Logo
image

মন্ত্ৰী পীয়ূষৰ কটাক্ষ- কংগ্ৰেছ এতিয়া অচল নোটৰ দৰে

‘আমাৰ অসম’ৰ আগিয়াৰ প্ৰতিবেদক, ৩১ মাৰ্চঃ কংগ্ৰেছ দল এতিয়া নচলা পাঁচশ টকীয়া নোট৷ কংগ্ৰেছক এতিয়া কোনেও ভোট নিদিয়ে৷ ২০১৪ চনৰ পৰা অসম বিধানসভা, লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত বিজেপি, অগপ, ইউপিপিএল আৰু ৰাভা হাছং যৌথ মঞ্চইহে নিৰ্বাচনত জয়লাভ  কৰি আহিছে৷ কংগ্ৰেছে এটাও নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ আজি আগিয়াত অনুষ্ঠিত হোৱা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই এইদৰে কয়৷ ১৫ নং আগিয়া (মুক্ত) পৰিষদীয় সমষ্টিৰ বিজিপিৰ প্ৰাৰ্থী সূচিত্ৰা নাথৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীয়ূষ হাজৰিকাই পুনৰ কয় যে, কংগ্ৰেছৰ দিনত দুখীয়া ল’ৰা-ছোৱালীয়ে চাকৰি পোৱা নাছিল৷ চাকৰিৰ নামত লাখ লাখ টকা লেনদেন চলিছিল৷ কিন্তু এতিয়া দুখীয়া ঘৰৰ মেধাৱী ল’ৰা-ছোৱালীয়ে বিনা পইছাত চাকৰি পাইছে৷  বিজেপিৰ দিনত অসমৰ ডেৰলাখ যুৱক-যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হোৱা বুলি কৈ মন্ত্ৰী হাজৰিকাই এই কাম একমাত্ৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে সম্ভৱ হোৱা বুলি কয়৷ ইয়াৰ পিছত বিজেপি চৰকাৰে বিনামূলীয়া চাউল যোগান ধৰি অহাকে ধৰি ৩৮ লাখ মহিলাৰ বাবে অৰুণোদয় আঁচনি প্ৰদান কৰা, ২ এপ্ৰিলৰ পিছত উদ্যমিতা মহিলাৰ বাবে দহ হাজাৰ টকাকৈ বেংকৰ একাউণ্টত প্ৰদান কৰা, নিযুত মইনা আঁচনিৰ জৰিয়তে মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা, চাকৰি নোপোৱা যুৱক-যুৱতীৰ বাবে দুই লাখ টকাকৈ প্ৰদান কৰা আদি বহু ভাল কাম কৰি অহা বুলি দাবী কৰে মন্ত্ৰী হাজৰিকাই৷ 


কংগ্ৰেছে দেশখনক শেষ কৰি দি যোৱা ৭০টা বছৰে অসমত মাত্ৰ ৬খন মেডিকেল কলেজহে স্থাপন কৰিছে৷ ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে অসমত ১৮খন মেডিকেল কলেজ স্থাপন কৰি বহু ভাল কাম কৰিছে বুলি কয় মন্ত্ৰী হাজৰিকাই৷ আনকি জিলাই জিলাই একোখনকৈ মেডিকেল কলেজ স্থাপন কৰাৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰীয়েহে চিন্তা কৰিব পাৰে বুলি ভাষণ ৰাখি মন্ত্ৰী হাজৰিকাই এনে চৰকাৰৰ দলৰ প্ৰাৰ্থীকহে ৰাইজক ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনায়৷ মানুহক সহায় কৰা আৰু মানুহৰ বাবে ভাল কাম কৰা বিজেপিৰ দৰে চৰকাৰৰ কাম-কাজক স’ততে সমালোচনা কৰি অহা একাংশ বুদ্ধিজীৱী, গুণী-জ্ঞানীৰ দ্বাৰা গঠিত গুৱিহাটীৰ নাগৰিক সমাজক মন্ত্ৰী পীয়ূষ হাজৰিকাই কংগ্ৰেছৰ দল বুলি অভিহিত কৰে৷ উল্লেখ্য যে, আগিয়া পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ দুৰ্বলতাৰ সুযোগ লৈ নিৰ্দলীয় প্ৰাৰ্থী সাধনা চাংমাই শাসকীয় দলৰ প্ৰাৰ্থীৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হৈ থকা বাবে আগিয়া সমষ্টিত শাসকীয় মন্ত্ৰী পীয়ূষ হাজৰিকা, জয়ন্ত মল্লকে ধৰি অশোক সিংঘাল আৰু বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হোৱা বুলি ভোটাৰৰ মুখে মুখে চৰ্চা লাভ কৰিছে৷