Logo
image

ডুপ্লিকেট! বাৰে বাৰে অপমানিত হৈও বিজেপিৰ কাষত নতমস্তক অগপ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ মাৰ্চঃ ডাঃ কমলা কান্ত কলিতা৷ বৰ্তমান অগপৰ সাধাৰণ সম্পাদক৷ খাদী আৰু গ্ৰামোদ্যাগ বোৰ্ডৰ অধ্যক্ষ৷ চৰকাৰ থকাৰ সময়ত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰীও আছিল৷ অথচ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দলৰ এইজন প্ৰতিষ্ঠাপক নেতাক ভুৱা অগপ বুলি আখ্যা দিয়ে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুধনৈ, বকোত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অগপৰ জ্যেষ্ঠ নেতা ডাঃ কমলা কলিতাক ভুৱা অগপ আখ্যা দিছিল৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে কেইজনমান নিৰ্দলীয় প্ৰাৰ্থীলৈ কমলা কলিতা ঘূৰি আছে৷ ৰাভা হাছাঙৰ নিৰ্বাচনত অগপ-বিজেপি-ৰাভা হাছং যৌথ মঞ্চ এক, কিন্তু কমলা কলিতা বেলেগ৷ তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীলৈ ঘূৰি আছে৷ কমলা কলিতা ডুপ্লিকেট এজিপি৷ উল্লেখ্য, কমলা কলিতাক এনেদৰে ভুৱা এজিপি বুলি মুখ্যমন্ত্ৰীয়ে তুলাধুনা দিয়াৰ পাছতে বিজেপি মুখ্য সদৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হ’ল অগপৰ হাইকামাণ্ড অতুল বৰা, কেশৱ মহন্তকে ধৰি অগপৰ নেতৃত্ব৷ অতুল বৰা, কেশৱ মহন্তই ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদি শীৰ্ষ নেতাৰ সৈতে দলেবলে বাজপেয়ী ভৱনত উপস্থিত হয় আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত বহে৷ কমলা কলিতাক মুখ্যমন্ত্ৰীয়ে ভুৱা এজিপি আখ্যা দিয়া প্ৰসংগত অগপ সাংসদ ফণীভূষণ চৌধুৰীয়ে কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলাই কয়–প্ৰতিটো দলতে ভুৱা নেতা থাকে৷ অগপতো নীতি আদৰ্শ পালন নকৰা নেতা আছে৷ এইটোৱে প্ৰথম ঘটনা নহয় য’ত মুখ্যমন্ত্ৰীয়ে অগপ দল বা ইয়াৰ নেতাক তুচ্ছ-তাচ্ছিল্য কৰিছে৷ বিজেপি নেতাৰ দ্বাৰা বাৰে বাৰে অপমানিত হৈ আছে অগপ দল৷ দলীয় নেতৃত্বৰ এনে কৰ্ম-কাণ্ডত ক্ষোভিত হৈ পৰিছে আঞ্চলিক দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী৷ এই সকল নেতা-কৰ্মীৰ প্ৰশ্ন– দলৰ শীৰ্ষ নেতৃত্বই বিজেপিৰ কাষত নতমস্কক কিয়? লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মিত্ৰদল অগপৰ এজন প্ৰতিষ্ঠাপক জ্যেষ্ঠ নেতাক ডুপ্লিকেট, ভুৱা আদি আখ্যা দিয়াৰ পাছতো ৰহস্যজনকভাৱে নীৰব দলটোৰ নেতৃত্ব৷ বাজপেয়ী ভৱনৰ বৈঠকতে হওক বা তাৰ আগে পিছে হওঁক মুখ্যমন্ত্ৰীৰ এনে অপমানসূচক মন্তব্যৰ প্ৰতিবাদ কৰাৰ সাহস নহ’ল অগপ নেতৃত্বৰ৷ নিজৰ দলৰে জ্যেষ্ঠ নেতাক অপমানিত কৰাৰ পাছতো এই ঘটনাৰ প্ৰতিবাদ কৰি যেন মুখ্যমন্ত্ৰীৰ ৰোষত পৰিব বিচৰা নাই অতুল বৰা বা কেশৱ মহন্ত৷ কেৱল অগপ নেতৃত্বই নহয়, অতি লজ্জাজনকভাৱে ডাঃ কমলা কান্ত কলিতা নিজেও তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ নামমাত্ৰ প্ৰতিবাদো কৰা নাই এই পৰ্যন্ত৷ মুখ্যমন্ত্ৰীয়ে তেওঁক ভুৱা-ডুপ্লিকেট অগপ নেতা বুলি কোৱাৰ পাছতো মৌন হৈ আছে প্ৰাক্তন মন্ত্ৰী ডাঃ কলিতা৷ হয়তো তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সত্যতা থকাৰ বাবে মুখ্যমন্ত্ৰীৰ ভাষ্যৰ প্ৰতিবাদ কৰিব পৰা নাই ডাঃ কলিতাই৷ দলীয় নেতৃত্বই হওঁক বা ডাঃ কমলা কলিতাই হওঁক মুখ্যমন্ত্ৰীয়ে দলটোৰ এজন নেতাক ৰাজহুৱাভাৱে ডুপ্লিকেট ভুৱা নেতা বুলি কোৱাৰ পাছতো কোনো এজনে ইয়াৰ প্ৰতিবাদ নকৰা কাৰ্যই সন্দিহান কৰি তুলিছে আঞ্চলিকতাবাদী দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীক৷ আনহাতে ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে ডাঃ কলিতাক কংগ্ৰেছত যোগদানৰ বাবে আমন্ত্ৰণ জনাই কয়– ডুব্লিকেট এজিপি, দুই নম্বৰী এজিপি বুলি কোৱাৰ পাছতো তেওঁ কেনেকৈ থিয় হৈ আছে মই আচৰিত হৈছো৷ তেওঁ বিনাচৰ্তে কংগ্ৰেছত আহি যোগদান কৰক৷ কংগ্ৰেছ এখন মহাসাগৰ৷ এই মহাসাগৰত তেওঁ বিলিন হৈ যাওঁক৷ তেওঁ অনতি পলমে কংগ্ৰেছত যোগদান কৰক৷ তেওঁৰ ওপৰত ইমান বাক্যবান চলি আছে আৰু তেওঁ মুখ বন্ধ কৰি বহি আছে৷ তেওঁ কি ধৰণৰ নেতা৷ তেওঁ কংগ্ৰেছত যোগদান কৰি জীৱনৰ নতুন যাত্ৰা এটা আৰম্ভ কৰক৷

