Logo
image

ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ নামত গছ-গছনি ধ্বংস

'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদক, ৩১  মাৰ্চঃ ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ নামত চলিছে গছ-গছনি ধ্বংস। ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ কৰিবলৈ কাটি দিয়া হৈছে শ শ পুৰণি গছ। গছ-গছনি কাটি উদং কৰিছে বহু অঞ্চল। পুৰণি গছসমূহ কাটি নিয়াত জনতাৰ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে চৰাই-চিৰিকটি থাকিবলৈও নোহোৱা হৈ পৰিছে ঠাই। গোসাঁইগাঁও মহকুমাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰী জিলাৰ ফুলবাৰীলৈ নিৰ্মাণ কৰা হৈছে চাৰিলেনযুক্ত  ৰাষ্ট্ৰীয় ঘাই পথ। উক্ত পথৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আহিছে। উক্ত পথৰ দুয়ো কাষে থকা শত বর্ষ গৰকা গছ-গছনিসমূহ ইতিমধ্যে কাটি নিছে বন বিভাগে। 


শেহতীয়াকৈ তামাৰহাট বজাৰত অতি পুৰণি প্ৰায় দুশ বছৰ পুৰণি চিৰিজ গছ জোপা অৱশেষত কাটি নিলে বন বিভাগে। যি জোপা গছে বজাৰৰ লোকসকলৰ জিৰণি লোৱাৰ স্থান আছিল। অকল সেয়াই নহয় অৱশিষ্ট প্ৰকাণ্ড গছজোপাত আছিল চৰাই চিৰিকতি। শ শ বান্দৰে আশ্ৰয় লৈ থকা গছ জোপা কাটি নিয়াত সম্পূৰ্ণ উদং হৈ পৰিছে তামাৰহাট বজাৰ। ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামত পুৰণি গছ-গছনি কাটি নিয়াত গৰমৰ প্ৰকোপ বেছি হ'ব সেয়া নিশ্চিত। ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰাৰ পূৰ্বে গছ-গছনি ৰোপন নকৰি পুৰণি গছ-গছনি কাটি নিয়াত অক্সিজেনৰ অভাৱ ঘটিব বুলি সচেতন মহলে সন্দেহ কৰিছে। গছ-গছনি নোহোৱাত মানুহৰ লগতে চৰাই-চিৰিকটিৰ ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।