Logo
image

তিনিটাতকৈ অধিক সন্তান থাকিলে চৰকাৰী আঁচনি নাপাবঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ বিশ্বনাথ চাৰিআলি আৰু জিনজিয়াৰ প্ৰতিবেদক, ২ এপ্ৰিলঃ  মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ লগতে নাৰী সৱলীকৰণৰ বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ বিহালীত আয়োজিত এক সভাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা   অভিযানৰ অধীনত আত্মসহায়ক গোটৰ যোগ্য মহিলালৈ দহ হাজাৰ টকাকৈ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰি আঁচনিখনৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে এই অভিযানৰ অধীনত গ্ৰামাঞ্চলত ৩০ লাখ আৰু নগৰাঞ্চলৰ ২ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যক প্ৰাৰম্ভিক মূলধন হিচাপে এই উদ্যমিতা পুঁজি প্ৰদান কৰা হ’ব৷ এই উপলক্ষে আজি বিশ্বনাথ জিলাৰ বৰগাংস্থিত নিউ কেটেলা খেলপথাৰত আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নাৰী সবলীকৰণৰ জৰিয়তে এখন সমৃদ্ধশালী অসম গঢ়াৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে বুলি মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসম চৰকাৰে নাৰী সমাজক আৰ্থিক দিশত আগুৱাই নিয়াৰ এক বৃহৎ যাত্ৰাত অগ্ৰসৰ হৈছে৷ এই আঁচনিখনে মহিলা সমাজক সৰ্বতোপ্ৰকাৰে উপকৃত কৰিব৷ তেওঁ লগতে কয় যে ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাৰে বেংক একাউন্ট আছে আৰু ইয়ে চৰকাৰী আঁচনিৰ ধন প্ৰত্যক্ষভাৱে লাভ কৰাৰ দিশত সহায়ক হৈ উঠিছে৷ প্ৰাৰম্ভিক মূলধন হিচাপে ১০ হাজাৰ টকাৰ উচিত ব্যৱহাৰৰ ভিত্তিত দ্বিতীয় বৰ্ষত ২৫ হাজাৰ টকা লাভ কৰিব বুলি উল্লেখ্য কৰি তেওঁ কয় যে ইয়াৰে ১২,৫০০ টকা বেংকে ঋণ হিচাপে আৰু সম-পৰিমাণৰ ধন চৰকাৰী সমৰ্থন হিচাপে লাভ কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে যিসকল মহিলাই ব্যৱসায়ত সফলতা লাভ কৰিব তেওঁলোকে তৃতীয় বৰ্ষত ৫০ হাজাৰ টকা লাভ কৰিব৷ তেওঁ লগতে কয় যে প্ৰথম পৰ্যায়ত বিহালী বিধানসভা সমষ্টিত ২৩,৩৭৫ গৰাকী মহিলাক এই অভিযানৰ অধীনত সামৰি লোৱা হৈছে আৰু ইয়াৰ বাবদ সামগ্ৰিকভাৱে সমষ্টিটোৰ মহিলাসকলে ২৩০ কোটি টকা লাভ কৰিব৷ মহিলাসকলৰ আৰ্থিক উত্তৰণত সহায়ক হোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলা আত্মসহায়ক গোটসমূহে পূৰ্বৰ সকলো সুবিধা লাভ কৰি থাকিব৷


তেওঁ কয় যে ৰাজ্যখনৰ ২.১৭ লাখ মহিলা আত্মসহায়ক গোটলৈ ৰাজ্য চৰকাৰে ১,০৯০ কোটি টকা আগবঢ়াইছে৷ ব্যৱসায়-বাণিজ্যৰ সহায়ক হোৱাকৈ ই-কৰ্মাচ প্লেটফৰ্ম গঢি. তোলা হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমত মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে ১৭,১১৪ কোটি টকা লাভ কৰিছিল আৰু ইয়াৰে ৯৯ শতাংশ ধনেই বেংকক ওভতাই দিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে তিনিটাকৈ নাটক সন্তান থাকিলে চৰকাৰী আঁচনি নাপাবো৷ আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভগৰ মন্ত্ৰী অশোক সিংহল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিধায়ক দিগন্ত ঘাটোৱাল, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, কৃষ্ণ কমল তাঁতী, অমিয় কুমাৰ ভূঞা, খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধ্যক্ষ তথা বিধায়ক সঞ্জয় কিষাণ, উপাধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰল, প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ  অতিৰিক্ত মুখ্য সচিব জে বি এক্কা, জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আজি বিশ্বনাথ জিলাৰ পাভৈৰ ৰূপজ্যোতি কলা পৰিষদ খেলপথাৰত আয়োজিত বিনামূলীয়া বিশেষ স্বাস্থ্য শিৱিৰত অংশগ্ৰহণ কৰে৷ এই শিৱিৰত আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ আৰু মান সম্পন্ন স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যৰ সকলো জিলাৰ গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, ভিচিডিচিত  বিনামূলীয়া¸ বিশেষ স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হৈছে৷ স্বাস্থ্য সন্মত আৰু সুস্থ অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ লৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে সঠিক সময়ত বেমাৰ ধৰিব নোৱাৰা বাবে বিভিন্ন ৰোগৰ দ্বাৰা জনসাধাৰণ আক্ৰান্ত হৈছে৷ প্ৰত্যক বেমাৰৰ চিকিৎসা আছে আৰু সঠিক সময়ত ধৰা পৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে৷ এনে ধৰণৰ স্বাস্থ্য শিবিৰৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস চলোৱা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে অৱসৰপ্ৰাপ্ত  আশা কৰ্মসকলক কৃতজ্ঞতাৰ চিন হিচাপে আশা কৰ্মীলৈ আগবঢ়োৱাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে৷ এই উপলক্ষতে ১০ গৰাকী সেৱাৰ পৰা অৱসৰগ্ৰহণ কৰা আশা কৰ্মীক ২ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হয়৷