মুখ্যমন্ত্ৰীক উভতি ধৰিলে কামৰূপ জিলা অগপই

‘আমাৰ অসম’ৰ দক্ষিণ কামৰূপৰ প্ৰতিনিধিঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অগপ নেতা ডাঃ কমলা কান্ত কলিতাক ‘ভুৱা অগপ’ বুলি কোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপই৷ দেওবাৰে সন্ধিয়া ২৯নং পলাশবাৰী সমষ্টিৰ অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত কামৰূপ জিলা সমিতিৰ সভাপতি খগেন নাথে মুখ্যমন্ত্ৰীৰ বক্তব্যক তীব্ৰ গৰিহণা দিয়ে৷ তেওঁ উল্লেখ কৰে যে ডাঃ কমলা কান্ত কলিতা অগপৰ জন্মলগ্নৰে পৰা এজন সক্ৰিয় কৰ্মী হিচাপে আছে আৰু ভৱিষ্যতেও অগপতে থাকিব৷ আনহাতে অগপ নেতাজনে বিজেপিহে ভুৱা মিত্ৰতা কৰা বুলি কয়৷ কাৰণ বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই৷ অগপৰ লগত মিত্ৰতাৰ ধৰ্ম পালন নকৰি জনপ্ৰিয় প্ৰাৰ্থী কমলেশ্বৰ দলেক বঞ্চিত কৰি অইন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিছে৷ ডাঃ কমলা কান্ত কলিতাই ৰাভা হাছঙৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা বুলি বিজেপিয়ে ভুৱা প্ৰচাৰ চলোৱা বুলি উল্লেখ কৰি অগপৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ডাঃ কমলা কলিতা দীৰ্ঘদিন ধৰি ৰাজ্যৰ বাহিৰত থকা বুলি উল্লেখ কৰে৷ গতিকে অসমত নোহোৱা ব্যক্তি এজনে কেনেদৰে প্ৰচাৰ চলাব বুলিও প্ৰশ্ন উত্থাপন কৰে৷ অগপ আৰু বিজেপিৰ মিত্ৰতা ওপৰতহে থকা বুলি উল্লেখ কৰি তৃণমূল পৰ্যায়ত মিত্ৰতা হোৱা নাই বুলি কয়৷ অগপ আৰু বিজেপিৰ মিত্ৰতাক ‘ভুৱা’ আখ্যা দি যদিহে মিত্ৰতা আছে প্ৰত্যেক সমষ্টিত অগপৰ কৰ্মীসকল কিয় বঞ্চিত হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে জিলা সভাপতিজনে৷ বিজেপিয়ে বামুণীগাঁও পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী কমলেশ্বৰ দলৈক ভয় খাইছে বুলি উল্লেখ কৰাৰ লগতে মুখত যি আহে তাকে নক’বলৈ মুখ্যমন্ত্ৰীক অগপৰ কামৰূপ জিলা সমিতিয়ে সকীয়াই দিয়ে৷


