
কামাখ্যা, উমানন্দ, অশ্বক্লান্তত ছাৰা আলী খান
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ মাৰ্চঃ বলীউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খানে দৰ্শন কৰিলে শক্তিপীঠ মা কামাখ্যা দেৱালয়৷ পবিত্ৰ ঈদৰ দিনটোতে সোমবাৰে পুৱা কামাখ্যা মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই বলীউডৰ নবাব ছেইফ আলী খান আৰু অমৃতা সিঙৰ তনয়া ছাৰা আলী খানে৷ আই পি এলৰ দেওবাৰৰ বৰ্ষাপাৰা মেচত নৃত্যানুষ্ঠানত অংশ ল’বলৈ অহা অভিনেত্ৰীগৰাকীয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদৰ দিনটোতে শক্তিপীঠত মাৰ চৰণত পূজা-অৰ্চনা আগবঢ়াই বহু সময় ধ্যানত মগ্ন হৈ পৰাও দেখা যায়৷ নিজেই ইছলাম ধৰ্মত দিক্ষিত যদিও ছাৰা আলী খানে ইয়াৰ পূৰ্বেও ২০২১ চনত কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল৷ ২০২১ চনৰ জুলাই মাহত মান্দাকাটাৰ কমাণ্ডো বেটেলিয়নত এখন তথ্য চিত্ৰৰ শ্বুটিঙত অংশ ল’বলৈ আহি সেইবাৰো কামাখ্যা মন্দিৰত আশীৰ্বাদ লৈছিল ছাৰাই৷ ছাৰা আলী খানে হিন্দুৰ উপাসনাস্থলী শক্তিপীঠ কামাখ্যা দেৱালয়েই নহয়, প্ৰায়ে কেদাৰনাথ মন্দিৰো দৰ্শন কৰি আহিছে৷ সোমবাৰে কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ত প্ৰশাসনৰ ফালৰ পৰা বলীউদ অভিনেত্ৰীগৰাকীক ভি ভি আই পিৰ আতিথ্য দিয়া দেখা যায়৷ আনহাতে ছাৰা আলী খানক কামাখ্যা দেৱালয় কতৃৰ্পক্ষয়ো মন্দিৰৰ স্মাৰক উপহাৰ দি সাদৰ সম্ভাষণ জনায়৷ শক্তিপীঠ দৰ্শনৰ সময়ত ছাৰা আলী খানক সংগ দিয়ে অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ পত্নী আইমী বৰুৱাই৷ কামাখ্যা মন্দিৰ দৰ্শনৰ পাছতেই ছাৰা আলী খানে পোনে পোনে উজান বজাৰৰ জাহাজ ঘাটত উপস্থিত হয়৷ ইয়াৰ পাছতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে পূৰ্বৰে পৰা সাজু কৰি ৰখা এখন ফেৰীত উঠি ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ মন্দিৰ দৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে৷
উমানন্দত পূজা-অৰ্চনা আগবঢ়োৱাৰ পাছতে অশ্বক্লান্ত মন্দিৰো দৰ্শন কৰে৷ ছাৰা আলী খানৰ উমানন্দ আৰু অশ্বক্লান্ত দৰ্শনতো সংগ দিয়ে অভিনেত্ৰী আইমী বৰুৱাই৷ ছাৰা আলী খানে বহু সময় ধৰি লুইতৰ বুকুত নৌকা যাত্ৰা কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰে৷ অভিনেত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বালিচৰত গৰম গৰম মাকৈৰো সোৱাদ লোৱা দেখা যায়৷ ইয়াৰ পাছতেই হোটেললৈ ৰাওনা হোৱা ছাৰা আলী খানে বিয়লি বৰঝাৰ বিমান বন্দৰৰ পৰা মুম্বাইলৈ ৰাওনা হয়৷ উল্লেখ্য, অভিনেত্ৰী ছাৰা আলী খানৰ মাতৃ অমৃতা সিং হৈছে শিখ সম্প্ৰদায়ৰ জীয়ৰী৷ অৱশ্যে ছাৰা আলী খানৰ অসমৰ সৈতে আছে এক আত্মিক সম্পৰ্ক৷ ছাৰাৰ আইতাক অৰ্থাৎ ছেইফ আলী খানৰ মাতৃ হৈছে শৰ্মিলা ঠাকুৰ৷ শৰ্মিলা ঠাকুৰৰ মাতৃ হৈছে অসমৰ ইৰা বৰুৱা৷ ইৰা বৰুৱা হৈছে প্ৰাতঃস্মৰণীয় অসমীয়া জ্ঞানদাভিৰাম বৰুৱাৰ কন্যা৷ অৰ্থাৎ পিতৃৰ পৰিচয়ৰ ফালৰ পৰা ছাৰা ইছলামধৰ্মীয় হ’লেও অসমৰ জ্ঞানদাভিৰাম বৰুৱাৰ বংশধৰ বুলি ক’লেও ভুল কোৱা নহ’ব৷ অৱশ্যে, ভিন্ন ধৰ্মৰ হৈয়ো দেশৰ মঠ-মন্দিৰত পূজা দিয়াক লৈ প্ৰতিক্ৰিয়া হোৱাত দুদিন পূৰ্বে ছাৰাই সংবাদ মাধ্যমৰ আগত চিন্তাকৰ্ষক উত্তৰ প্ৰদান কৰি কয়– ধৰ্ম নহয়, সৰুৰে পৰাই মোক মায়ে এজন ‘ভাৰতীয়’ বুলিহে পৰিচয় দিবলৈ শিকাইছিল৷ যেতিয়া মই বহুত সৰু আছিলো, স্কুলত পঢ়ি আছিলো, তেতিয়া বিভিন্ন ঠাইলৈ গ’লে বিমান বন্দৰত এটা কথাই ভাবিছিলো অমৃতা সিং, ছৈইফ পটাউদী, ছাৰা চুলতানী, ইব্ৰাহিম আলী খান ইমানবোৰ নাম? এই লৈ মাক প্ৰশ্ন কৰাত মোক কৈছিল–ধৰ্ম নহয়, তোমাৰ প্ৰথম পৰিচয় হৈছে তুমি এগৰাকী ‘ভাৰতীয়’৷