Logo
image

আজি পঞ্চায়ত ভোট ঘোষণা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ এপ্ৰিলঃ  ৰাজ্যৰ বহু চৰ্চিত আৰু বহু প্ৰতীক্ষীত পঞ্চায়ত নিৰ্বাচনৰ দিন বুধবাৰে ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে বিয়লি ৫ বজাত এখন সংবাদমেলৰ আহ্বান কৰিছে আৰু এই সংবাদমেলতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ’ব বুলি ৰাজ্য চৰকাৰৰ এক সূত্ৰত প্ৰকাশ৷ উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনক লৈ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দীৰ্ঘ দিন ধৰি হোহকা-পিছলা কৰি আছিল৷ পঞ্চায়ত নিৰ্বাচনৰ বিষয়টো আনকি উচ্চ ন্যায়ালয়ৰ মজিয়াও পাইছিল৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী  ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা শেষ হোৱাৰ পাছতেই পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ ঘোষণা হ’ব৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত নাথাকিব দলীয় প্ৰতীক৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ নিৰ্ধাৰিত সীমাৰ ভিত্তিত অনুষ্ঠিত এই নিৰ্বাচন৷ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্ৰতীক থাকিব৷ গাঁও পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীৰ প্ৰতীক চিহ্ন প্ৰদান কৰিব নিৰ্বাচন আয়োগে৷ এইবাৰ প্ৰত্যক্ষ নিৰ্বাচনৰ মাজেদি নহ’ব পঞ্চায়তৰ সভাপতি নিৰ্বাচন৷ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যই নিৰ্বাচন কৰিব সভাপতি৷ আনহাতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ চৰ্ত আৰু নীতি নিয়ম আৰোপ কৰা হ’ব বুলিও সূত্ৰটোত প্ৰকাশ৷ আনহাতে, ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱাপৰ্যন্ত ৰাজ্যৰ জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলক আয়োগৰ পৰা লিখিত অনুমতি অবিহনে ছুটীত নাযাবলৈ নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ জৰিয়তে স্পষ্ট হৈ পৰিল যে ইতিপূৰ্বে যদি এই সময়ছোৱাৰ বাবে কোনো আয়ুক্ত বা সমজিলা আয়ুক্তই ছুটী লৈ থৈছিল, তেন্তে সংশ্লিষ্ট নিৰ্দেশনাৰ দ্বাৰা সেই অনুমোদিত ছুটীও বাতিল হ’ব৷ ছুটী বাতিলকৰণৰ নিৰ্দেশনা এক এপ্ৰিলৰ পৰাই কাৰ্যকৰী হ’ব৷


দুই-এদিনতে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিনঃ  ৰঞ্জিত দাস

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ  পহিলা জুলাইৰ পৰা ৰাজ্যৰ গ্ৰামাঞ্চলৰ বজাৰ সমূহত কৃষিজাত আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰা ক্ষুদ্ৰ কৃষক আৰু দুগ্ধ বিক্ৰেতাসকলে কোনোধৰণৰ খাজনা দিব নালাগে৷  কৰ-কাটল নিদিয়াকৈ গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ কৃষকৰ লগতে দুগ্ধপামৰে জড়িত সকলে ৰাজ্যৰ গাঁও পঞ্চায়ত এলেকাৰ সকলো বজাৰত বিক্ৰী কৰিব পাৰিব নিজৰ উৎপাদিত সামগ্ৰী৷ তেজপুৰত আজি এই বিষয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ উল্লেখ্য যে,  বিহালীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে তেজপুৰ আৱৰ্ত ভৱনত যোৱা নিশাটো কটাই মন্ত্ৰী গৰাকী আজি পুৱা ৰাওনা হয় বিহালীলৈ৷ ইয়াৰ পূৰ্বে আজি স্থানীয় সাংবাদিকৰ প্ৰশ্নোত্তৰত মন্ত্ৰী দাসে লগতে কয় যে, দুই-এদিনতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব৷ ৰাজ্যৰ গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক দিশটোৰ উন্নত কৰিবলৈ অৰাজনৈতিকভাৱে পঞ্চায়ত গঠন কৰিব লাগিব বুলিও মন্তব্য কৰি তেওঁ কোনোধৰণৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব আৰু দলীয় প্ৰতীক চিহ্ন অবিহনে এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৰাইজক যোগ্য ব্যক্তিক নিৰ্বাচিত কৰি সুস্থ-সবল পঞ্চায়ত গঠনৰ বাবে আহ৩ান জনায়৷ আনহাতে, গ্ৰামাঞ্চলত থকা হাট-বজাৰ, দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ নিবিদাৰ ক্ষেত্ৰত বিশেষ সংশোধনীৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী দাসে সদৰী কৰি গ্ৰামাঞ্চলত ৰাজ্য চৰকাৰে অব্যাহত ৰখা কেতবোৰ গঠনমূলক কাম-কাজৰ বিষয়েও দোহাৰে৷ তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোনৰ কথা উল্লেখ কৰি গ্ৰামাঞ্চলৰ উন্নয়ন আৰু ৰাজ্যসমূহ আত্মনিৰ্ভৰশীল হ’লেহে দেশখন আত্মনিৰ্ভৰশীল হ’ব বুলিও মন্তব্য কৰে৷ আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিচত সভাপতি দিলীপ শইকীয়াই দলটোক অধিক সক্ৰিয়তাৰে নতুন গতিত আগবঢ়াই নিয়াৰ বাবে কাম-কাজ আৰম্ভ কৰা বুলিও মন্তব্য কৰে বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি দাসে৷ ইপিনে, ‘অগপত ডুপ্লিকেট নেতা’ ৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰা বিষয়টোৰ সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দাসে ‘সেইয়া অগপৰ সভাপতিয়েহে ক’ব পাৰিব’ বুলি মন্তব্য কৰে৷ মন্ত্ৰী দাসে সেই বিষয়ে তেওঁ জ্ঞাত নহয় বুলি উল্লেখ কৰি লগতে কয় যে, বিজেপি দলত কোনো ডুপ্লিকেট নাই৷ তেওঁ বিজেপি দলত এটা সমৰ্পিত মন লৈ প্ৰতিজন কাৰ্যকৰ্তাই সেৱাৰ মনোভাৱেৰে দলটোত সেৱা আগবঢ়োৱা বুলি সদৰী কৰে৷