Logo
image

সমুদ্ৰৰ অভিভাৱক বাংলাদেশ ! সাতভনীৰ বিৰুদ্ধে চীনক উচটনি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ এপ্ৰিলঃ  নাও বুৰিলেও যেন টিঙৰ পৰা নানামে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছে এইবাৰ অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখন স্থলভাগতে সীমাবদ্ধ থকাত বাংলাদেশ ‘সমুদ্ৰৰ একমাত্ৰ ৰক্ষক’ বুলিও বিস্ফোৰক দাবী কৰিছে৷ এককথাত বাংলাদেশ বংগোপসাগৰৰ ‘স্বঘোষিত অভিভাৱক’ বুলিও দাবী কৰে মহম্মদ ইউনুছে৷ শত্ৰুৰাষ্ট্ৰ চীন ভ্ৰমণ কৰি এই বিস্ফোৰক মন্তব্য কৰি মহম্মদ ইউনুছে বেইজিঙক বাংলাদেশৰ জলপথ ব্যৱহাৰ কৰি অৰ্থনৈতিক দিশত সীমা সম্প্ৰসাৰণ কৰিবলৈকো উচতনি দিবলৈকো কুণ্ঠাবোধ নকৰিলে৷ মহম্মদ ইউনুছৰ এই বক্তব্যক লৈ দেশৰ লগতে অসমতো এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য, বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে শেহতীয়াকৈ চীন ভ্ৰমণ কৰিছিল৷ চাৰিদিনীয়া বেইজিং ভ্ৰমণত মহম্মদ ইউনুছে চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙক সাক্ষাৎ কৰিছিল৷ ইউনুছৰ চীন ভ্ৰমণৰ এটা সাক্ষাৎকাৰৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ সাক্ষাৎকাৰটোত মহম্মদ ইউনুছে কৈছে–‘পূৰ্ব ভাৰতৰ সাতখন ৰাজ্য, যাক ‘ছেভেন ছিষ্টাৰ্ছ’ বুলি কোৱা হয়, সেইবোৰতো স্থলভাগেৰে আবদ্ধ৷ সাগৰলৈ যোৱাৰ তেওঁলোকৰ কোনো পথ নাই৷ সেয়েহে সেই অঞ্চলত আমিয়েই একমাত্ৰ সাগৰৰ অভিভাৱক৷ ফলত ই বৃহৎ সম্ভাৱনাৰ সৃষ্টি কৰে৷ ইয়াৰ দ্বাৰা চীনৰ অৰ্থনীতিয়ে নিজৰ সীমা সম্প্ৰসাৰণ কৰিব পাৰে৷ কিবা এটা নিৰ্মাণ কৰিব পাৰে, কিবা এটা উৎপাদন কৰিব পাৰে, বজাৰ সৃষ্টি কৰিব পাৰে৷ চীনলৈ বস্তু আনিব পাৰে, চীনৰ পৰা সমগ্ৰ বিশ্বলৈ বস্তু পঠাব পাৰে৷’ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাৰ পাছতেই ছাত্ৰ প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত কৰোৱা শান্তিৰ নোবেলপ্ৰাপক মহম্মদ ইউনুছে ভাৰতৰ শত্ৰুৰাষ্ট্ৰ চীনক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিৰুদ্ধে উচতনিমূলক বিতৰ্কিত মন্তব্য কৰাক লৈ ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়ে বাংলাদেশ চৰকাৰৰ এই মনোভাৱ উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ বাবে অতি বিপজ্জনক বুলিও উদ্বিগ্নতা ব্যক্ত কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালে সামাজিক মাধ্যমত এটা পোষ্টত ইউনুছৰ মন্তব্যৰ ভিডিঅ’টো শ্বেয়াৰ কৰি কয়– ‘ইউনুছে চীনৰ ওচৰত ৰাজহুৱা আবেদন জনাই কৈছে যে ভাৰতত জ্জখন ৰাজ্য স্থলভাগত আবদ্ধ বুলি৷ সেয়েহে বাংলাদেশত  চীনৰ বিনিয়োগক আদৰণি জনোৱা হৈছে৷ কিন্তু ভাৰতৰ জ্জখন ৰাজ্যৰ ভূ-পৃষ্ঠত আৱদ্ধ হোৱাৰ তাৎপৰ্য কি?’ ইফালে, দেশৰ প্ৰতিৰক্ষা বিশেষজ্ঞ ধ্ৰুৱ কাটোচে বাংলাদেশে ভাৰতৰ পৰা উত্তৰ-পূবক বিচ্ছিন্ন কৰি পেলোৱাৰ ভাবুকি দিয়া বুলিও মন্তব্য কৰা দেখা গৈছে৷ লক্ষণীয়ভাৱে, মহম্মদ ইউনুছৰ এই বক্তব্যত উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো৷ ইউনুছৰ মন্তব্য আপত্তিজনক আৰু অতি নিন্দনীয় বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এটা টুইটত কয়– ‘বাংলাদেশৰ তথাকথিত অন্তৱৰ্তীকালীন চৰকাৰৰ মহম্মদ ইউনুছে যি বক্তব্য কৰিছে, য’ত তেওঁ উত্তৰ-পূব ভাৰতৰ সাতখন ভগ্নীৰাজ্যক ভূমিবন্দী বুলি অভিহিত কৰি বাংলাদেশক তেওঁলোকৰ সামুদ্ৰিক প্ৰৱেশৰ ৰক্ষক হিচাপে প্ৰক্ষেপ কৰিছে, সেয়া অতিশয় ক্ষোভজনক আৰু তীব্ৰ নিন্দনীয়৷ মহম্মদ ইউনুছৰ এনে উত্তেজক বক্তব্যক সহজভাৱে লোৱা উচিত নহয়, কাৰণ ইয়াৰ দ্বাৰা গভীৰ কৌশল আৰু দীৰ্ঘম্যাদী কাৰ্যসূচী প্ৰতিফলিত হয়৷ ভাৰতৰ কৌশলগত ‘চিকেন নেক’ কৰিডৰৰ সৈতে জড়িত দুৰ্বলতাৰ স্থায়ী আখ্যানক আলোকপাত কৰিছে৷ ঐতিহাসিকভাৱে ভাৰতৰ ভিতৰৰ আভ্যন্তৰীণ উপাদানসমূহেও উত্তৰ-পূবক মূল ভূখণ্ডৰ পৰা শাৰীৰিকভাৱে পৃথক কৰিবলৈ এই গুৰুত্বপূৰ্ণ পথটো কাটি পেলোৱাৰ বিপদৰ কথা কৈছে৷ গতিকে চিকেন নেক কৰিড’ৰৰ তলত আৰু চাৰিওফালে অধিক শক্তিশালী ৰে’লপথ আৰু পথ নেটৱৰ্ক গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ৷’ ইয়াৰ উপৰি উত্তৰ-পূবক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা বিকল্প পথসমূহ অন্বেষণ কৰিবলৈও অগ্ৰাধিকাৰ দিয়া উচিত, যাতে ‘চিকেন নেক’ক ফলপ্ৰসূভাৱে বাইপাছ কৰিব পৰা যায়৷ ইয়াৰ ফলত অভিযান্ত্ৰিক ক্ষেত্ৰত উল্লেখযোগ্য প্ৰত্যাহ৩ানৰ সৃষ্টি হ’ব পাৰে, কিন্তু ইয়াক ‘দৃঢ়তা আৰু উদ্ভাৱন’ৰ দ্বাৰা লাভ কৰিব পৰা যাব৷’ ইফালে, মহম্মদ ইউনুছৰ বক্তব্যই ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক ক্ষতিগ্ৰস্ত কৰিব বুলি উদ্বেগ ব্যক্ত কৰি লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে এটা টুইটত কয়– ‘ভাৰতৰ বৈদেশিক নীতি ইমানেই দুৰ্বল হৈ পৰাটো দুৰ্ভাগ্যজনক যে ভাৰতে যাৰ স্বাধীনতাক সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল, সেই জাতি এটায়ো এতিয়া কৌশলগত বিৰোধিতাৰ দিশে ঢাল খাইছে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ ৰাষ্ট˜ীয় দিৱস উপলক্ষে বাংলাদেশলৈ পত্ৰ লিখি দুয়োখন ৰাষ্ট˜ৰ মাজত ‘শক্তিশালী সম্পৰ্ক’ৰ ওপৰত আলোকপাত কৰিছিল৷ ইয়াৰ পাছতো উত্তৰ-পূব ভাৰত আৰু চীনৰ সন্দৰ্ভত মহম্মদ ইউনুছে শেহতীয়াকৈ কৰা মন্তব্য অতি উদ্বেগজনক আৰু গ্ৰহণযোগ্য নহয়৷ কিয়নো ই ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক ক্ষতিগ্ৰস্ত কৰে৷’ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মহম্মদ ইউনুছে বেইজিং ভ্ৰমণৰ সময়ত বাংলাদেশৰ নদী ব্যৱস্থাপনাৰ বাবে চীনৰ পৰা ৫০ বছৰীয়া মাষ্টাৰ প্লেন বিচাৰিছে৷ স্বাভাৱিকতেই যদিহে চীনে বাংলাদেশৰ জলসম্পদত মূৰ সোমোৱাৰ কোনো ইংগিত পোৱা যায় তেন্তে সেয়া দিল্লীৰ বাবে অস্বস্তিৰ কাৰণ হ’ব পাৰে৷ কিয়নো মহম্মদ ইউনুছে দাবী কৰিছে যে চীন ‘জলসম্পদ ব্যৱস্থাপনাৰ মাষ্টাৰ’৷ 


