Logo
image

এক দুই তিনি চাৰি...কপিলী দলঙত উঠি স্মৃতিমেদুৰ হিমন্তবিশ্ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কামপুৰৰ প্ৰতিবেদক, ৩০ মাৰ্চঃ  ‘এক দুই তিনি চাৰি, যুটি দিলো গৰু গাড়ী’– সুদীৰ্ঘ ৪২ বছৰৰ পাছত কপিলীৰ দলঙেৰে পুনৰ এবাৰ হাতীৰ পিঠিত উঠি ৰোমাঞ্চকৰ যাত্ৰা কৰিলে তাহানিৰ বোলছবিৰ সৰুমইনা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য, সেয়া আছিল ১৯৮৩ চনৰ কথা৷ নগাঁৱৰ কামপুৰৰ ভলভলীয়া গাঁৱত কপিলী দলঙত শ্বুটিং চলিছিল নিপ বৰুৱাৰ চিৰসেউজ ছবি ‘ককাদেউতা নাতি আৰু হাতী’ৰ৷  ১৯৮৪ চনৰ ১৮ ডিচেম্বৰত ছবিখনে মুক্তি লাভ কৰিছিল৷ সেই ছবিখনৰ এটা মনপৰশা গীত ‘এক দুই তিনি চাৰি’ত তেতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা হাতীৰ ওপৰত উঠি শ্বুটিং কৰিছিল৷ দেওবাৰেও মুখ্যমন্ত্ৰীয়ে একেস্থানতে হাতীৰ ওপৰত উঠিল৷ অৱশ্যে এইবাৰ শ্বুটিঙৰ বাবে নহয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পূৰ্বৰ সেই কপিলীৰ দলংখনৰ কাষতে নিৰ্মাণ হোৱা নৱনিৰ্মিত পকী দলংখনৰ উদ্বোধনীৰ বাবে গৈহে স্মৃতিমেদুৰ হৈ হাতীৰ পিঠিত উঠিল৷ মুখ্যমন্ত্ৰীয়ে আজি এদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলা ভ্ৰমণ কৰি কামপুৰৰ কপিলী নৈৰ ওপৰত থকা তেওঁৰ শৈশৱৰ স্মৃতি বিজড়িত দলংখন নৱৰূপ প্ৰদানেৰে পদপথ দলং ৰূপে আজি জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰে৷ তদুপৰি তেওঁ কপিলী নৈত নৱনিৰ্মিত দলংখনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ উল্লেখ্য যে, মহাবাহু ব্ৰহ্মপুত্ৰৰ দীৰ্ঘতম দক্ষিণ বাহিনী উপনৈ কপিলীৰ দুয়োপাৰ সংযোগ কৰি  ১৯৫৮-৫৯ চনত গেমন ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৱে নগাঁও-দক্ষিণপাট-কামপুৰ-বৈঠালাংছু, খাণ্ডুলি পথত এখন  ১৬০ মিটাৰ দীঘল আৰু প্ৰায় ৪ মিটাৰ বহল পকী দলং নিৰ্মাণ কৰিছিল৷ তদানীন্তন নগৰ উন্নয়ন মন্ত্ৰী মতিৰাম বৰাই ১৯৬২ চনত ৰাইজৰ বাবে মুকলি কৰা এই দলংখনেই আছিল বৃহত্তৰ কামপুৰ অঞ্চলত কপিলী নৈৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়াতৰ একক মাধ্যম৷ এই দলংখনতে  ১৯৮৩ চনত মুক্তিলাভ কৰা জনপ্ৰিয় অসমীয়া চলচ্ছিত্ৰ ‘ককাদেউতা নাতি আৰু হাতী’ৰ এটা বিশেষ দৃশ্য চিত্ৰায়িত হৈছিল৷ সেই সময়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃকোদৰ নামৰ হাতীটোৰ পিঠিত উঠি চলচ্ছিত্ৰখনৰ দলংখনত চিত্ৰায়িত সেই বিশেষ দৃশ্যটোত অভিনয় কৰিছিল৷ সময়ৰ গতিত লাহে লাহে বাঢ়ি আহিব ধৰা যান-বাহনৰ সংখ্যাৰ ফলত অঞ্চলটোৰ জনসাধাৰণে ঠেক দলংখনেৰে পাৰাপাৰ হোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিটত ৰাজ্য চৰকাৰে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত এই দলংখনৰ সমীপতে দুইলেনযুক্ত আন এখন আৰচিচি দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ আনহাতে পুৰণি দলংখন মেৰামতি কৰি পদপথ দলং তথা ৱাকিং জ’নৰ নতুন ৰূপ ৰাজ্য চৰকাৰে প্ৰদানৰ এটা প্ৰকল্প ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি এই নতুন দলংখন উদ্বোধন কৰাৰ লগতে প্ৰায় ৪ টা দশকৰ পিছত পুনৰ এবাৰ হাতীৰ পিঠিত উঠি কপিলী নৈৰ ওপৰৰ সেই পুৰণি দলংখন অতিক্ৰম কৰি আনুষ্ঠানিকভাৱে জনসাধাৰণৰ সেৱাত ৱাকিং জ’ন হিচাপে উৎসৰ্গা কৰে৷ স্মৰ্তব্য যে, ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে ‘ককাদেউতা নাতি আৰু হাতী’ চলচ্ছিত্ৰখনত বৃকোদৰ নামৰ হাতীটোৰ পিঠিত উঠি অভিনয় কৰিছিল৷ ইয়াৰ বিপৰীতে আজি তেওঁ ‘শংকৰ’ নামৰ হাতী এটাৰ পিঠিত উঠি নৱৰূপ প্ৰদান কৰা কপিলীৰ পুৰণি দলংখন আনুষ্ঠানিকভাৱে জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে ৬৩ কোটি টকা ব্যয় সাপেক্ষ কামপুৰ ৰে’লৱে উৰণ সেতুৰো লোকাৰ্পণ কৰে৷ তদুপৰি ৩.৪৯ কোটি টকা ব্যয় সাপেক্ষে কামপুৰ আৰক্ষী চকী, ৩.৯৭ কোটি টকা ব্যয় সাপেক্ষে কচুৱা আৰক্ষী চকী, ৩.২৩ কোটি টকা ব্যয় সাপেক্ষ যমুনামুখ আৰক্ষী চকী, ৩.৭৫ কোটি টকা ব্যয় সাপেক্ষে চামগুৰি আৰক্ষী চকী আৰু ৩.৮৭ কোটি টকা ব্যয় সাপেক্ষে খাটোৱাল আৰক্ষী চকী নিৰ্মাণৰ শিলান্যাস কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি বঢ়মপুৰ বিধানসভা সমষ্টিত সৰ্বমুঠ ১০১.৩১ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ লোকাৰ্পণ তথা শিলান্যাস কৰে৷ এই উপলক্ষে বঢ়মপুৰৰ কামপুৰত আয়োজিত ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাসে বঢ়মপুৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত নতুন মাত্ৰা সংযোজন কৰিলে বুলি উল্লেখ কৰি কয় যে ৰাজ্যখনৰ সম-উন্নয়নৰ দিশত ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে৷ অসমে আজি ভাৰতবৰ্ষৰ ভিতৰতে এখন অন্যতম প্ৰগতিশীল, বিকাশশীল ৰাজ্য হিচাপে চিনাকী দিব পাৰিছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে দুমাহ পূৰ্বে ৰাজ্যখনত এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ জৰিয়তে প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগৰে নতুন প্ৰকল্প ৰাজ্যখনলৈ অনাৰ পথ মুকলি কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ওপৰত দলং নিৰ্মাণ আদিৰে অসমে আজি উন্নয়নৰ নতুন যাত্ৰাপথেৰে আগুৱাইছে৷ তদুপৰিগহপুৰ আৰু নুমলীগড়ৰ মাজত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সুংৰগ পথ নিৰ্মাণৰ দৰে পদক্ষেপো গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি  তেওঁ লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ যোৱা চাৰিবছৰীয়া কাৰ্যকালত ৰাজ্যখনলৈ শান্তি আৰু বিকাশৰ এটা অভাৱনীয় পৰ্যায় আহি পৰিছে৷


