলৈকে নিৰ্বাচন কংগ্ৰেছে ৰাভা হাছঙত নিৰ্বাচন নাপাতিলে৷ নিৰ্বাচনৰ দাৰীত হাছঙত সৃষ্টি হোৱা আন্দোলনত জড়িত ২৪ গৰাকী লোকক কংগ্ৰেছ দলে হত্যা কৰিলে৷ কংগ্ৰেছৰ গাত লাগি থকা তেজৰ চেকুৰা এতিলৈ শুকোৱা নাই৷ এই নিৰ্বাচনত কংগ্ৰেছৰ মনুহে ভোট খুজি গলে তেওঁলোকক সেই ২৪ গৰাকী লোকৰ পৰিয়ালৰ ওপৰত ক্ষমা খুজিবলৈ ক’ব৷ মুখ্যমন্ত্ৰী গৰাকীয়ে শীঘ্ৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক লৈ ত্ৰিপাক্ষিক বৈঠক কৰি ৰাভা হাছঙক সাংবাধানিক অধিকাৰ ও মৰ্যাদা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে৷ অৰুণোদয় ৰেচন কাৰ্ডকে ধৰি বিজেপি চৰকাৰে জনগণৰ বাবে গ্ৰহণ অভিলাষী আঁচনিসমূহৰ ওপৰত বিস্তৃত আলোকপাত কৰি বিজেপি আৰু যৌথ সংগ্ৰাম সমিতিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলক মঞ্চত ৰাইজৰ মাজত পৰিচয় কৰাই দি সকলোকে পদুমফুল আৰু টেলিভিছনৰ ছবিত ভোট দি বিজয়ী কৰিবলৈ আহ্বান জনায়৷ প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী কমলা কলিতাক ভুৱা অগপ বুলি কটাক্ষ কৰে৷ সভাত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো ভাষণ দিয়ে৷