
দিলোৱাৰ-মহবুবুল আগত থাকে, আমাৰবিলাক পিছত থাকেঃ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মাৰ্চঃ ‘আজি কালি সমস্যাটো হৈছে দিলোৱাৰ-মহবুবুল আগত থাকে, আমাৰ বিলাক পিছত থাকে৷ আমাৰ জাতিটো এনেকৈয়ে যাবগৈ আৰু৷’ এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সাংসদ গৌৰব গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়–‘সাংসদ বিলাক আগত থাকিব লাগে৷ দিলোৱাৰাতকৈ পিছত থাকিব নালাগে৷’ উল্লেখ্য যে সাংসদ গৌৰৱ গগৈয়ে সাংবাদিক দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ গৰিহণা জনাই প্ৰশ্ন কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য কৰিছিল৷ এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত সাংসদ গগৈয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও সদৰি কৰিছিল৷ এই সন্দৰ্ভত আজি সাংবাদিকৰ আগত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনেদৰে মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৫ এপ্ৰিলৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ ঘোষণা হ’ব৷
পুৰণিগুদামত মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ পুৰণিগুদামৰ প্ৰতিবেদকঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভড়ালৰ নৱনিৰ্মিত ভৱনৰ আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ পুৰণিগুদামৰ সকলো অনুষ্ঠানৰ বটবৃক্ষস্বৰূপ বাপুজী ভৱন আৰু পুথিভড়ালটো ১৯৪৮ চনৰ ৩০ জানুৱাৰীত প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই চনতেই প্ৰতিষ্ঠা কৰি সেই সময়ৰ পুৰণিগুদামৰ সচেতন ৰাইজে পুৰণিগুদামলৈ এক আশাৰ বাতাবৰণ কঢ়িয়াই আনিছিল৷ তেতিয়াৰে পৰা পুৰণিগুদামৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, শৈক্ষিক, ক্ৰীড়া, অৰ্থনৈতিক আদি দিশৰ উত্তৰণৰ বাবে কাম কৰি অহা বাপুজী ভৱনটো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰলেনলৈ উন্নীত কৰিবৰ বাবে এটা অংশ ভাঙি দিয়াৰ লগতে বাপুজী ভৱন খেলপথাৰত থকা গেলেৰী আৰু দোকানসমূহ ভাঙি দিয়ে৷ এই সমূহ ভঙাৰ বিনিময়ত বাপুজী ভৱন পুথিভড়াল পৰিচালনা সমিতিয়ে প্ৰায় দুই কোটি পঞ্চাশ লাখ টকা লাভ কৰে আৰু এই টকা বেংকত জমা ৰখাৰ বাবে টকাৰ পৰিমাণ তিনি কোটি হয়গৈ৷ এই টকাৰ সৎ ব্যৱহাৰ কৰি পৰিচালনা সমিতিয়ে পুথিভড়ালটো আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ লগতে প্ৰেক্ষাগৃহ, অধ্যয়ন কক্ষ, আলহী গৃহ, অফিচ ৰূম আদি নিৰ্মাণ কৰি সেই সমূহৰ কাম সম্পূৰ্ণ কৰিছে যদিও বৃহৎ ভৱনটো টাইলচ, ছাউণ্ডকে ধৰি আন বহুকেইটা কাম কৰিবৰ বাবে আৰু তিনি কোটি টকাৰ প্ৰয়োজন আছে৷ বৰ্তমান পুথিভড়াল নিৰ্মাণ অংশ ব্যৱহাৰ কৰিব পৰা হৈ আছে আৰু পুৰিণগুদামৰ অনুষ্ঠানটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা অংশটো আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে ভৱনটো শুভ উদ্বোধন কৰি ভৱনটোৰ ভিতৰৰ অত্যাধুনিক ছাউণ্ড ব্যৱস্থাৰ বাবে এক কোটি টকা দিয়াৰ কথা ঘোষণা কৰে৷ বাপুজী ভৱন আৰু পুথিভড়াল পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক দ্বিপেন বৈৰাগীয়ে