তেনেদৰে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এক সুদৃঢ় বান্ধোন গঢ়ি উঠিছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অসমলৈ এক সীমাহীন তথা অভাৱনীয় পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে কোকৰাঝাৰৰ দৰে জিলাত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰি ৰাজ্যখনৰ ভৌগোলিক অখণ্ডতা কেতিয়াও যাতে বিঘ্নিত হ’ব নোৱাৰে সেই ধৰণৰ দুৰগামী পদক্ষেপো যোৱা চাৰি বছৰত গ্ৰহণ কৰা হৈছে৷ অসমে আজি প্ৰতিটো দিশৰ পৰা উন্নয়নৰ পথত আগুৱাইছে৷ দৰিদ্ৰজনে আশাৰ কিৰণ দেখিছে আৰু নিবনুৱা যুৱক-যুৱতীয়ে আজি তেওঁলোকৰ বাবে উদ্দেশ্য বিচাৰি পাইছে বুলিও  মুখ্যমন্ত্ৰীয়ে কয়৷ প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন প্ৰয়াস আৰু প্ৰচেষ্টাৰ ফলস্বৰূপে  অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্য সমগ্ৰ দেশতে প্ৰচাৰ, মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ বিকাশ আৰু বিহু, ঝুমইৰকে ধৰি কলা-সংস্কৃতিয়ে বিশ্বৰ মানসপটত প্ৰতিষ্ঠা লাভ কৰাৰ কথা উল্লেখ কৰে৷ ভাষণত বঢ়মপুৰ সমষ্টিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি সমষ্টিটোৰ চাৰিওফালে উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসম মালাৰ অধীনত নতুন পথকে ধৰি এই বিভিন্ন প্ৰকল্পই কামপুৰৰ জীৱনলৈ এক পৰিৱৰ্তন নমাই আনিছে৷ তেওঁ কয় যে কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ নিৰ্মাণকাৰ্য চলি আছে আৰু সেই কাম অতি শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব৷ তেওঁ লগতে কয় যে কামপুৰত এখন ষ্টেডিয়াম নিৰ্মাণৰ কামো চলি আছে৷ এই কাম সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ১০ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও আজিৰ সভাত ঘোষণা কৰে৷ কামপুৰৰ চেনিকলৰ ভূমিত নতুন উদ্যোগ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাব বুলিও তেওঁ আজিৰ সভাত মন্তব্য কৰে৷ আজিৰ এই সভাত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক জিতু গোস্বামী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাকে ধৰি কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আজি ননৈ সৰিয়হতলি বাৰেগঞা সমাজৰ নামঘৰ দৰ্শন কৰি ৰাজ্যবাসীৰ কুশল-মংগল কামনাৰে সেৱা আগবঢ়ায়৷ মুখ্যমন্ত্ৰীয়ে এই আধ্যাত্মিক অনুষ্ঠানত উপস্থিত জনসাধাৰণক উদ্দেশ্যি কয় যে ১৯০৪ চনতে স্থাপিত সৰিয়হতলি বাৰেগঞা সমাজৰ নামঘৰৰ চৌহদত ভাওনা অনুষ্ঠিতকৰণকে ধৰি কৃষ্টি-সংস্কৃতিৰ চৰ্চাত সহায়ক হোৱাকৈ প্ৰকল্প নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে দুটা কিস্তিত ৫০ লাখ টকাকৈ মুঠ ৰ কোটি টকা আগবঢ়াব৷ তদুপৰি, মুখ্যমন্ত্ৰীয়ে আজি নগাঁৱৰ পুৰণিগুদাম অঞ্চলৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱন আৰু পুথিভঁৰালৰ নৱনিৰ্মিত ভৱনৰ দ্বাৰো মুকলি কৰে৷ এই উপলক্ষে উপস্থিত জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে বাপুজী ভৱন আৰু পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নয়নৰ অৱশিষ্ট কাম সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে ৰ কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে বেবেজীয়াৰ নিজ ডিমৌ নামঘৰ চৌহদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২০ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