Logo
image

গোৰেশ্বৰৰ চেনিগাঁৱত বালি মহল বন্ধ কৰাৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ

'আমাৰ অসম'ৰ নাওকাটাৰ প্ৰতিবেদক, ৩১ মাৰ্চঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পুঠিমাৰী নদীৰ চেনীগাঁও ঘাটত অবাধ বালি খনন কাৰ্য বন্ধ কৰাৰ দাবীত সোমবাৰে ওলাই আহিল অঞ্চলটোৰ শতাধিক জনসাধাৰণ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত কেইবাদিনো ধৰি একাংশ দুষ্টচক্ৰই নদীখনৰ চেনীগাঁও ঘাটত দিন ৰাতি একাকাৰ কৰি প্ৰতিদিনে ৰাতিপুৱাৰে পৰা সমগ্ৰ নিশাটো বন বিভাগৰ চত্ৰছায়াতে বালিৰ আবাধ খনন কাৰ্য চলাই আহিছে৷ ফলস্বৰূপে প্ৰতি বছৰে নদীখনত সৃষ্টি হোৱা বানপানীৰ কাৰণে অঞ্চলটোৰ চেনিগাঁও, বড়িগাঁও, নিজকুছলা আদি গাঁও সমূহৰ কৃষিজীৱি ৰাইজৰ কৃষি ক্ষেত্ৰৰ লগতে ঘৰ-দুৱাৰ, বাৰী, বস্তিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ উপৰিও বহু পৰিয়ালৰ সপোনৰ ঘৰখন এৰি উচ্ছেদ হ'বলগীয়া হৈছে৷ 


সমগ্ৰ অঞ্চলটোৰ ৰাইজে অসম চৰকাৰ, বিটিআৰ প্ৰশাসন তথা বান নিয়ন্ত্ৰণ বিভাগৰ ওচৰত দাবী জনাই অহাৰ পিচতো কোনো কাণসাৰ নিদিয়াৰো অভিযোগ উঠিছে৷ জানিব পৰা অনুসৰি বিগত ২০১৭ বৰ্ষতো অঞ্চলটোত চলোৱা অবৈধ বালি খনন কাৰ্যৰ বিৰুদ্ধে ওলাই অহা ৰাইজৰ প্ৰতিবাদত বাক্সা জিলা প্ৰশাসনে বালি মহল বন্ধ কৰি দিবলৈ বাধ্য হৈছিল৷ উল্লেখযোগ্য যে প্ৰতিবাদী জনসাধাৰণে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো তথা বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ আশীৰ্বাদত বনজ সম্পদ ধ্বংস কাৰ্যত হাত উজান দিয়া বনবিভাগ আৰু সংশ্লিষ্ট চক্ৰটোৱে যদিহে বালিৰ খনন কাৰ্য বন্ধ নকৰে তেন্তে পৰ্যায় ক্ৰমে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।