‘ডুপ্লিকেট এজিপি’ৰ কাম নাইঃ মন্ত্ৰী পীয়ূষ

‘আমাৰ অসম’ৰ দক্ষিণ কামৰূপৰ প্ৰতিনিধিঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা আজি ৩০নং বামুণীগাঁও পৰিষদীয় সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, অসম গণ পৰিষদ মিত্ৰজোঁট সমৰ্থিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অজিত ৰাভাৰ প্ৰচাৰৰ বাবে উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা৷ মন্ত্ৰীজনে ভাষণত উল্লেখ কৰে যে ধনী বা দুখীয়া নহয়, মেধাসম্পন্ন লোকেহে চাকৰি পাব৷ চাকৰি মুখ্যমন্ত্ৰীয়েও দিব নোৱাৰে, নিজে নিজে চাকৰি ল’ব পাৰে নিজৰ মেধাৰ জৰিয়তে৷ বিজেপিয়ে সকলো দিশতে পৰিৱৰ্তন আনিছে বুলি উল্লেখ কৰি কোনো ক্ষেত্ৰতে দুৰ্নীতি হ’ব নিদিয়ে বুলি কোৱাৰ লগতে ছাত্ৰীসকলে যাতে পঢ়া আধাতে বাদ দিবলগা নহয়, তাৰ বাবে নিযুত মইনা আঁচনি লোৱা বুলি কয়৷ ইফালে ‘ডুপ্লিকেট এজিপি’ৰ কোনো কাম নাই বুলি কৈ যোৱাবাৰো এইসকল অগপই কংগ্ৰেছক ভোট দিছে বুলি মন্ত্ৰীজনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷  আগষ্ট-ছেপ্টেম্বৰ মাহৰ পৰা বুথে বুথে ফুৰি অৰুণোদয় আঁচনি পুনৰ দিব বুলি উল্লেখ কৰি ছয়গাঁও অঞ্চলত চিমেণ্টৰ উদ্যোগ হ’ব নিদিয়ে বুলি মন্ত্ৰীজনে ভাষণ কয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাত মোদী চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া বুলি উল্লেখ কৰি কংগ্ৰেছক অকল হিন্দুই পূজা কৰা জন্তু খোৱা জাতিটোৱেহে সমৰ্থন দিয়ে বুলি কয়৷ নিৰ্বাচনী সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বিজেপি অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি প্ৰকাশ দাস, বিজেপিৰ ৰাজ্যিক উপ-সভানেত্ৰী ৰেখা ৰাণী দাস বড়োই ভাষণ ৰাখে৷ সভাত আৰছুৰ উপ-সভাপতি প্ৰদীপ ৰাভা, দলৈপাৰা গাঁও উন্নয়ন সমিতিৰ সভাপতি বিমল শালৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্যকে আদি কৰি বিজেপিৰ কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে৷ সভাত প্ৰাৰ্থী অজিত ৰাভাই নিজৰ ভাষণৰ জৰিয়তে ৰাইজৰ আৰ্শীবাদ বিচাৰে৷

