
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাতিল হোৱা পৰীক্ষা আৰু নাপাতিবলৈ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মাৰ্চঃ দুই-এজন দুৰ্বৃত্তৰ বাবে ছাত্ৰসকল কিয় টেনচনত থাকিব লাগে৷ মই স্কুলবৰ্ডক কৈছো বাকী ৰৈ যোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা নাপাতিলেও হ’ব৷’ –এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে এক ফেচবুক লাইভ যোগে এনেদৰে মন্তব্য কৰি ড॰ শৰ্মাই কয়– ‘পৰহি, ২৯ মাৰ্চৰ দিনা মই দুধনৈলৈ যাওতে মোৰ এগৰাকী ভাগিন ছাত্ৰীয়ে মোক কৈছিল– মামা হায়াৰ ছেকেণ্ডাৰী দ্বিতীয় বৰ্ষৰ বাবে আমি মাত্ৰ ৮ মাহহে পাম৷ এপ্ৰিলৰ শেষত বা মে’ত পৰীক্ষা পাতিলে আমাৰ ফাইনেল পৰীক্ষাত যথেষ্ট অসুবিধা হ’ব৷ এই পৰীক্ষাটো নপতাকৈ থাকিব নোৱাৰিনে৷ মই মোৰ ভাগিন ছাত্ৰীগৰাকীৰ কথাত যুক্তি বিচাৰি পাইছো৷ সেয়েহে মই স্কুল বৰ্ডকো আহ্বান জনাইছো যিহেতু এই পৰীক্ষাত পাছ-ফেইল নাই, গতিকে বাকী থকা দুই-তিনিখন পৰীক্ষা নাপাতিলেও হ’ব৷
অহাবাৰ আমি কেনেকৈ ভাল ধৰণে পৰীক্ষা পাতিব পাৰো, তাৰ বাবে চেষ্টা কৰিব লাগে৷ দোষীসকলক কঠোৰ শাস্তি বিহা হ’ব৷ মই ভাবো মোৰ ভাগিনসকলৰ স্বাৰ্থ সকলোতকৈ ওপৰত৷ উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে এই ফেচবুক লাইভতে কয় যে অহা কালিৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ দাম এটকাকৈ হ্ৰাস পাব৷ মে’ৰ বিলতহে ৰাইজে ফলাফল পাব৷ উদ্যোগত ২৫ পইছা, সাধাৰণ গ্ৰাহকৰ ক্ষেত্ৰত এটকা হ্ৰাস পাব৷ ৰাজ্যত ৩০লাখ লোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ ফলত ৰাজহ বৃদ্ধি পাইছে৷ এই বছৰৰ শেষৰ ফালে আমি আৰু এটকা বা ৫০ পইচা বিদ্যুৎ মাচুল হ্ৰাস কৰিম৷ মুখ্যমন্ত্ৰীয়ে কয় যে কাইলৈ বিহালীত ২৩ লাখ মহিলাৰ হাতত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ চেক তুলি দিয়া হ’ব৷