Logo
image

আজিৰ পৰা বিদ্যুৎ মাচুল হ্ৰাস, পুনৰ কমিব নৱেম্বৰত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ মাৰ্চঃ পহিলা এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল৷ সাধাৰণ ঘৰুৱা গ্ৰাহকসকলৰ প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৰটকাকৈ মাচুল হ্ৰাস পাব৷ সাধাৰণ ঘৰুৱা গ্ৰাহকৰ উপৰি উদ্যোগ-কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থকা গ্ৰাহকসকলৰ ক্ষেত্ৰতো প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাব৷ অৱশ্যে পহিলা এপ্ৰিলৰ পৰা বিদ্যুৎ মাচুল হ্ৰাস পালেও গ্ৰাহকসকলে মে’ মাহৰ বিলতহে ইয়াৰ প্ৰতিফলন লাভ কৰিব৷ আনহাতে, পহিলা এপ্ৰিলৰ পৰা এপিডিচিএলে তিনি তৰপীয়া নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিব৷ অৰ্থাৎ দিনৰ সময়, সন্ধ্যা সময় আৰু নিশা সময়– এই তিনিটা ভাগত পৃথকে পৃথকে মাচুল সংগ্ৰহ কৰিব শক্তি বিভাগে৷ অৱশ্যে কাইলৈৰ পৰা এপিডিচিএলে তিনি তৰপীয়া মাচুল সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ কৰিলেও গ্ৰাহকৰ বাবে সেয়া বাধ্যতামূলক নহ’ব৷ অৰ্থাৎ গ্ৰাহকে ইচ্ছা কৰিলেহে এই তিনিতৰপীয়া বিদ্যুৎ মাচুল আদায় দিব পাৰিব৷ অন্যথা পূৰ্বৰ দৰে দিনটোৰ বাবে এটা নিৰিখতে মাচুল আদায় ল’ব এপিডিচিএলে৷ তিনি তৰপীয়া মাচুলৰ সেৱাৰ সংযোগ ল’ব বিচাৰিলে গ্ৰাহকে এপিডিচিএলক নিজৰ ইচ্ছাৰ বিষয়ে জনাব লাগিব৷ তেতিয়াহে শক্তি বিভাগে গ্ৰাহকৰ মিটাৰত তিনিতৰপীয়া মাচুলৰ সেৱাৰ সংযোগ কৰিব দিব৷ তিনিতৰপীয়া মাচুল আদায় ব্যৱস্থাত ৰাতি ১০ বজাৰ পৰা পুৱা ৯ বজালৈ ‘নৰ্মেল আৱাৰ’ হিচাপে ধৰা হৈছে৷


‘নৰ্মেল আৱাৰ’ত সাধাৰণ নিৰিখত মাচুল সংগ্ৰহ কৰা হ’ব৷ ইয়াৰ বিপৰীতে পুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ ‘ছ’লাৰ আৱাৰ’ হিচাপে ধৰা হৈছে৷ এই সময়ছোৱাত বিদ্যুৎ গ্ৰাহকে সাধাৰণ নিৰিখতকৈ ২০ শতাংশ মাচুল কমকৈ দিব লাগিব৷ অৰ্থাৎ ছ’লাৰ আৱাৰত সাধাৰণ নিৰিখৰ ৮০ শতাংশহে বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব৷ আনহাতে আবেলি ৫ বজাৰ পৰা নিশা ১০ বজালৈ ‘পিক আৱাৰ’ হিচাপে ধৰা হ’ব৷ এই ‘পিক আৱাৰ’ত বিদ্যুৎ মাচুল সাধাৰণ নিৰিখৰ ১২০ শতাংশ হ’ব৷ অৰ্থাৎ পিক-আৱাৰত সাধাৰণ নিৰিখতকৈ ২০ শতাংশ অধিক মাচুল আদায় দিব লাগিব৷ লক্ষণীয়ভাৱে, এপ্ৰিল মাহত বিদ্যুৎ মাচুল এটকা হ্ৰাস পোৱাৰ পাছত নৱেম্বৰ-ডিচেম্বৰত পুনৰ এটকা মাচুল হ্ৰাস পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত সোমবাৰে বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে কয়– এক এপ্ৰিলৰ পৰা বিদ্যুৎ বিল প্ৰতি ইউনিটত ১ টকাকৈ কমাই দিম৷ মে’ মাহত আপোনালোকৰ যি বিল আহিব তাত প্ৰতি ইউনিটৰ বিপৰীতে ১ টকা কমকৈ বিল আহিব৷ ভগৱানে যদি আমাক ভালে-কুশলে ৰাখে, তেনেহ’লে নৱেম্বৰ-ডিচেম্বৰ মাহত বিদ্যুতৰ প্ৰতি ইউনিটত আৰু ১ টকাকৈ কমাই দিম৷ এই বছৰতে প্ৰতি ইউনিটত ২ টকাকৈ মাচুল কমি যাব৷ যিসকলে প্ৰতিমাহে ১০০ ইউনিট বিদ্যুৎ খৰচ কৰে, তেওঁলোকৰ মাহে ২০০ টকাকৈ ৰাহি হ’ব৷ এতিয়া ১০০ টকা আৰু ডিচেম্বৰত আৰু ১০০ টকা ৰাহি হ’ব৷