
মুখ্যমন্ত্ৰীৰ ‘খতম তালিকা’ত দিলোৱাৰ-মহবুবুলৰ নাম
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মাৰ্চঃ ‘দিলোৱাৰৰ দৰে মানুহক খতম কৰাৰ বাবে বিজেপিৰ জন্ম হৈছে৷ এই যুদ্ধ চলিবই৷’– এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে এপেক্স বেংক কেলেংকাৰি সন্দৰ্ভত বক্তব্য আগবঢ়াবলৈ গৈ কাৰ্যতঃ খতম তালিকা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত আৰু কয়– অসমৰ বাবে দুৰ্ভাগ্য যে এচাম মানুহে দিলোৱাৰ, মহবুবুলৰ কথাহে বিশ্বাস কৰে৷ দিলোৱাৰ-মহবুবুলৰ দৰে মানুহক আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ লক্ষ্য৷ এপেক্স বেংক অসমৰ এটা জাতীয় অনুষ্ঠান৷ এই জাতীয় অনুষ্ঠানটো দিলোৱাৰৰ ‘ইছাৰা’ত চলিব নেকি? দিলোৱাৰে কৈ দিছে এপেক্স বেংকত দুৰ্নীতি হৈছে তাৰ মানে এপেক্স বেংকত দুৰ্নীতি হৈ গ’ল নেকি? মৰি যোৱা বেংক এটা যে উন্নত হ’ল, এই বেংকটোত যে এটিএম আহিল, এই বেংকটোত যে নতুন নতুন প্ৰযুক্তি আহিল ষ্টেট বেংকৰ দৰে সেই কথাবিলাক দিলোৱাৰেটো নাজানে৷ অসমৰ দুৰ্ভাগ্য যে দিলোৱাৰে যি কয় তাকে এচাম মানুহে বিশ্বাস কৰে৷ তেওঁ আৰু কয়– দিলোৱাৰ দৰে মানুহৰ আমি বিৰোধী৷ মোক বেয়া পাই লাভ নাই৷ দিলোৱাৰ-মহবুবুলৰ দৰে মানুহক আইনৰ ভিতৰত থাকি থতম কৰাই মোৰ কাম৷ এই যুঁজ চলিবই৷ আনহাতে এপেক্স বেংক কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়– এপেক্স বেংকটো ৰাইজৰ অনুদান৷ কংগ্ৰেছে এইকেইদিন এপেক্স বেংকটো ধবংস কৰিবলৈ লাগি গৈছে৷ এপেক্স বেংকটো অসমৰ জাতীয় অনুষ্ঠান৷ কিন্তু এই বেংকটো এতিয়া দিলোৱাৰৰ ইছাৰত৷ এয়া হ’ব নোৱাৰে৷
‘হিমন্ত বিশ্ব শৰ্মা হৃদয়হীন মুখ্যমন্ত্ৰী’
কংগ্ৰেছ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে যে তেওঁ সাংবিধানিক পদত অধিষ্ঠিত অসমৰ সকলো নাগৰিকৰ এজন মুখ্যমন্ত্ৰী৷ কাৰোবাক খতম কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰী হৈছে নেকি? এই প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ৷ এক বিবৃতিত বৰুৱাই কয় আমি দীৰ্ঘদিন ধৰি ৰাজনীতি কৰি আহিছো কিন্তু কোনো ৰাজনৈতিক দলৰ নেতাৰ মুখত এনেধৰণৰ চূড়ান্ত সাম্প্ৰদায়িক কথা আজিলৈকে শুনিবলৈ পোৱা নাই৷ মুখ্যমন্ত্ৰীৰ এই ভাষ্যক অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ৷ মুখ্যমন্ত্ৰীয়ে বিশ্বনাথ চাৰিআলিত কাৰোবাক খতম কৰিবৰ বাবে বিজেপিৰ জন্ম হৈছে জাতীয় যি কথা কৈছে সেয়া বিজেপিৰ দলীয় স্থিতি নেকি বুলি প্ৰশ্ন কৰে? সংখ্যালঘু সম্প্ৰদায়ৰ লোকক খতম কৰিবৰ বাবে বিজেপিৰ জন্ম হৈছে বুলি মুখ্যমন্ত্ৰী জনে যি মন্তব্য কৰিছে সেই মন্তব্য ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সমৰ্থন কৰিব নে নাই বুলি তেওঁ প্ৰশ্ন কৰে৷ বৰুৱাই পৱিত্ৰ ঈদৰ দিনটোত মুছলমানৰ ৰাইজৰ আৱেগ-অনুভূতিক আঘাত হানিব পৰা কথা কোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হৃদয়হীন মুখ্যমন্ত্ৰী আৰু অসমীয়া জাতি-জনগোষ্ঠীৰ বিভাজন আনি নিজৰ ৰাজনৈতিক সুবিধা আদায়ৰ চেষ্টাত ব্যস্ত থকা মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে৷