অগপ নেতাক ডুপ্লিকেট লীডাৰ, চাইনিজ বোমা বুলিলে নোমল মমিনে

‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদকঃ ২ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰকাৰ্যৰ আজি বিয়লি ৩ বজাত অন্ত পৰে৷ এনে প্ৰেক্ষাপটত ৰাভা হাছঙৰ নিৰ্বাচনী ৰণত অৱত্তীৰ্ণ হোৱা বিভিন্ন ৰাজনৈতিক দল আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলে আজি চলায় যুদ্ধংদেহী অন্তিম নিৰ্বাচনী প্ৰচাৰ অভিযান৷ কামৰূপ জিলাৰ বকো, বনগাঁৱ আৰু ছয়গাঁও ব্লকৰ অন্তৰ্গত বিভিন্ন পৰিষদীয় সমষ্টি এলেকাত প্ৰাৰ্থীসকলে উলিয়াই বাইক ৰেলী৷ উল্লেখ্য, কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ ভিতৰত ২৯ নং লুকী আৰু ৩০ নং বামুণীগাঁৱ পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ বাবে তীব্ৰ প্ৰত্যাহবানৰ সন্মুখীন হৈছে এন ডি এৰ প্ৰাৰ্থী৷ প্ৰাপ্ত বাতৰি মতে, ২৯নং লুকী পৰিষদীয় সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত এন ডি এৰ প্ৰাৰ্থী তিলোত্তমা ৰাভাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে অৱত্তীৰ্ণ হোৱা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ পত্নী ৰেল্লিনা জে চাংমাই তীব্ৰ প্ৰত্যাহবান হিচাপে ঠিয় দিছে৷ আজি নিৰ্দলীয় ৰেল্লিনা জে চাংমাৰ সমৰ্থনত পৰিষদীয় সমষ্টিটোত উলিয়ায় এক বিশাল বাইক ৰেলী৷ ৰেলীৰ অন্তত সমষ্টিটোৰ শাখাতি দেওবৰীয়া বজাৰত সভা অনুষ্ঠিত হয় এখনি নিৰ্বাচনী সভা৷ সভাত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত সকলো একগোট হোৱাৰ প্ৰতিজ্ঞাবদ্ধ হৈ জয়ধবনি দিয়ে৷ আনহাতে ৩০নং বামুণীগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী কমলেশ্বৰ দলৈয়ে বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ বিজয়ত হেঙাৰ হৈ থিয় দিয়া পৰিলক্ষিত হৈছে৷ উল্লেখ্য, যোৱা কাৰ্যকালৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচিত হোৱা কমলেশ্বৰ এইবাৰ অসম গণ পৰিষদৰ পৰা এন ডি এৰ প্ৰাৰ্থী হিচাবে টিকট নিদিয়াত পৰিষদীয় সমষ্টিটোত নিৰ্দলীয় হিচাপেব অৱতীৰ্ণ হৈছে৷ যাববাবে বিজেপি দলৰ পৰা প্ৰক্ষেপ কৰা প্ৰাৰ্থীক বিজয়ী কৰোৱাৰ বাবে উঠিপৰি লাগিছে বিজেপি নেতৃত্ব৷ ইফালে, আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বকোৰ ৰম্যপুৰত ২৯ নং দক্ষিণ বনগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মিনতি বড়োৰ সমৰ্থনত প্ৰচাৰ চলায় বিধানসভাৰ উপাধক্ষ্য ডাঃ নোমল মমিনে৷ নিৰ্বাচনী প্ৰচাৰ সভাত ডাঃ মমিনে আওপকীয়াকৈ অগপ দলৰ নেতা ডাঃ কমলা কলিতাক কটাক্ষ কৰি তেওঁক ডুব্লিকেট লীডাৰ আৰু চাইনিজ বোমা সদৃশ নেতা বুলি অভিহিত কৰে৷ এতিয়া এনে ডুব্লিকেট লীডাৰৰ কাম নাই বুলি কৈ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত এনডিএৰ প্ৰাৰ্থী মিনতি বড়োক বিপুল ভোটত জয়ী কৰাবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়৷ আজি অন্তিম দিনা বকোৰ পানেৰীত ২৮নং উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত এনডিএৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত পুনৰ অগপ নেতা কমলা কলিতাক লৈ সৰৱ হৈ পৰি তেওক দুই নম্বৰী অগপ নেতা বুলি সমালোচনা কৰে জয়ন্ত মল্ল বৰুৱাই৷  নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী জয়ন্ত মল্লইএক শক্তিশালী আৰু প্ৰগতিশীল ৰাভা হাছং গঠনৰ বাবে এন ডি এৰ প্ৰাৰ্থী আদিত্য ৰাভাক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰিবলৈ ভোটাৰ ৰাইজক আহ৩ান জনায়৷ উক্ত নিৰ্বাচনী প্ৰচাৰ অভিযানত বিজেপি দল আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত থাকে৷