জোন ওলাল, আজি ঈদ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মাৰ্চঃ ছৌদি আৰৱৰ আকাশত শনিবাৰে কাঁচি জোন প্ৰত্যক্ষ হোৱাৰ লগে লগে কেন্দ্ৰীয় হিলাল কমিটী, অসমে সোমবাৰে [৩১ মাৰ্চ] অসমত ঈদ-উল-ফিৎৰ পালন কৰা হ’ব বুলি আজি ঘোষণা কৰিছে৷ ধৰ্মীয় পৰম্পৰা অনুসৰি দেওবাৰে ছৌদি আৰৱত এদিন আগতে পবিত্ৰ ঈদৰ নামাজ সম্পন্ন হয়৷ কেন্দ্ৰীয় হিলাল কমিটী অসমৰ সভাপতি মৌলানা শ্বেইখ ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদকপ্ৰধান আলহাজ ইনদাদ হুছেইনে আজি এক বিজ্ঞপ্তিযোগে জনাইছে যে অসম তথা ভাৰতবৰ্ষত জোন ওলাল, আজি ঈদ জোন দেখাৰ খবৰ পোৱা হেতু কাইলৈ ভাৰতবৰ্ষৰ লগতে অসমতো ঈদ পালন কৰা হ’ব৷ প্ৰতিখন ঈদগাহ সমিতিয়ে নিজাববীয়াকৈ ঈদৰ সমূহীয়া নামাজৰ সময় নিৰ্ধাৰণ কৰিব পাৰিব৷
ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে৷ দেওবাৰে নিশা পৰ্যন্ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বজাৰ-সমাৰ কৰাত ব্যস্ত হৈ পৰা দৃষ্টিগোচৰ হৈছে৷ ইতিমধ্যে ঈদগাহ ময়দানসমূহ সজাই-পৰাই তোলা হৈছে৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুছলমান লোকসকলে কাইলৈ ঈদৰ নামাজ আদায় কৰিবলৈ সাজু হৈছে৷ পৱিত্ৰ ঈদ-উল-ফিৎৰ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জনাইছে এআইইউডিএফৰ সভাপতি তথা প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷ এক বিবৃতিত আজমলে কয়– এই পৱিত্ৰ ঈদ-উল-ফিৎৰৰ আনন্দ উৎসৱে সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি-সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধ৷ উল্লেখ্য মাহজোৰা উপবাসে থাকি মুছলমান লোকসকলে কাইলৈৰ আনন্দময় দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে৷






