Logo
image

নদীৰ পাৰত এপেক্স বেংকৰ ফাইল, কতৃৰ্পক্ষৰ মতে পৰিত্যক্ত

‘আমাৰ অসম’ৰ গুৱাহাটী আৰু তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মাৰ্চঃ এপেক্স বেংক কেলেংকাৰীক লৈ সমগ্ৰ দেশত ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়ত শতাব্দী প্ৰাচীন মহাফেজখানাত নিশা বুলড’জাৰ চলোৱাৰ পাছতে সন্দেহৰ সৃষ্টি হৈছে৷ তেজপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত এপেক্স বেংকৰ কেতবোৰ নথি উদ্ধাৰ হোৱাৰ পাছতে বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে বাৰম্বাৰ এপেক্স বেংক কেলেংকাৰীৰ অভিযোগ অস্বীকাৰ কৰিছে৷ উল্লেখ্য, এপেক্স বেংক কেলেংকাৰী সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে আৰু সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ পাই থকাৰ মাজতে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে ছ’চিয়েল মিডিয়াযোগে এপেক্স বেংকৰ কাম-কাজৰ বিষয়ে পৰীক্ষা কৰিবলৈ ৪ জন সাংবাদিকক নিৰ্বাচন কৰিম বুলি পোষ্ট দিছিল৷ ফুকনে এনে পোষ্ট দিয়াৰ লগে লগে বিভিন্ন জনে প্ৰশ্ন কৰিছে এপেক্স বেংক কেলেংকাৰীৰ ক্ষেত্ৰত অধ্যক্ষ বিশ্বজিৎ ফুকনো অভিযুক্ত৷ গতিকে তেওঁ কেনেকৈ তদন্তকাৰী বাচনি কৰিব পাৰে? যদি চৰকাৰে এই কেলেংকাৰীৰ পৰা বাচিব খোজে তেনেহ’লে উক্ত কেলেংকাৰী সন্দৰ্ভত চি বি আই বা ই ডি তদন্ত ঘোষণা কৰক৷ অন্যথা ঊটপক্ষীয়ে বালিত মূৰগুজি দিয়াৰ দৰেহে হ’ব৷


তাৰ মাজতে বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁইয়ে কয়–প্ৰায় অভিযুক্তৰ দৰে ব্যক্তিয়ে কেনেকৈ তদন্ত কৰিব? যাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ আছে তেওঁ কেনেকৈ তদন্তকাৰীৰ নাম বাচনি কৰিব? যদি সাংবাদিকৰ তৰফৰ পৰা, উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত এখন ৰাজহুৱা তদন্ত কমিটী গঠন কৰি দিয়ে তেতিয়া হয়তো কথাটো বেলেগ হ’ব৷ ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এপেক্স বেংক কেলেংকাৰী সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে৷ উল্লেখ্য, তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ফৰেষ্ট গেটত কিছুদিন পূৰ্বে বিভিন্ন ফাইল আৰু নথি-পত্ৰ উদ্ধাৰ হোৱাৰ পিছতে চহৰখনত ইয়াকে লৈ ব্যাপক চৰ্চা আৰম্ভ হয়৷ মাছ মাৰিবলৈ যোৱা এজন ব্যক্তিৰ প্ৰথমে এই পৰিত্যক্ত ফাইল তথা নথিসমূহ দৃষ্টিগোচৰ হয় আৰু ইয়াৰ পিচতে বিষয়টো ৰাজহুৱা হৈ পৰে৷ অৱশ্যে পৰৱৰ্তী সময়ত এই সকলো নথি-পত্ৰ এপেক্স বেংকৰ আৰু এই সকলোবোৰেই পৰিত্যক্ত নথি-পত্ৰ বুলি নিশ্চিত কৰে বেংক কতৃৰ্পক্ষই৷ উল্লেখ্য, বহু পুৰণা আৰু উৱলি যোৱা এই নথিসমূহ পেলাই থোৱা হৈছিল বেংকটোৰ চৌহদতে৷ পাছত পুৰণা বহি কাগজ আদি বিক্ৰী কৰি ফুৰা কোনো লোকে সেয়া বুটলি ব্ৰহ্মপুত্ৰৰ পাৰলৈ নিয়া বুলি আশংকা প্ৰকাশ কৰিছে এপেক্স বেংকৰ তেজপুৰ শাখাৰ শাখা প্ৰবন্ধকে৷ পাছত বেংক কতৃৰ্পক্ষৰ নিৰ্দেশত এই অপ্ৰয়োজনীয় নথিসমূহ সেই স্থানতে জ্বলাই পেলোৱা হয়৷