Logo
image

উচ্চতৰ মাধ্যমিক বাতিল হ’লেও মেট্ৰিক পৰীক্ষাৰ্থীক টিউচন ফীজ দিব চৰকাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ এপ্ৰিলঃ  এতিয়াৰে পৰা মেট্ৰিক দিবলগীয়া ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে পৰীক্ষাৰ ছমাহ পূৰ্বৰ পৰা মাহে তিনিশ টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব টিউচন ফিজ৷ আজি বিহালীত মহিলা উদৎমিতা আঁচনিৰ শুভাৰম্ভ কৰি ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰে এই বৃহৎ ঘোষণা৷ মুখ্যমন্ত্ৰীয়ে কয়– ‘মই আৰু এটা মনত ভাবি আছোঁ৷ মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে চব ল’ৰা ছোৱালীকে মাষ্টাৰ এটাই চাই দিলে ভাল হয়৷ তেতিয়া ল’ৰা-ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে৷ কিন্তু দুখীয়া মানুহে কেনেকৈ ল’ৰা-ছোৱালীক টিউচন দিব৷ সেই কাৰণে যিমান ল’ৰা-ছোৱালীয়ে মেট্ৰিক পৰীক্ষা  দিব, ছমহি আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই ৩০০কৈ টকা দিম, যাতে মাষ্টৰক টিউচন ফিজ দিব পাৰে৷ গাঁৱত যি ল’ৰা-ছোৱালীয়ে অলপ শিক্ষিত তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক পঢ়ুৱাব পাৰে৷ এখন গাঁৱত ১০গৰাকী মেট্ৰিক পৰীক্ষাৰ্থী আছে, গাঁৱতে এজনী পঢ়াজনা ছোৱালীয়ে তেওঁলোকক টিউচন কৰিব৷ মেট্ৰিক পৰীক্ষাৰ্থীজনৰ বেংক একাউণ্টত মই ৩০০ শ টকা ভৰাই দিম৷ ১০গৰাকী ছোৱালী ল’ৰাই তিনি হাজাৰ পালে৷ গাঁৱৰে ছোৱালীজনীক পইচা কেইটা দিলে সদায়, দুই ঘণ্টা ল’ৰা-ছোৱালী কেইটাক  পঢ়াই দিব৷’


অৱশ্যে মুখ্যমন্ত্ৰীৰ এই ঘোষণাক লৈ যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছে, কিয়নো চৰকাৰীভাৱে কোনো চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীক টিউচন কৰিব নোৱাৰে৷ বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীক টিউচন কৰাত বাধা নিষেধ আছে৷ কিবা বিষয় বুজি নাপালে শ্ৰেণী কোঠাতে বা অতিৰিক্ত ক্লাছৰ মাধ্যমেৰে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক বুজি নোপোৱা বিষয়সমূহ বুজাই দিব লাগে৷ এনে প্ৰেক্ষাপটত চৰকাৰে দিয়া মাহেকীয়া তিনিশ টকীয়া, টিউচন ফ্ৰীজৰ হিতাধিকাৰী মাষ্টৰ স্কুলৰ কৰ্মৰত শিক্ষক হ’লে কি হ’ব–ইয়াকলৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ লক্ষণীয় যে উচ্ছতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ তিনিখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে এইবাৰ এই পৰীক্ষা আধাতে বন্ধ কৰিবলগীয়া হয় ৰাজ্য চৰকাৰে৷ কালি মুখ্যমন্ত্ৰীয়ে ফেচবুকত লাইভত আচম্বিতে ঘোষণা কৰিলে যে ‘বাকী ৰৈ যোৱা উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ পৰীক্ষা নাপাতিলেও হ’ব৷ মই এনে কৰিবলৈ স্কুল ব’ৰ্ডক কৈছো৷’ মুখ্যমন্ত্ৰীৰ এই সন্দৰ্ভত বক্তব্য এনে ধৰণৰ আছিল–  ‘পৰহি, ২৯ মাৰ্চৰ দিনা মই দুধনৈলৈ  যাওতে মোৰ এগৰাকী ভাগিন ছাত্ৰীয়ে মোক কৈছিল– মামা হায়াৰ ছেকেণ্ডাৰী দ্বিতীয় বৰ্ষৰ বাবে আমি মাত্ৰ জ্জ্বমাহহে পাম৷ এপ্ৰিলৰ শেষত বা মে’ত পৰীক্ষা পাতিলে আমাৰ ফাইনেল পৰীক্ষাত যথেষ্ট অসুবিধা হ’ব৷  এই পৰীক্ষাটো নপতাকৈ থাকিব নোৱাৰিনে৷ মই মোৰ ভাগিন ছাত্ৰীগৰাকীৰ কথাত যুক্তি বিচাৰি পাইছো৷  সেয়েহে মই স্কুল বৰ্ডকো আহ৩ান জনাইছো যিহেতু এই পৰীক্ষাত পাছ-ফেইল নাই, গতিকে বাকী থকা দুই-তিনিখন পৰীক্ষা নাপাতিলেও হ’ব৷ অহাবাৰ আমি কেনেকৈ ভাল ধৰণে পৰীক্ষা পাতিব পাৰো, তাৰ বাবে চেষ্টা কৰিব লাগে৷ দোষীসকলক কঠোৰ শাস্তি বিহা হ’ব৷ মই ভাবো মোৰ ভাগিনসকলৰ স্বাৰ্থ সকলোতকৈ ওপৰত৷’ অৰ্থাৎ উচ্ছতৰ মাধ্যমিক বাতিল হ’লেও মেট্ৰিক পৰীক্ষাৰ্থীক টিউচন ফীজ দিব চৰকাৰে৷