ভাৰতৰ জনতা জাগিলে অস্তিত্বই নাথাকিব বাংলাদেশৰঃ  অজাপ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ  ‘ভাৰতৰ অনুগ্ৰহত ভূমিষ্ঠ হোৱা বাংলাদেশ; যিখন দেশৰ নিজৰ দেশত গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা নাই; যিখন দেশৰ প্ৰধামন্ত্ৰীয়ে উন্মাদ জনতাৰ আক্ৰমণৰ ভয়ত নিজ দেশ এৰি পলায়ন কৰে; তেনে এখন দেশৰ অন্তৰ্ৱতীকালীন অস্থায়ী চৰকাৰ প্ৰধানজনে ভাৰতৰ দৰে বিশাল শক্তিৰ বিৰুদ্ধে কথা কোৱাটো সেইখন দেশৰ ধৃষ্টতা৷’– এই বক্তব্য অসম জাতীয় পৰিষদৰ৷ বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে চীনত গৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিৰুদ্ধে কথা কোৱা প্ৰসংগত নিজ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মঙলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এটা প্ৰেছ বিজ্ঞপ্তিত কয় যে বাংলাদেশ এখন শিষ্টাচাৰ নজনা দেশ বাবেই তেওঁলোকৰ দেশৰ জনতাই তেওঁলোকৰ দেশখনৰে জন্মদাতা বংগ বন্ধু মজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিও ভাঙি দিব পাৰে৷ অলপতে চীন দেশলৈ গৈ বাংলাদেশৰ অন্তৰ্ৱতীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ সাতভনী ৰাজ্য উত্তৰ-পূৰ্বাঞ্চলক ‘লেণ্ড লকড এৰিয়া বুলি উল্লেখ কৰি এই অঞ্চলত চীনে বজাৰ [ঔপনিৱেশ] সৃষ্টিৰ সুযোগ আছে বুলি উচটনিমূলক বক্তব্য প্ৰকাশ কৰিছিল৷ ১৯৭১ চনত ভাৰতৰ অনুগ্ৰহত জন্মলাভ কৰা বাংলাদেশত যোৱা বছৰ দেশখনৰ জনসাধাৰণে দেশখনৰ এক অভু্যত্থানৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দেশান্তিৰত কৰিছিল৷ তাৰ পাছত ব্যাপক হিংসা আৰু অস্থিৰতাৰ মাজত নোবেল লৰেট মহম্মদ ইউনুছক অন্তৰ্ৱতীকালীন চৰকাৰৰ মুৰব্বী হিচাপে মনোনিত কৰা হৈছিল৷ সম্প্ৰতি ব্যাপক অস্থিৰতা আৰু অৰ্থনৈতিক অচলাৱস্থাৰ মাজতে মূলতঃ বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ ইউনুছ চীন দেশলৈ গৈছে৷ ভাৰতৰ অনুগ্ৰহত গণতান্ত্ৰিক দেশ হিচাপে অস্তিত্ব বজাই ৰখা বাংলাদেশৰ যিকোনো চৰকাৰ প্ৰধানে প্ৰথম বিদেশ ভ্ৰমণ হিচাপে ভাৰতলৈ আহে৷ কিন্তু বৰ্তমানৰ কেয়াৰটেকাৰ চৰকাৰখনৰ মুৰব্বী মহম্মদ ইউনুছ চীন দেশলৈ গৈছে আৰু তাত গৈ ভাৰতৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থৰ বিপৰীতে এক ধৰণৰ প্ৰৰোচনামূলক বক্তব্য দাঙি ধৰিছে৷ ‘পাকিস্তানৰ কোচত বহি বাংলাদেশৰ অন্তৰ্ৱতীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুচে যদি নিজকে ডাঙৰ শক্তি বুলি ভাবিছে, তেন্তে ইউনুচ আৰু বাংলাদেশে মুৰ্খৰ স্বৰ্গত বাস কৰিছে৷ ভাৰতৰ ১৪০ কোটি জনতাৰ কোপ দৃষ্টি যিদিনাই বাংলাদেশৰ ওপৰত পৰিব সিদিনাই বাংলাদেশ ভষ্মীভূত হৈ যাব৷ নিজে জন্ম দিয়া সৰু দেশ বুলি ভাৰতবাসীয়ে বাংলাদেশক পুতৌহে কৰে, সমীহ নকৰে৷ এই কথা মহম্মদ ইউনিছে জনা ভাল৷’