আঁত ধৰা শুভ উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভৱন পৰিচালনা সমিতিৰ সভাপতি পুলিন হাজৰিকাই৷ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে আদৰণী ভাষণ দিয়াৰ পিছতেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়– ১৯৪৮ চনতে প্ৰতিষ্ঠা হোৱা এই ভৱনটো ১৯৫৪ চনতে চৰকাৰীভাৱে পঞ্জীয়ন হৈছিল আৰু তেতিয়াৰ পৰা এই ভৱনটোৱে সফলতাৰে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ তাৰিখত উপনীত হৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ সময়ত পোৱা ধন আৰু পুৰণিগুদামবাসীৰ নিজা প্ৰচেষ্টা আৰু বিভিন্ন প্ৰকাৰে লাভ কৰা ধনৰে পুথিভড়ালটো আজিৰ পৰ্যায়লৈ লৈ অহাটো গৌৰৱৰ কথা৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰু কয়– আমাৰ ৰাজ্যখনত যোৱা চাৰিটা বছৰে বিভিন্ন ধৰণৰ সামাজিক সংগঠন, নামঘৰ, মন্দিৰ, ঐতিহাসিক স্থানসমূহ সংৰক্ষণৰ বাবে আমাৰ চৰকাৰখনে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে৷ এই প্ৰচেষ্টাৰ ফলতেই আমি নতুন প্ৰজন্মৰ মাজত সেইসমূহ চিনাকি কৰি দিবলৈ সক্ষম হৈছো৷ আমাৰ চৰকাৰখনে ৰাজ্যখনৰ চল্লিশ হাজাৰৰো অধিক নামঘৰক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি প্ৰদান কৰাৰ কথা ভাষণত উল্লেখ কৰে৷ অসমীয়া ভাষাই আমাৰ চৰকাৰৰ দিনত ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লাচিত বৰফুকনৰ জীৱন গাঁথা ভাৰতৰ বিভিন্ন ভাষালৈ ৰূপান্তৰ কৰি প্ৰতিখন ৰাজ্যৰ পাঠ্যপুথিত আমি যাতে লাচিত বৰফুকনৰ বিষয়ে জানিব পাৰো তেনেধৰণৰ ব্যৱস্থা কৰা হৈছে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰু কয়– সামাজিক অনুষ্ঠানসমূহৰ সন্মুখত ৰাষ্ট্ৰ নিৰ্মাণৰ এক বিশেষ ভূমিকা থাকে৷ এনেক্ষেত্ৰত আমাৰ চৰকাৰখনে দুৰ্গাপূজা, ভাওনা, বিহু আদি সামাজিক অনুষ্ঠানসমূহক আৰ্থিক সাহায্য প্ৰদান কৰি আহাৰ লগতে জিলা পথিভড়ালসমূহক নতুন ৰূপত সজাই তোলা হৈছে বুলি উল্লেখ কৰে৷ দুপৰীয়া আহি বাপুজী ভৱন পুথিভড়ালৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধ কৰি বাপুজী ভৱন পুথিভড়ালৰ নৱ নৰ্মিত প্ৰেক্ষাগৃহত ৰাজহুৱা সভাৰ সম্বোধন কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড॰ শৰ্মা বঢ়মপুৰ সমষ্টিৰ অধীনৰ ননৈ বৰগঞা মন্দিৰলৈ ৰাওনা হয়৷ দিনযোৰা কাৰ্যসূচীৰে আজি বঢ়মপুৰ সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিবলৈ অহা মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী পীয়ূষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক ৰূপক শৰ্মা, শশীকান্ত দাস, দিপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পুৰণিগুদামৰ বৰ্ষীয়ান সমাজকৰ্মী দুলেন গায়নে৷ সভাত মুখ্যমন্ত্ৰীক পুৰণিগুদাম ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়, পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত পৰিচালনা সমিতি দুখনে মুখ্যমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে পুৰণিগুদামৰ এটা বন্ধ হৈ থকা ৰে’লগেট পথাচাৰীৰ বাবে মুকলি কৰি দিবলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে৷